Kamrup:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:-কুকুৰৰ নেজ কেতিয়াও চিধা নহয় ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল এটা দুর্ধর্ষ অপৰাধীৰ ক্ষেত্ৰত ৷ কিছুদিন পূৰ্বে জালনোট সহ আৰক্ষীৰ জালত পৰি ৰঙাভাত খাবলগীয়া হয় ৷ কিন্ত মুকলি আকাশৰ তললৈ আহি পুনৰ নামি পৰিল পূবৰ বৃত্তিত ৷ পুনৰ অপৰাধীজনিত ঘটনাৰ জড়িত থকাৰ অভিযোগত আটক হ’ল ৷ নকল সোণসহ দেৱজিৎ দেউৰী নামৰ কুখ্যাত অপৰাধীটোক মঙলবাৰে গ্ৰেপ্তাৰ কৰে চাংসাৰি আৰক্ষীয়ে ৷
ADVERTISEMENT
উল্লেখ্য যে ধৃত অপৰাধীটোক দুই জুলাইত জালনোটসহ গ্রেপ্তাৰ কৰিছিল দিছপুৰ আৰক্ষীয়ে ৷ যাৰবাবে কাৰাৰুদ্ধ হয় দুৰ্ধৰ্ষ অপৰাধীটো ৷ কাৰাগাৰ পৰা মুকলি লাভ কৰাৰ পিছতে দেৱজিৎ দেউৰীয়ে পুনৰ আটক হ’ল নকল সোণ সৰবৰাহৰ অভিযোগত ৷































