শোণিতপুৰ জিলাৰ নদুৱাৰৰ অন্তর্গত ধলাইবিলত এটা সদ্যজাত ছাগলী পোৱালি জন্মক লৈ একাংশ মানুহৰ বাঢ়িছে উৎসুকতা । সদ্যজাত এই পোৱালিটো আন পোৱালিতকৈ পৃথক। আজি ধলাইবিলৰ নাহৰজানত এজোপা আহত গছৰ তলত জন্ম লাভ কৰা এই ছাগলী পোৱালিৰ মুখৰ অৱয়ব এটা গঁড়ৰ দৰে বুলি কয় দৰ্শনাৰ্থীসকলে।
উল্লেখ্য যে আজি দিনৰ ১১ মান বজাত এজনী ছাগলীয়ে তিনিটাকৈ পোৱালিৰ জন্ম দিয়ে যদিও দুটা পোৱালি সম্পূৰ্ণ সুস্থ হোৱাৰ বিপৰীতে আনটো পোৱালি মৃত অৱস্থাত গঁড়ৰ আকৃতিৰে জন্ম হয়। গাত নোম নথকা উক্ত পোৱালিটোৰ নাই চকু। ঠিক গঁড়ৰ খড়ৰ্গৰ স্থানতে পোৱালিটোৰো আছে সৰুকৈ এটা অংগ। এই অদ্ভুত ছাগলী পোৱালিটোৰ জন্মৰ খবৰ বিয়পি পৰাৰ লগে লগে বহু লোক আহি সেই ঠাইত উপস্থিত হয় । অৱশ্যে এই ঘটনাক একাংশ লোকে অস্বাভাৱিক বুলি ক’লেও আন একাংশই গৰ্ভস্থাত ঘটা কেতবোৰ বিসংগতিৰ কাৰণেই ছাগলী পোৱালিটো এনে আকৃতিৰে জন্ম হয় বুলি মন্তব্য কৰিছে।






























