দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : আ-অলংকাৰৰ প্ৰতি মানুহৰ আকৰ্ষণ অতীজৰে পৰা থকা বুলি কোৱা হয়। তৎসত্ত্বেও অবিশ্বাস্য হ’লেও সত্য যে ব্ৰঞ্জৰ যুগতে সম্ভ্রান্ত গ্রীক পুৰুষ-মহিলাসকলে অলংকাৰ পৰিধান কৰিছিল। এই অলংকাৰ তেওঁলোকে পৃথিৱীত খহি পৰা উল্কা পিণ্ডৰ লোহাৰে তৈয়াৰ কৰি লৈছিল।
লক্ষ্যণীয়ভাবে তেতিয়ালৈ ব্ৰঞ্জৰ যুগত গ্রীচত লোহাৰ ব্যৱহাৰ একপ্ৰকাৰ নাছিলেই। অথচ এনে অৱস্থাতে গ্রীক সম্ভ্রান্ত পুৰুষ-মহিলাসকলে লোহা সম্পর্কে অৱগত হৈছিল। প্রাচীন গ্রীকসকলে এনে অলংকাৰ পৰিধান কৰাৰ তথ্য উদ্ধাৰ কৰিছে দুগৰাকী গৱেষকে। ফ্রান্সৰ ‘নেচনেল মিউজিয়াম অৱ নেচাৰেল হিষ্টী’ৰ গৱেষক মেথিউ গৌনেল আৰু নেচনেল এণ্ড কাপ’ডিস্ট্রিয়ান ইউনিভাৰছিটি অৱ এথেন্সৰ গৱেষক এলেনি মণ্টজৌৰাণিয়ে পাঁচ বছৰ ধৰি সম্পন্ন কৰা এক গৱেষণাত এই তথ্য পোহৰলৈ আহিছে।
এই গৱেষণাত গৱেষক দুগৰাকীয়ে ব্ৰঞ্জৰ যুগ আৰু প্ৰাক লৌহ যুগৰ ১০৫ ডোখৰ লোহাৰ শিল্পকর্ম পৰীক্ষা কৰি প্ৰাচীন গ্রীকসকলে লোহাৰে তৈয়াৰ কৰা অলংকাৰ সন্দর্ভত এই তথ্য পোহৰলৈ আনিছে। তেওঁলোকে অধ্যয়ন কৰা এই লোহাৰ শিল্পকর্মসমূহ ১৯টা সংগ্রহালয়ত মজুত আছে। এইসমূহ ৩৩ খন পুৰাতাত্ত্বিক ক্ষেত্ৰৰ পৰা উদ্ধাৰ কৰা।
এই ১০৫টা শিল্পকৰ্মৰ ৯১টা লোহাৰ। এই লোহাৰ শিল্পকর্ম গৱেষকদ্বয়ে প’র্টেবল এক্সৰে ফ্ল’ৰচেন্স ব্যৱহাৰ কৰি অধ্যয়ন কৰে। ইয়াৰে ১৩টা শিল্পকর্মত উল্লেখনীয় পৰিমাণৰ নিকেলো তেওঁলোকে উদ্ধাৰ কৰে। ইয়াৰ দ্বাৰা তেওঁলোক এই সিদ্ধান্তত উপনীত হয় যে এই শিল্পকর্মসমূহ উল্কাপিণ্ডৰ পৰা সংগৃহীত লোহাৰে তৈয়াৰী।
বিশেষকৈ নটা শিল্পকর্ম উল্কাপিণ্ডৰ লোহাৰে তৈয়াৰ কৰাটো একপ্ৰকাৰ নিশ্চিত কৰিছে। আন তিনিটা শিল্পকর্মক লৈ গৱেষকদ্বয়ৰ অধ্যয়ন বর্তমানে অব্যাহত আছে। এই পৰীক্ষাৰ দ্বাৰা এই কথাও প্রতিপন্ন হৈছে যে তিনি হেজাৰ বছৰ পুৰণি গ্ৰীচৰ মিনোৱান আৰু মাইচেনিয়ান সমাজৰ অভিজাত শ্রেণীয়ে উল্কাপিণ্ডৰ পৰা উদ্ধাৰ কৰা লোহাৰে তৈয়াৰী আ-অলংকাৰ পৰিধান কৰিছিল। এনে ধাতু বিৰল তথা মূল্যবান সম্পদ বুলি চিহ্নিত হৈ আহিছে।
উল্লেখ্য যে উক্ত গবেষকদ্বয়ে যি ১৩টা শিল্পকর্ম পৰীক্ষাৰ জৰিয়তে এই তথ্য উদ্ধাৰ কৰিছে সেই ১৩ শিল্পকর্ম হ’ল আঙঠি। তেওঁলোকৰ এই সম্পৰ্কীয় গবেষণাপত্র জার্ণেল অৱ আর্কিঅ’লজিকেল ছায়েন্সত প্রকাশ পাইছে।
এই গৱেষণাপত্ৰত কোৱা হৈছে যে প্রাচীন শিল্পকর্ম কেইটাৰ কোনো ক্ষতিসাধন নোহোৱাকৈ এই পৰীক্ষা সম্পন্ন কৰা হৈছে। পৰীক্ষাৰ বাবে বাছি লোৱা ৯১টা শিল্পকৰ্মৰ ৭৮টাতে নিকেলৰ উপস্থিতি গৱেষকদ্বয়ে ধৰা পেলোৱা নাই।
উল্লেখ্য যে এই শিল্পকর্মসমূহ তৈয়াৰৰ সময়ত গ্ৰীচত লোহাৰ প্রচলন ব্যাপক নাছিল যদিও তেতিয়াও অস্ত্র-শস্ত্র, আহিলাপাতি আৰু অন্যান্য সামগ্রী লোহাৰে তৈয়াৰ কৰা হৈছিল। উক্ত গৱেষকদ্বয়ে পৰীক্ষা কৰা আঙঠিসমূহৰ বিস্তৃত, বৃহৎ চিত্রও আছে। এই আঙঠিসমূহৰ কমেও নটা সোণ, ৰূপ, ব্ৰঞ্জৰ স’তে লো মিহলাই তৈয়াৰ কৰা হৈছিল। এই লো পৃথিৱীত খহি পৰা উল্কাপিণ্ডৰ পৰা সংগ্ৰহ কৰা হৈছিল।
এনেদৰে ব্ৰঞ্জৰ যুগৰ গ্ৰীক আঢ্যৱন্ত শ্ৰেণীৰ লোকসকলে নিজকে সজাই-পৰাই তুলিছিল। ইয়ে তেওঁলোক যে সমাজত বিশিষ্ট সেয়াও প্রতিপন্ন হৈছিল।
অৱশ্যে খ্রীষ্টপূর্ব দ্বাদশ শতিকাত উল্কাপিণ্ডৰ পৰা সংগৃহীত লোৰে আঙঠি বা অলংকাৰ তৈয়াৰৰ অভ্যাস সমসাময়িক গ্রীক আঢ্যবন্ত শ্ৰেণীৰ পৰা নোহোৱা হয়। ইয়াৰ কাৰণ তেতিয়া পূব ভূমধ্য সাগৰৰ পৰা দক্ষিণ গ্ৰীচৰ সমাজলৈ বৃহৎ পৰিৱৰ্তন আহিছিল। এই পৰিৱৰ্তনে উল্কাপিণ্ডৰ পৰা সংগৃহীত লোহাৰে আ-অলংকাৰ তৈয়াৰৰ প্ৰতি গ্ৰীক আঢ্যবন্ত শ্ৰেণীৰ আকৰ্ষণ নোহোৱা কৰে।
ইয়াৰ পৰিৱৰ্তে তেওঁলোকে পৃথিৱীৰ খোলাৰ পৰা সংগ্ৰহ কৰা লোহাৰ প্ৰতি আকৰ্ষিত হ’বলৈ ধৰে। পৃথিৱীৰ লোক উল্কাপিণ্ডৰ লোতকৈ অধিক গুৰুত্ব প্ৰদানৰ পৰম্পৰা তেওঁলোকৰ মাজত গঢ়ি উঠে। লৌহ যুগত গ্রীকসকলে লোহাক দৈনন্দিন জীৱনৰ অগতানুগতিক আৰু সন্মানীয় সম্পদৰূপে গণ্য কৰিবলৈ লৈছিল।




































