জুহালৰ পৰা ধোঁৱা ওলাই আছে ৷ জুহালত থকা পাত্ৰত সিজি আছে খাদ্য ৷ ক্ষুধাতুৰ শিশুহঁতো অপেক্ষাত, ৰন্ধা হ’লেই মাকে সিহঁতক খাবলৈ দিব। কে’বাদিনো সিহঁতে পেট পুৰাই খোৱাটো দূৰৰে কথা,খুদকণ এটাও পোৱা নাই । অথচ ভোকত কলমলাই থকা শিশুহঁতে নাজানে মাকে আচলতে সিহঁতক ভুৱা দিহে আছে । সৰু সৰু আঠটি ভ্ৰাতৃ ভগ্নীৰ আশাৰ থল একমাত্ৰ সিহঁতৰ মাতৃ পেনিনা বাহাটি কিৎছো। যোৱা বছৰ দুৰ্বৃত্তই সিহঁতৰ পিতৃক হত্যা কৰিছিল। ঘৰৰ পৰা কিছু নিলগৰ একাংশ বাসগৃহত কাপোৰ ধোৱা কাম কৰি মাকে সামান্য উপাৰ্জন কৰি আঠ সন্তানৰ ভোক নিবাৰণ কৰি আহিছিল ।
কিন্তু কৰ’না ভাইৰাছৰ কাৰণে সেই ন্যূনতম উপাৰ্জনো বন্ধ ৷ ফলত অনাহাৰে থকা সন্তানক সন্মুখত লৈ জুইৰ ওপৰত এটা পাত্ৰ ৰাখি খাদ্য ৰান্ধি থকা মাতৃ পেনিনাই অপেক্ষা কৰি আছে তেওঁৰ সন্তানকেইটিয়ে আহাৰৰ আশাত ৰৈ থাকি এটা সময়ত পেটত ভোক লৈয়ে নিদ্ৰাদেৱীৰ কোলাত ঢলি পৰিব। অন্তত এনেদৰে পাৰ হ’ব এটা দিন । কাৰণ তেওঁহে জানে পাত্ৰত কেৱল উতলি আছে পানী আৰু সেই পানীত তেওঁ খাদ্যৰ পৰিৱৰ্তে সিজাই আছে কেইটামান শিলাগুটি ৷ কেনিয়াৰ মোছাম্বৰ সেই দুকোঠলীয়া বাসগৃহটোৰ পৰা পেনিনাৰ সন্তানকেইটিৰ ক্ৰন্দন শুনি খবৰ ল’বলৈ আহিছিল প্ৰতিবেশী এগৰাকী মহিলা । প্ৰিস্কা ম’মানি নামৰ মহিলাগৰাকীয়ে কাণ্ড দেখি হতবাক হৈ পৰে ৷পেনিনাৰ অসহায় অৱস্থা দেখি তেওঁ সংবাদ মাধ্যমক বিষয়টো অৱগত কৰে ।
মাতৃগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে ল’ৰাছোৱালী কেইটাই ভাবিছিল মই খাদ্য ৰান্ধি আছো। বহু পাছতহে সিহঁতে বুজিব পাৰিলে যে মই আচলতে সিহঁতক ঠগিহে আছো ৷ সিহঁতে সেই কথা কৈ কৈ কান্দিবলৈ ধৰিলে। কিন্তু মই নিৰৱে আছিলো ৷ কাৰণ ইয়াৰ বাহিৰে যে মোৰ কৰিব লগীয়া একোৱেই নাছিল। পেনিনাৰ সেই সাক্ষাৎকাৰে সমগ্ৰ দেশখনতে তোলপাৰ লগাই ৷ সম্প্ৰতি হাজাৰ হাজাৰ লোক আগবাঢ়ি আহিছে তেওঁক সহায় কৰিবলৈ। লগতে পেনিনাই কয় “বিশ্বাসেই হোৱা নাই যি কেনিয়াৰ মানুহে ইমান ভাল পাব পাৰে। সমগ্ৰ দেশৰ পৰাই ফোন আহিছে । সকলোৱেই জানিব বিচাৰিছে কি দৰে তেওঁলোকে সাহায্য কৰিব পাৰে ৷” উল্লেখযোগ্য যে কেনিয়াত এই পৰ্যন্ত ৪১১ জন লোক আক্ৰান্ত হৈছে । ইয়াৰে ২১ জনৰ মৃত্যু হৈছে।






























