Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:অসমত পুনৰ আৰম্ভ কৰা হৈছে ন্যূনতম সমর্থিত মূল্য (এমএছপি) ত কৃষকৰ পৰা ধান ক্রয় আঁচনি। উপর্যুপৰি ব্যৰ্থ হোৱা এই আঁচনি ৰূপায়ণৰ বাবে ইতিমধ্যে ৰাজ্যৰ ৩৫ খন জিলাতেই ক্রয় কেন্দ্র মুকলিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আগন্তুক বৰ্ষৰ ৩১ মাৰ্চলৈ ৰূপায়ণ হ’বলগীয়া আঁচনিখনৰ বাবে লক্ষ্যণীয়ভাৱে এইবাৰ মাত্র দুটা সংস্থাকহে ধান ক্রয়ৰ দায়িত্ব অর্পণ কৰা বিষয়টোবে খাদ্য-ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগতে বিশেষ চর্চা লাভ কৰিছে।
ইটোৰ পাছত সিটো সংস্থাই ধান ক্রয়ৰ লক্ষ্যত উপনীত হোৱাত প্রতিবাৰেই ব্যর্থ হৈ আহিছে। সেইবাবে যোৱা ‘চিজন’ত ক্রয় সংস্থাৰ সংখ্যা চাৰিটালৈ হ্রাস কৰা হৈছিল। এইবাৰ সেয়াও দুটালৈ হ্ৰাসৰ সিদ্ধান্ত ল’বলৈ চৰকাৰ বাধ্য হয়। তদুপৰি এইবাৰ কৃষি বিভাগকো প্রক্রিয়াটোত সাঙুৰি লোৱা হৈছে। আকৌ ধান বিক্ৰীৰ বাবে কৃষকক আকর্ষণ কৰিবলৈ এইবাৰো বৃদ্ধি কৰা হৈছে এমএছপিৰ পৰিমাণ।
উল্লেখ্য যে মধ্যভোগী দালালৰ হাতোৰাৰ পৰা ৰাজ্যখনৰ দুখীয়া কৃষকক সকাহ দি প্রাপ্য উপাৰ্জনৰ পথ মোকলাই দিয়াৰ বাবে ধান ক্রয় আঁচনিখন অসম চৰকাৰে গ্ৰহণ কৰিছিল। কিন্তু অভিলাষী আঁচনিখন বাৰম্বাৰ ব্যৰ্থ হৈ আহিছে। ইয়াৰ মূল কাৰণ মধ্যভোগী তথা দালালৰ বাবে থকা সুৰুঙা। পর্যাপ্ত ক্রয় কেন্দ্র নথকা, ধান ক্রয় প্রক্রিয়াত থকা জটিলতা আদি কাৰণবোৰতে মধ্যভোগীয়ে নিজৰ মুনাফা আদায় কৰিবলৈ সক্ষম হোৱা বুলি চর্চিত হৈ আহিছে। অথচ ক্রয় প্রক্রিয়া ত্বৰান্বিত ক্ৰাৰ বাবে প্ৰথমতে ছটা সংস্থাক ধান ক্ৰয়ৰ দায়িত্ব দিয়া হৈছিল।
তদুপৰি ১০ লাখ মেট্রিক টন ধান ক্রয়ৰো লক্ষ্য লোৱা হৈছিল। কিন্তু ক্রয় সংস্থাবোৰ ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিতত ক্ৰয় কৰিবলগীয়া ধানৰ পৰিমাণো হ্রাস কৰি অনা হয়। এইবাৰ সেয়েহে দুটা সংস্থাকহে ধান ক্রয়ৰ দায়িত্ব অর্প কৰা হৈছে। সংস্থা দুটা হ’ল অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেড (এএফচিএছচিএল) আৰু ভাৰতীয় খাদ্য নিগম (এফচিআই)। এইবাৰ ধান ক্রয়ৰ লক্ষ্য লোৱা হৈছে ৮.৪১ লাখ মেট্রিক টন।
ইয়াৰে এএফচিএছচিএলক ৮,৩০,৮০০ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য নির্ধাৰণ কৰি দিয়া হৈছে। আনহাতে, এফ চি আইৰ লক্ষ্যৰ পৰিমাণ হ’ল ১৮,২০০ মেট্রিক টন। বিগত বৰ্ষত ধান ক্রয়ৰ দায়িত্বত থকা কেন্দ্ৰীয় চৰকাৰৰ সংস্থা নাফেড আৰু অসম ৰাজ্যিক কৃষি বিপণন পৰিষদক এইবাৰ দায়িত্ব দিয়া নহ’ল। প্রসংগক্রমে উল্লেখনীয় যে এইবাৰ সাধাৰণ ধানৰ বাবে নিৰ্ধাৰণ কৰা এমএছপিৰ পৰিমাণ হ’ল প্রতি কুইণ্টলত ২,৪৪১ টকা আৰু ‘গ্রেড এ ধানৰ ক্ষেত্ৰত এই পৰিমাণ হ’ল ২,৪৬১ টকা। ২০২৫-২৬ত এই পৰিমাণ আছিল সাধাৰণ ধানৰ ক্ষেত্ৰত ২,৩৬১ টকা আৰু ‘গ্রেড এ’ৰ পৰিমাণ আছিল ২,৩৮৯ টকা।
ADVERTISEMENT






























