দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : বিগত ১৭০০ বছৰ ধৰি খ্ৰীষ্ট ধর্মাবলম্বীসকলে বিশ্বাস কৰি আহিছে যে যীশু খ্ৰীষ্টৰ সমাধি জেৰুজালেমৰ ‘চার্চ অব দ্য হোলী ছেপালকাৰ’ৰ ভিতৰতে অৱস্থিত। চতুর্থ শতিকাত ৰোমান সম্রাট কনষ্টেনটাইনে উক্ত স্থানতে প্রথম গির্জাটো নিৰ্মাণ কৰাৰ পাছৰ পৰাই প্ৰজন্মৰ পাছত প্রজন্ম ধৰি ইয়াত প্রার্থনা কৰিবলৈ তীর্থযাত্ৰীৰ সমাগম হৈ আহিছে।
এইবাৰ উক্ত গির্জাৰ তলতে খননকার্য সম্পন্ন হোৱাৰ পাছত প্রত্নতাত্ত্বিকসকলে ইয়াৰ এক পূৰ্ণ চিত্ৰ তুলি ধৰিবলৈ সক্ষম হৈছে। এই চিত্ৰৰ স’তে ‘গছপেল অৱ জন’ত বর্ণিত স্থানৰ বিস্ময়কৰ মিল আছে।
প্রত্নতাত্ত্বিক ফ্রান্সেস্কা ৰোমানা স্টাছোল্লাই সংবাদ মাধ্যমৰ আগত কয়, ‘আমি ইয়াত এনে এক সমাধিক্ষেত্ৰৰ সন্ধান পাইছো, যাৰ কাষতে আঙুৰ আৰু জলফাই গছ লগোৱা সৰু সৰু ভূখণ্ড আছে। ইয়াত গ্রামীণ পৰিৱেশৰ প্ৰমাণ পোৱা গৈছে।’
বাইবেলত যীশুৰ সমাধিস্থলক পাথৰ ভিতৰত খোদাই কৰা এক সমাধিৰূপে বর্ণনা কৰা হৈছে, যিটো তেওঁক ক্রুছবিদ্ধ কৰা স্থানৰ কাষৰে এক বাগিচাৰ ভিতৰত অৱস্থিত আছিল। জনৰ সেই বৰ্ণনাৰ স’তে এই অঞ্চলটোৰ আশ্চৰ্যকৰ মিল আছে।
যদিও সমাধিৰ ভিতৰত সমাহিত ব্যক্তিজনক চিনাক্ত কৰিব পৰাকৈ কোনো ভৌত প্রমাণ নাই বুলিও ষ্টাছোল্লাই কয়। অৱশ্যে ইমান সাদৃশ্যৰ পৰা এই সম্ভাৱনাই প্ৰৱল হৈ উঠিছে যে আদি খ্রীষ্টানসকলে যীশুৰ ‘প্রকৃত’ সমাধিস্থলটো সংৰক্ষণ কৰি ৰাখিছিল।
প্রাপ্ত তথ্য অনুসৰি, আৰিমাথিয়াৰ জোছেফ নামৰ এজন ধনী ব্যক্তিয়ে যীশুৰ শৰীৰক নিজৰ এক নতুন পাখৰৰ সমাধিক সমাহিত কৰিছিল। সমাহিত কৰাৰ তিনি দিনৰ পাছত যেতিয়া যীশু মৃত অৱস্থাৰ পৰা পুনৰুত্থিত হ’ল, তেতিয়া সমাধিটো শূন্য হৈ পৰে।




































