Sonia Gandhi:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:এবাৰ প্ৰাক্তন কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীয়ে কুখ্যাত অপৰাধী চাৰ্লছ শোভৰাজৰ প্ৰেমিকাক আহাৰ খাবলৈ দিছিল। এই ঘটনা সংঘটিত হৈছিল ১৯৭৮ৰ বৰদিনৰ দিনা। তেতিয়া ছোনিয়াৰ শাহুৱেক তথা সদ্যপ্রাক্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধী তিহাৰত কাৰাৰুদ্ধ হৈ আছিল।
একেখন কাৰাগাৰত বন্দী হৈ আছিল শোভৰাজৰ প্ৰেমিকাও। তেওঁক আহাৰ খাবলৈ দিয়াৰ কথা ছোনিয়াই তেওঁক আত্মজীৱনীমূলক গ্রন্থ ‘বিল’ঙিং: এ জার্নি অৱ লাভ’ত উল্লেখ কৰিছে। যোৱা ১০ নৱেম্বৰত প্ৰকাশিত গ্রন্থখনক লৈ ইতিমধ্যে বিশ্বজুৰি চৰ্চা বৃদ্ধি পাইছে।
উল্লেখ্য যে ১৯৭৭৩ জনতা পার্টি কেন্দ্ৰৰ ক্ষমতালৈ অহাৰ পাছত প্রাক্তন প্রধানমন্ত্রী ইন্দিৰাক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। সেই সূত্রে কিছুদিন তেওঁ তিহাৰ কাৰাগাৰত বন্দী হৈ আছিল। এই ঘটনাৰ কথা উল্লেখ কৰি ছোনিয়াই আত্মজীৱনী
মূলক গ্রন্থখনত কয়, ‘মোৰ শাহুৰ অনুৰোধত তেওঁৰ স’তে কাৰাগাৰত বন্দী হৈ থকা তিনিগৰাকী মহিলা আৰু এগৰাকী যুৱতীলৈও দুপৰীয়াৰ আহাৰ লৈ গৈছিলো। যুৱতীগৰাকী অস্ট্রেলিয়ান আছিল। ভাৰত, নেপাল আৰু থাইলেণ্ডত বহুসংখ্যক পৰ্যটকক হত্যা কৰাৰ অপৰাধত শোভৰাজৰ কাৰাদণ্ড হৈছিল।
তিহাৰত বন্দী হৈ থকা অস্ট্রেলিয়ান যুৱতী গৰাকী শোভৰাজৰ সহযোগী আছিল।’ এই সম্পর্কত ছোনিয়াই আৰু কয়, ‘এই যুৱতী গৰাকীৰ প্ৰতি মোৰ শাহুৱে দুখ অনুভৱ কৰিছিল। আৰু যেতিয়া তেওঁ জানিব পাৰিলে যে যুৱতী গৰাকীয়ে গাহৰি মাংস নাখায়, তেতিয়া তেওঁ মুৰ্গীৰ পোৰা মাংস আনিবলৈ দিলে। অৱশ্যে মোৰ শাহুৱে মোক যুৱতী গৰাকীক এই খাদ্য দিবলৈ দিয়া নাছিল। কাৰণ ঘটনাৰ দিনা বৰদিন আছিল। মোক তেওঁ ৰাজীৱ আৰু আমাৰ সন্তানৰ স’তে সময় পাৰ কৰিবলৈ পঠিয়ালে।’
উল্লেখ্য যে শোভৰাজৰ এই প্রেমিকা গৰাকীৰ নাম ছোনিয়াই গ্রন্থখনত উল্লেখ কৰা নাই। তাৰ পৰিৱৰ্তে তেওঁ যুৱতী গৰাকী অস্ট্রেলিয়ান যুৱতীৰূপেহে উল্লেখ কৰিছে। ১৯৭৬ৰ জুলাইত দিল্লীত তিনিগৰাকী মহিলাসহ আৰক্ষীয়ে শোভৰাজক গ্ৰেপ্তাৰ কৰে।
পৰৱৰ্তী সময়ত তেওঁলোকক তিহাৰলৈ নিক্ষেপ কৰা হয়। এই তিনি মহিলাৰ নাম আছিল কানাডাৰ মেৰী এণ্ডি লেক্লার্ক, ব্রিটেইনৰ বাৰাবাৰা স্মিথ আৰু অষ্ট্ৰেলিয়াৰ ছিডনীৰ মেৰী এলেন ইথাৰ। ইয়াৰে মেৰী ১৯৭৮ৰ ডিচেম্বৰত তিহাৰ কাৰাগাৰত বন্দী হৈ আছিল। সম্ভৱতঃ ছোনিয়াৰ তেওঁৰ স’তে সাক্ষাৎ ঘটিছিল। উল্লেখ্য যে ক্লার্কে শোভৰাজৰ স’তে সঘনে ভুৱা পাৰপত্ৰৰে বিভিন্ন দেশ ভ্ৰমণ কৰি ফুৰিছিল। তেওঁৰ হাতত অষ্ট্ৰেলিয়াৰ পাৰপত্ৰ থকা বুলিও সন্দেহ কৰা হয়। সেয়েহে ছোনিয়াই তেওঁক অস্ট্রেলিয়ান বুলি ধাৰণা কৰাৰ থল আছে।
উল্লেখ্য যে ১৯৮৬ত শোভৰাজে তিহাৰ কাৰাগাৰৰ পৰা পলায়ন কৰিছিল। পাছত তেওঁক পুনৰ কৰায়ত্ত কৰা হয়। অৱশ্যে ১৯৯৭৩ তেওঁক মুক্তি দিয়া হয়। পৰৱৰ্তী সময়ত ২০০৪৩ নেপালৰ এখন আদালতে তেওঁক হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰে। অৱশেষত তেওঁ ২০২২ত কাৰামুক্ত হয় আৰু ফ্রান্সলৈ উৰা মাৰে।
# কিয় ইন্দিৰা গান্ধীক কাৰাৰুদ্ধ কৰা হৈছিল
জনতা পার্টি ক্ষমতালৈ অহাৰ পাছত ইন্দিৰাক কাৰাৰুদ্ধ কৰা হৈছিল। ১৯৭৮ৰ ১৯ ডিচেম্বৰত তদানীন্তন প্রধানমন্ত্রী মোৰাৰজী দেশায়ে লোকসভাত গান্ধীৰ বিৰুদ্ধে এক প্রস্তাৱ উত্থাপন কৰিছিল। এই প্রস্তাৱৰ জৰিয়তে গান্ধীক বহিষ্কাৰৰ প্রক্রিয়া কৰা হৈছিল। অৱশেষত তেওঁক সংসদৰ বিশেষ অধিকাৰ ভংগ আৰু সংসদ অৱমাননাৰ অভিযোগত বহিষ্কাৰ কৰা হয়। তেতিয়া গান্ধীয়ে চিকমাগালুৰৰ সাংসদৰূপে কাৰ্যনিৰ্বাহ কৰি আছিল। উক্ত প্ৰস্তাৱত তেওঁক সংসদৰ অধিবেশন সমাপ্ত ঘোষণা নোহোৱালৈকে কাৰাবন্দী কৰাৰ কথা উল্লেখ আছিল।
এই সংক্রান্তীয় গোচৰ সংসদৰ বিশেষ অধিকাৰ সমিতিয়ে উত্থাপন কৰিছিল। তেওঁৰ পুত্ৰ সঞ্জয় গান্ধীৰ মাৰুতি গাড়ী প্রকল্প সম্পর্কত তথ্য সংগ্ৰহ কৰিবলৈ যোৱা চৰকাৰী বিষয়াৰ দলক বাধা দিয়াৰ অভিযোগ উত্থাপন হৈছিল। মার্কিন দূতাবাসৰ মতে, ১৯৭৮ৰ ১৯ ডিচেম্বৰৰ সন্ধিয়া ইন্দিৰাক কাৰাগাৰলৈ নিক্ষেপ কৰা হয়। তেওঁক তিহাৰৰ যি কক্ষত ৰখা হৈছিল, তাত জৰীকালীন সময়ত একাংশ ৰাজনৈতিক বন্দীক ৰখা হৈছিল। পৰৱৰ্তী সময়ত ১৯৮০ৰ জানুৱাৰীত ইন্দিৰা ক্ষমতালৈ উভতি আহে। ইয়াৰ এবছৰৰ পাছত ১৯৭৮ত দেশাই চৰকাৰে তেওঁক কাৰাগাৰলৈ প্ৰেৰণৰ বাবে অনা প্ৰস্তাৱটো লোকসভাই বাতিল কৰে।
১৯৭৮ত ইন্দিৰাক কাৰাগাৰলৈ প্ৰেৰণৰ প্ৰথম দিনা তেওঁক কাৰাগাৰৰ প্ৰৱেশ দ্বাৰত এগৰাকী মহিলা আৰক্ষীয়ে তেওঁৰ শৰীৰত তালাচী চলাইছিল। ঘৰৰ পৰা নিয়া আহাৰ পৰীক্ষা কৰিছিল আৰু তাৰ পাছতহে ভিতৰলৈ নিবলৈ দিছিল। ইন্দিৰাক বন্দী কৰি ৰখা কাৰাগাৰৰ কক্ষটো দেখি দুগালেৰে চকুলো বৈ আহিছিল বুলি ছোনিয়াই গ্রন্থখনত উল্লেখ কৰিছে। এই সম্পৰ্কত তেওঁ কয়, ‘কাৰাগাৰৰ সৰু কুঠৰিটোত তেওঁক এখন ধাতুৰ চকীত বহি থকা দেখা পাই মোৰ চকুৰ পানী বৈ আহিছিল। তেতিয়া বৰফ শীতল ঠাণ্ডা পৰিছিল। কোঠাটোৰ কোনো দুৱাৰ-খিৰিকী নাছিল। লোহাৰ প্ৰৱেশদ্বাৰহে আছিল। লোহাৰ প্ৰৱেশদ্বাৰৰ কিছু অংশ খহটা কম্বলৰে ঢাকি থোৱা হৈছিল। কোঠাটোৰ শৌচাগাৰ উন্মুক্ত আছিল। এডোখৰ থিয় পকী খণ্ডই আছিল তেওঁৰ বিছনা।’
# খুচুৰা বজাৰত ক্ৰেতাৰ উত্থপথপ, অনলাইনতো ক্রয় অগণনৰ
প্রকাশৰ পাছতে কংগ্ৰেছ নেত্রী ছোনিয়া গান্ধীৰ আত্মজীৱনীমূলক গ্রন্থ ‘বিলভিং এ জার্ণী অব লাভ’ ক্রয় কৰিবলৈ সমগ্র দেশৰ বজাৰ-সমাৰত উত্থপথপ পৰিৱেশ সৃষ্টি কৰিছে গ্রাহকে। নতুন দিল্লীৰ বিখ্যাত খান মার্কেটৰ বিপণীৰ পৰা বিগত দুদিনত অগগন পঢ়ুরৈয়ে গ্রন্থখন ক্রয় কৰে। খান মার্কেটৰ ফকিৰ চান্দ বুকষ্ট’লৰ স্বত্ত্বাধিকাৰী অভিনৱ বাক্ষীয়ে এই সম্পর্কত কয়, ‘এখন গ্রন্থ ক্রয়ৰ বাবে মানুহ এনেদৰে উবুৰি খাই পৰাৰ ঘটনা মোৰ জীৱনত এইবাৰ প্ৰথমবাৰৰ বাবে দেখিলো।
গ্ৰন্থখন মুকলিৰ কেইঘণ্টামানৰ পাছতে শতাধিক কপি বিক্ৰী হ’ল। বহু হেজাৰ কপি বিক্ৰী হোৱাৰ সম্ভাৱনা আছে।’ অনুৰূপ পৰিৱেশে বাংগালুৰু, হায়দৰাবাদ, তিৱনন্তপুৰম আদিতো বিৰাজ কৰিছে। গ্ৰন্থখন মুকলিৰ কেইঘণ্টামানৰ পাছতে হায়দৰাবাদৰ ‘আক্ষৰা ব্ৰকছ’সহ অধিকাংশ গ্রন্থ বিপণীৰ পৰা গ্ৰন্থখনৰ সকলো কপি বিক্রী হয়।
তদুপৰি অনলাইনতো দেশ-বিদেশৰ অনেকে ইতিমধ্যে গ্রন্থখন ক্ৰয় কৰিছে। গতিকে গ্রন্থখন ইতিমধ্যে কে’বা লাখ কপি বিক্ৰী হোৱা বুলি ধাৰণা কৰা হৈছে। এই ধাৰা অব্যাহত থাকিলে এইবছৰ গ্ৰন্থখন ‘বেষ্ট ছেলাৰ’ত পৰিণত হোৱাৰ সম্ভাৱনা প্রৱল।
ADVERTISEMENT




























