SI:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:বিশেষ পুনৰীক্ষণ (এছআৰ) ব্যৱস্থাৰে ২০২৭ ৰ ফটোযুক্ত ভোটাৰ তালিকা প্রস্তুতৰ বাবে বৃহস্পতিবাৰে অসমৰ খচৰা তালিকা প্রকাশ কৰা হয়। চলিত বর্ষত চূড়ান্ত ভোটাৰ তালিকা প্রকাশৰ মাত্ৰ সাত মাহৰ বিৰতিতে বৃহস্পতিবাৰে প্রকাশিত খচৰাত লক্ষ্যণীয়ভাৱে লক্ষাধিক ভোটাৰৰ নাম নতুনকৈ সন্নিবিষ্ট হয়।
উল্লেখ্য যে যোৱা বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত প্রকাশিত চূড়ান্ত ভোটাৰ তালিকাত অন্যায়ভাৱে বৃহৎ সংখ্যক লোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তনৰ অভিযোগ উঠিছিল। সেই অভিযোগৰ প্ৰতিক্রিয়া চলি থকাৰ মাজতে আজিৰ খচৰা তালিকাত বৃহৎ সংখ্যক লোকৰ নাম সন্নিবিষ্ট হোৱাটো লক্ষ্যণীয় হৈছে। সদ্য প্রকাশিত খচৰা অনুসৰি, অসমত সম্প্ৰতি ভোটাৰৰ সংখ্যা হ’ল ২,৫১,৭৬,৯১০ গৰাকী। মহিলা ভোটাৰৰ সংখ্যাধিক্য এই খচৰাত পুৰুষ ভোটাৰৰ সংখ্যা হ’ল ১,২৫,৮৭,৬৫০ জন, মহিলা হ’ল ১,২৫,৮৮,৯৩৯ গৰাকী আৰু উভয় লিংগৰ ভোটাৰ হ’ল ৩২১ গৰাকী।
উল্লেখ্য যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে দেশৰ ভিতৰত প্ৰথম তথা একমাত্র এছআৰ ব্যৱস্থাৰে অসমৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্রকাশিত হৈছিল। এই তালিকাত নাম অন্তর্ভুক্ত হোৱা ভোটাৰৰ সংখ্যা আছিল ২,৪৯,৫৮,১৩৯ গৰাকী। আজি মাত্ৰ সাত মাহৰ পাছত প্রকাশিত খচৰা তালিকাত নতুনকৈ ২,১৮,৭৭১ গৰাকী ভোটৰৰ নাম সন্নিবিষ্ট হয়।
ইপিনে, ১৩নৱেম্বৰৰ পৰা অহা ১১ ডিচেম্বৰলৈ ৰাইজে খচৰাখনৰ ওপৰত ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। ২৮ ডিচেম্বৰত ওজৰ-আপত্তি নিষ্পত্তি কৰা হ’ব আৰু তাৰ ভিত্তিত আগন্তুক বৰ্ষৰ চাৰি জানুৱাৰীত ২০২৭ৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হ’ব। এইবাৰৰ নতুন নিয়ম অনুসৰি, এজন লোকে সর্বাধিক ১০ জনৰ ক্ষেত্ৰতহে ওজৰ-আপত্তি দাখিল কৰিব পাৰিব।
ADVERTISEMENT





























