দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : তিনিচুকীয়াৰ ঔদ্যোগিক ক্ষেত্ৰলৈ এক নতুন গতি অহাৰ সম্ভাৱনা দেখা গৈছে। শেহতীয়াকৈ পোৱা খবৰ অনুসৰি মুম্বাইত প্ৰতিষ্ঠিত আগশাৰীৰ ব্যৱসায়িক গোট জিএছআৰ কৰ্পোৰেট গ্ৰুপে অসমৰ অন্যতম গুৰুত্বপূৰ্ণ বাণিজ্যিক কেন্দ্ৰ তিনিচুকীয়া জিলাত বিনিয়োগৰ বাবে আভ্যন্তৰীণ পৰিকল্পনা হাতত লৈছে।
তথ্য অনুসৰি,এই গোটৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ গগৈ আৰু অধ্যক্ষ ৰিজুমণি গগৈৰ নেতৃত্বত এই পৰিকল্পনা আগবঢ়োৱা হৈছে । বিত্তীয় নগৰী মুম্বাইৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ এই প্ৰান্তলৈ পুঁজি আৰু আধুনিক প্ৰযুক্তি কঢ়িয়াই অনাৰ এই প্ৰচেষ্টাই স্থানীয় বাণিজ্য মহলত ইতিমধ্যে ইতিবাচক চৰ্চাৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি,এই বিনিয়োগ সাধাৰণ বাণিজ্যিক বিতৰণত সীমাবদ্ধ নাথাকি অধিক ভৱিষ্যমুখী আৰু প্ৰয়োজনীয় খণ্ডত কেন্দ্ৰীভূত হ’ব। বিশেষকৈ স্বাস্থ্যসেৱা সামগ্ৰী আৰু সেউজ প্ৰযুক্তিৰ দৰে দুটা গুৰুত্বপূৰ্ণ খণ্ডক ইয়াত অগ্ৰাধিকাৰ দিয়া হৈছে।
তিনিচুকীয়া তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত গুণগত মানসম্পন্ন চিকিৎসা সামগ্ৰী আৰু সঁজুলিৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে স্থানীয় পৰ্যায়তে এক সু-ব্যৱস্থা গঢ়ি তোলাৰ চিন্তা কৰা হৈছে।
একেদৰে বৰ্তমান বিশ্বৰ পৰিৱেশ সুৰক্ষাৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি নবীকৰণযোগ্য শক্তি আৰু পৰিৱেশ-অনুকূল প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধিৰ জৰিয়তে উদ্যোগ খণ্ডত এক নতুন মডেল গঢ়াৰ পৰিকল্পনাও এই আঁচনিত অন্তৰ্ভুক্ত হৈ আছে।
এই দূৰদৰ্শী পদক্ষেপে কেৱল ব্যৱসায়িক দিশটোকে টনকিয়াল নকৰিব, ইয়াৰ লগতে তিনিচুকীয়াৰ স্থানীয় যুৱক-যুৱতীসকলৰ বাবে প্ৰযুক্তিগত আৰু পেছাদাৰী কৰ্মসংস্থাপনৰ নতুন দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে।
অসমৰ অৰ্থনীতিত তিনিচুকীয়াৰ ভূমিকা সদায়েই উল্লেখযোগ্য আৰু জিএছআৰ কৰ্পোৰেট গ্ৰুপৰ শীৰ্ষ নেতৃত্বৰ এই আগ্ৰহে ৰাজ্যৰ সামগ্ৰিক ঔদ্যোগিক বাতাবৰণ অধিক শক্তিশালী কৰি তুলিব। প্ৰাথমিক পৰ্যায়ত এই খবৰ পোহৰলৈ অহাৰ পিছতে স্থানীয় সচেতন মহলে ইয়াক এক অত্যন্ত ইতিবাচক সংকেত হিচাপে আদৰণি জনাইছে আৰু অহা দিনত ইয়াৰ আনুষ্ঠানিক ৰূপৰেখা প্ৰকাশ পোৱাৰ বাবে সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰিছে।































