তলাবন্ধৰ মাজতে সোমবাৰে নিশা প্ৰায় আঠ বজাত তেজপুৰৰ দুৰ্গাবাড়ীত সম্পন্ন হ’ল এক ব্যক্তিক্ৰমী বিবাহ । কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ দেশজোৰা তৃতীয় পৰ্যায়ৰ তলাবন্ধ আৰম্ভ হোৱাৰ দিনাই জিলা প্ৰশাসনৰ অনুমতিলৈ যোৰহাটৰ মৰিয়নিৰ পৰা মাত্ৰ সাত গৰাকী বৰযাত্ৰী লৈ দৰা দীপাঙ্কৰ ভট্টাচাৰ্য উপস্থিত হয় সাংস্কৃতিক নগৰী তেজপুৰৰ দুৰ্গাবাড়ীত ৷ কইনা হ’ল অঞ্চলটোৰ প্ৰতিষ্ঠিত গাংগুলী পৰিয়ালৰ সংযুক্তা গাংগুলী ৷ দৰা কইনা দুয়োৱে হাত চেনিটাইজ কৰি হেণ্ড গ্লোভছ পৰিধান কৰি হোমৰ ওচৰত বহে। চৰকাৰী নিৰ্দেশনা অনুসৰি দৰা কইনাৰ লগতে পুৰোহিতেও পৰিধান কৰিলে মাস্ক ৷ এইদৰে মাস্ক পৰিধান কৰিয়েই সম্পূৰ্ণ বৈদিক ৰীতি নীতিৰে অতি সতৰ্কতাৰে সম্পন্ন হ’ল দীপাঙ্কৰ আৰু সংযুক্তাৰ বিয়া। উল্লেখযোগ্য যে কইনা পক্ষৰ চাৰি গৰাকী লোকৰ বাহিৰে এই বিবাহলৈ সাৱধানতা অৱলম্বন কৰিয়েই অধিক লোকক নিমন্ত্ৰণ কৰা হোৱা নাছিল।





























