NepalFlood : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক: প্ৰকৃতিৰ ধ্বংসলীলাত ছাৰখাৰ চৌদিশ।বোকা-পলসৰ তলত বুৰ গৈছে বিস্তীর্ণ অঞ্চল। ভয়াৱহ আকস্মিক বানৰ প্রকোপত নিমিষতে নিশ্চিহ্ন হৈ পৰিছে ইখনৰ পাছত সিখন গাঁও। ইয়াৰ পাছতো বানৰ সতর্কতা জাৰি আছিল।
এই ধ্বংসলীলাৰ মাজতো যেন জীয়াই থাকিল প্রেম। এনে ভয়ংকৰ পৰিস্থিতিত প্রতি পলতে মৃত্যুৰ আশংকা সত্ত্বেও নিজৰ ঘৰ এৰি, প্রিয়জনৰ হাত এৰি নিজৰ বচাবলৈ পলায়ন নকৰিলে এগৰাকী বৃদ্ধাই।
তেওঁৰ কাহিনীয়েও সম্প্রতি বহুজনৰ দুচকু সজল কৰিছে। বৃদ্ধাগৰাকী নেপালৰ ত্রিশূলী বজাৰৰ বাসিন্দা। তেওঁৰ অসুস্থ স্বামী সম্প্রতি শয্যাশায়ী। তেওঁ খোজকাঢ়িবও নোৱাৰে।
আকস্মিক বানৰ মহাপ্ৰলয়ৰ পাছতো প্রতি মুহূৰ্ততে সতর্কতা জাৰি কৰিছিল নেপালৰ বতৰ বিভাগে। ভয়ংকৰ মহাপ্রলয়ৰ পাছত সন্ধানহীন প্রিয়জনৰ সন্ধানত দিন-ৰাতি একাকাৰ কৰি বিচাৰি ফুৰিছে বহু লোকে। সন্ধানহীনৰ সাম্প্ৰতিক খবৰ পোৱাৰ বাবে উন্মুখ হৈ আছে আন বহুতো।
এনে পৰিস্থিতিৰ মাজতে নিজৰ ঘৰখনক সাৱটি, বৃদ্ধ স্বামীক সাৱটি বহি আছিল সেই বৃদ্ধা। কিয় ঘৰ এৰি যোৱা নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত আমাং নামৰ বৃদ্ধাগৰাকীয়ে কয়, ‘মোৰ স্বামী বৃদ্ধ, তেওঁ খোজকাঢ়িবও নাৱাৰে। সেই বাবেই মই পলাব নোৱাৰিলো, নিৰাপদ আশ্রয়লৈ যাব নোৱাৰিলো। যিয়েই ঘটে ঘটক, মই ইয়াতেই থাকিব লাগিব।’
উল্লেখ্য যে আকস্মিক বানৰ প্ৰকোপত ত্রিশূলী গাঁৱৰ অধিকংশই নিশ্চিহ্ন হৈ পৰিছে। ঘৰ-দুৱাৰ, দোকান-বজাৰ একোৰেই অৱশিষ্ট নাই। কোনোমতে ৰক্ষা পৰিছিল বৃদ্ধা তামাঙৰ ঘৰটো। সেই ঘৰৰে একোণত বহি তেওঁ সেই ধ্বংসলীলা চাক্ষুষ কৰিছিল।
ইতিমধ্যে পুনৰ বান আহিব পাৰে বুলি সতৰ্কতা জাৰি হোৱাৰ পাছৰ পৰা তামাঙক অধিক আতংকই গ্রাস কৰিছে। তেওঁ কয়, ‘যদি আকৌ সঁচাকৈয়ে ঘৰ এৰি যাবলগীয়া হয়, তেনেহ’লে মোৰ স্বামীৰ কি হ’ব? তেওঁ ক’ত আশ্রয় ল’ব?’































