Dispur:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:মহানগৰীৰ দিছপুৰ অঞ্চলত চুৰি কাৰ্য সংঘটিত কৰি অহা দুই গভাইত চোৰ দিছপুৰ আৰক্ষীৰ জালত পৰে ৷ আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত ছুপাৰমাৰ্কেটৰ লাষ্টগেটত অৰ্তকিতে অভিযান চলাই দুই গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত চোৰ দুটাৰ পৰা সোণৰ আ-অলংকাৰ, পাঁচটা ম’বাইল সহ বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰে ৷ ধৃত চোৰ দুটা হ’ল ৰছিদুল ইছলাম আৰু ৰফিক খান ৷
ADVERTISEMENT




































