RBI:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:অত্যাৱশ্যকীয় তথা খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জনতাক দিশহাৰা কৰাৰ কথা সম্প্ৰতি পৰোক্ষভাৱে স্বীকাৰ কৰিলে নৰেন্দ্ৰ মোদী চৰকাৰে। বয়বস্তুৰ খুচুৰা মূল্যবৃদ্ধিয়ে অতিক্ৰম কৰিলে ভাৰতীয় ৰিজার্ভ বেংকৰ উচ্চ মুদ্রাস্ফীতি সহ্যৰ ঊর্ধ্ব সীমাক। কালি কেন্দ্রীয় পৰিসংখ্যা আৰু কৰ্মসূচী ৰূপায়ণ মন্ত্রণালয়ে প্রকাশ কৰা অনুসৰি, যোৱা অক্টোবৰত দেশত খুচুৰা মুদ্রাস্ফীতি ৬.০৯ শতাংশলৈ বৃদ্ধি পায়।
ইয়াৰ আগৰ মাহত এই মুদ্রাস্ফীতিৰ পৰিমাণ ৫.৫৪ শতাংশ আছিল। অৱশ্যে খুচুৰা মুদ্রাস্ফীতি বৃদ্ধিৰ বাবে মোদী চৰকাৰে খাদ্য বস্তুৰ দাম বৃদ্ধিক জগৰীয়া কৰিছে। চৰকাৰী তথ্য অনুসৰি, সম্প্ৰতি দেশত খুচুৰা মুদ্রাস্ফীতিৰ পৰিমাণ বিগত দুবছৰৰ সৰ্বাধিক হৈছে। লক্ষ্যণীয় যে ভাৰতীয় ৰিজার্ভ বেংকে পূর্বানুমান কৰাতকৈ অধিক বৃদ্ধি পালে খুচুৰা মুদ্রাস্ফীতি। ৰিজার্ভ বেংকে জুলাই-ছেপ্টেম্বৰৰ সময়ছোৱাত খুচুৰা মুদ্রাস্ফীতি সর্বাধিক ছয় শতাংশ হ’ব বুলি পূর্বানুমান প্ৰকাশ কৰিছিল। মূৰকত বেংকৰ এই পূর্বানুমানতকৈ ০.৯ শতাংশ অধিক হয় খুচুৰা মুদ্রাস্ফীতি।
এনেদৰে খুচুৰা মুদ্রাস্ফীতি বৃদ্ধিৰ আঁৰত কেতবোৰ খাদ্য বস্তুৰ মূল্যবৃদ্ধি জড়িত থকা বুলি চৰকাৰে প্ৰকাশ কৰিছে। উদাহৰণ স্বৰূপে যোৱা ছেপ্টেম্বৰত নেমুটেঙাৰ দাম ৩৬.৪১ শতাংশ বৃদ্ধি পায়। পাছৰ মাহত ইয়াৰ মূল্য ৪৭.৩০ শতাংশ বৃদ্ধি পায়। অৱশ্যে আলুৰ মূল্য হ্রাস পাই আছে। যোৱা অক্টোবৰত আলুৰ মূল্য ১৪.২৪ শতাংশ হ্রাস পায়। ইয়াৰ বিপৰীতে মাহটোত পিঁয়াজৰ ১১৬.২২ শতাংশ, নহৰুৰ ৬০.৭৪ শতাংশ, ৰূপৰ অলংকাৰৰ ৫২.৩৯ শতাংশ, আদাৰ ৪৮.৩২ শতাংশ আৰু নেমুৰ ৪৭.৩০ শতাংশ মূল্যবৃদ্ধি পায়।
গতিকে পাচলিত বজাৰত জুই জ্বলিছে। ইয়ে সামগ্রিকভাৱে খুচুৰা মুদ্রাস্ফীতি ৬.০৯ শতাংশলৈ বৃদ্ধি কৰিছে। লক্ষ্যণীয়ভাৱে পৰিস্থিতি শীঘ্ৰে উন্নত হোৱাৰো ইংগিত স্পষ্ট হোৱা নাই। আনহাতে, এটা সংস্থাৰ অৰ্থনীতিবিদসকলৰ মতে, আগন্তুক কিছু মাহত ডলাৰৰ বিপৰীতে টকাৰ মূল্য অধিক হ্ৰাসৰ সম্ভাৱনা আছে। লক্ষ্যণীয়ভাৱে টকাৰ মূল্য হ্রাসেও মুদ্রাস্ফীতিৰ প্ৰতি অৰিহণা যোগায়।
ADVERTISEMENT





























