Rahul Gandhi Announced:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: ভোট চুৰি তথা জ্ঞানেশ-কাণ্ডৰ বিৰুদ্ধে এইবাৰ দিল্লী কঁপাবলৈ সাজু হৈছে কংগ্রেছ। অহা পহিলা নৱেম্বৰত দলে দিল্লীৰ ৰামলীলা ময়দানত ‘ভোট ৰক্ষা কৰক, দেশক ৰক্ষা কৰক’ শীর্ষক সমাৱেশ আৰু সমদলৰ আয়োজন কৰিছে। এই কার্যসূচীত ১০ লক্ষাধিক লোকে অংশ ল’ব বুলি দলে আশা প্রকাশ কৰিছে।
আনহাতে, দলৰ জ্যেষ্ঠ নেতা ৰাহুল গান্ধীয়ে এই সমাৱেশ-সমদলত অংশ ল’বলৈ ছাত্র-ছাত্রী, কৃষক-শ্ৰমিকৰ পৰা আৰম্ভ কৰি সকলোকে ওলাই আহিবলৈ আহ্বান জনাইছে। উক্ত দিনা সমস্বৰে ভোট চুৰিৰ বিৰুদ্ধে ধ্বনি দিবলৈ আহ্বান জনাই কংগ্রেছ নেতাজনে কয়, ‘আমাৰ ভোট চুৰি হৈ আছে আৰু আমি এই কাণ্ড কোনোপৰিস্থিতিতে নীৰৱে সহ্য কৰি নাথাকো। ভোটাৰ তালিকাৰ পৰা নাম আঁতৰোৱা হৈছে। বিধি আৰু আইন ভংগ কৰা হৈছে। প্রশ্ন সোধাসকলক লাঠিৰ কোব শোধোৱা হৈছে। এতিয়া দেশে ইয়াৰ প্ৰত্যুত্তৰ দিব।’ দলৰ আগন্তুক এই প্ৰতিবাদী কার্যসূচীত সকলোকে দল-বলে অংশ ল’বলৈ তেওঁ আহ্বান জনায়।
আনহাতে, সম্প্রতি দেশজুৰি বিজেপিয়ে বিৰোধীৰ বিৰুদ্ধে সাব্যস্ত কৰি থকা প্রতিবাদক লৈও ৰাহুলে আজি কটাক্ষ কৰে। তেওঁ কয়, ‘বিজেপি আৰু সহযোগী সকললৈ আন্তৰিক ধন্যবাদ জনালো। তেওঁলোকে উৎসাহৰে এই কাৰ্যসূচীক জনতাৰ মাজলৈ লৈ গৈছে।’
ইপিনে, হাৰিয়ানা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সঞ্জয় দত্ত আৰু দলৰ ৰাজ্যিক সভাপতি ৰাও নৰেন্দ্ৰ সিঙে দাবী কৰে যে দলৰ অহা পহিলা নৱেম্বৰৰ দিল্লীৰ প্ৰতিবাদী কার্যসূচীত ১০ লক্ষাধিক লোকে অংশ ল’ব। অৱশ্যে দীপাৱলীৰ পৰিপ্ৰেক্ষিতত এই প্রতিবাদী কার্যসূচী স্থগিত ৰাখিবলৈ একাংশ বাণিজ্যিক সংগঠনে কংগ্ৰেছ নেতা ৰাহুলৰ প্ৰতি আহ্বান জনাইছে। এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত দিল্লীৰ ব্যৱসায়ীসকল ১০ হেজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হ’ব বুলি চেম্বাৰ অৱ ট্রেড এণ্ড ইন্ডাষ্ট্ৰি নামৰ বাণিজ্যিক সংগঠনটোৱে আশংকা কৰিছে।
আনহাতে, এই প্রতিবাদী কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে কংগ্ৰেছ নেতৃত্বই অহা ৩০ অক্টোবৰৰ পৰা পহিলা নৱেম্বৰলৈ দিল্লীত থাকিবলৈ দলৰ সকলো সাংসদক আহ্বান জনাইছে। আজি দলৰ সভাপতি মল্লিকার্জুন খার্গে দলীয় সতীৰ্থসকলৰ প্ৰতি এই আহ্বান জনায়। দলীয় সাংসদবর্গলৈ প্ৰেৰণ কৰা এক বার্তাত খার্গেই কয়, ‘ভোেট চুৰি আৰু মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত অহা ৩০ অক্টোবৰ, ৩১ অক্টোবৰ আৰু পহিলা নৱেম্বৰত দিল্লীত আমাৰ সকলো সাংসদক উপস্থিত থাকিবলৈ আহ্বান জনালো।’
ADVERTISEMENT






























