Dhubri:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:পশ্চিম অসমৰ কে’বা খনো জিলাত শেহতীয়াকৈ বৃদ্ধি পাইছে প্ৰচণ্ড গৰম ৷ ধুবুৰী জিলা শিক্ষা বিভাগে এক নিৰ্দেশনা যোগে উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি জিলা খনৰ চৰকাৰী বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰিছে ৷
ADVERTISEMENT
সেই অনুসৰি এল পি স্কুলৰ শিক্ষার্থীসকলৰ বাবে পুৱা ৭ বজাৰ পৰা ১১:৩০ বজালৈ,এম ই স্কুলৰ শিক্ষার্থীসকলৰ বাবে পুৱা ৭:৩০ বজাৰ পৰা ১২ বজালৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষার্থীসকলৰ বাবে পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২:৩০ বজালৈ পাঠদান হ’ব ৷ উল্লেখ্য যে জিলা খনত নতুন সময়সূচী অনুসৰি পাঠদান হ’ব ৩১আগষ্টৰ পৰা ৷




































