মাৰাত্মক কৰ’না ভাইৰাছৰ সন্দৰ্ভত টিকটক,হোৱাটছএপৰ দৰে ছ’চিয়েল মিডিয়াত ব্যাপক অপপ্ৰচাৰ অব্যাহত আছছে। ভাৰতীয় মুছলমান সম্প্ৰদায়ৰ শৰীৰত কৰ’না প্ৰতিৰোধক ক্ষমতা আছে আৰু সেয়েহে এই ভাইৰাছে মুছলমানসকলৰ একো ক্ষতি কৰিব নোৱাৰা হেতুকে তেওঁলোকে চৰকাৰী পৰামৰ্শ অনুসৰি সামাজিক দূৰত্ব বজাই ৰখাৰ কোনো প্ৰয়োজন নাই বুলি টিকটক হোৱাটছএপৰ জৰিয়তে একাংশ লোকে অপপ্ৰচাৰ চলাইছে ৷
দিল্লী আৰক্ষীৰ তথ্য অনুসৰি একাংশ লোকে ইচ্ছাকৃতভাৱে এই ধৰণৰ ভিডিঅ’ তৈয়াৰ কৰি ছ’চিয়েল মিডিয়াত অপপ্ৰচাৰ চলোৱাৰ ফলত তলাবন্ধৰ এই সময়ছোৱাত পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাটো প্ৰত্যাহ্বানমূলক হৈছে ৷তলাবন্ধৰ প্ৰথম সপ্তাহত হোৱাটছএপ আৰু টিকটকৰ দৰে এপৰ জৰিয়তে যি ধৰণৰ বিষয়সমূহ শ্বেয়াৰ কৰা হৈছে সেই সন্দৰ্ভত তদন্ত চলাই দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰা মতে,মূলত মুছলমান সম্প্ৰদায়ক প্ৰৰোচনা কৰিবলৈ এই ধৰণৰ নানা ভুৱা ভিডিঅ’ প্ৰচাৰ কৰোটো যথেষ্ট চিন্তনীয় হৈছে ৷
যোৱা পাঁচদিনত ছ’চিয়েল মিডিয়াৰ জৰিয়তে ব্যাপক ৰূপত ভাইৰেল হোৱা ৩০,০০০ ৰো অধিক ভিডিঅ’ বিশ্লেষণ কৰি আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি এইসমূহ ভিডিঅ’ৰ সৰহসংখ্যকে হৈছে ভুৱা আৰু এই পষ্ট’সমূহ নিৰ্দিষ্ট সম্প্ৰদায়ৰ দৰ্শকৰ বাবে হিন্দী আৰু উৰ্দুত তৈয়াৰ কৰা হৈছিল ৷এনে ভিডিঅ’ এতিয়ালৈকে দেশৰ প্ৰায় এক কোটিৰো অধিক লোকে দৰ্শন কৰিছে। প্ৰাথমিক তদন্তত এই ভিডিঅ’সমূহৰ সৰহসংখ্যকে পাকিস্তান আৰু মধ্যপ্ৰাচ্যৰ পৰা প্ৰচাৰিত বুলি তথ্য লাভ কৰা হৈছে ।অৱশ্যে ভাৰতত এই ধৰণৰ ভিডিঅ’ হিন্দীত ডাবিং কৰাৰো প্ৰমাণ আছে। ২২ পৃষ্ঠাৰ তদন্তৰ প্ৰতিবেদনত দিল্লী আৰক্ষীয়ে এইদৰে উল্লেখ কৰিছে ৷