এসময়ত বহিঃৰাজ্যত কাম কৰি পৰিয়ালক পোহপাল দিয়াৰ তথা সম্প্ৰতি ঘৰত থাকি দিন-হাজিয়াৰে উপাৰ্জনৰ কৰা গোসাঁইগাঁও মহকুমাৰ শিমুলটাপু আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰীৰামপুৰ ৰিফুজী কলনীৰ বাসিন্দা সুকুমাৰ বৰ্মন (২২) নামৰ যুৱকজনে বৃস্পতিবাৰে পুৱা প্ৰৱল বৰষুণ হৈ থকা সময়ত ঘৰতে চিপ লৈ আত্মহত্যা কৰে। ঘটনাস্থলীত কাৰ্যবাহী দণ্ডাধীশৰ স’তে আৰক্ষী উপস্থিত হৈ যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ লৈ প্ৰেৰণ কৰে। উল্লেখ যে, তলবন্ধৰ পৰিপ্ৰেক্ষিতত পৰিয়ালটো তীব্ৰ অৰ্থ সংকটত ভোগাৰ ফলত ঘৰতে আবদ্ধ হৈ হতাশ হৈ পৰা যুৱকজনে অৱশেষত আত্মহননৰ পথ বাচি লোৱা বুলি পৰিয়ালে উল্লেখ কৰিছে।
ADVERTISEMENT





























