শিক্ষাৰ নৱদ্বীপ স্বৰূপ নলবাৰী জিলাৰ শৈক্ষিক ধাৰা অক্ষুন্ন ৰাখি আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ছয় কীৰ্তিমানে জিলাখনলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে ।ইয়াৰে দুগৰাকী চহৰখনৰ দুখন শিক্ষানুষ্ঠানৰ বিপৰীতে আন চাৰিজনে বৃহত্তৰ বৰভাগ অঞ্চলৰ পৰা সুনাম কঢ়িয়াই আনিছে । ইতিমধ্যে ছয় কীৰ্তিমানৰ সাফল্যই সমগ্ৰ জিলাখনতে আনন্দৰ ঢৌ বোৱাইছে ।
জিলাখনৰ শৈক্ষিক মান অব্যাহত ৰখা কীৰ্তিমান কেইগৰাকী ক্ৰমে জ্যোতিস্মান দেৱ শৰ্মাই তৃতীয় (বৰ্মাই শংকৰদেৱ শিশু নিকেতন), নমস্যা ডেকাই চতুৰ্থ (লিপিৰ ফ্লাৱাৰ, নলবাৰী), হীৰক জ্যোতি বৈশ্যই পঞ্চম (ক্ৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰভাগ), মাচুম মেহতাব আৰু ইমন বৈশ্যই নৱম (বাহাৰঘাট শংকৰদেৱ শিশু নিকেতন) আৰু শশাংক হালৈয়ে দশম(আনন্দ বিদ্যা নিকেতন,গোপাল বজাৰ) স্হান দখল কৰিছে ।
ইফালে উল্লেখনীয় যে ক্ষুদ্ৰ চহৰখনৰ কলেজ ৰোডত অৱস্থিত লিটল ফ্লাৱাৰ স্কুলৰ পৰা নমস্যা ডেকাই ৰাজ্যখনৰ ভিতৰত চতুৰ্থ স্থান দখল কৰি শিক্ষানুষ্ঠানখনৰ লগতে জিলাখনৰ শৈক্ষিক মান অব্যাহত ৰাখিছে । চহৰখনৰ গোপালবজাৰৰ বাসিন্দা হাইস্কুলৰ শিক্ষক ত্ৰৈলক্য ডেকা আৰু গৃহিনী দিপ্তী ডেকাৰ কন্যা নমস্যাই মুঠ নম্বৰ লাভ কৰিছে মুঠ ৫৯০ নম্বৰ ।
মেধাবী ছাত্ৰী গৰাকীয়ে ইংৰাজীত ৯৯, অসমীয়াত ৯৫, সাধাৰণ গনিতত ৯৯, সাধাৰণ বিজ্ঞানত ১০০, সমাজ বিজ্ঞানত ৯৭, ঐচ্ছিক বিষয়ত ১০০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । ইপিনে জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ পৰিসংখ্যা সহায়ক জগদীশ হালৈ আৰু গৃহিনী হীৰন হালৈৰ পুত্ৰ শশাংক হালৈৱে চহৰৰ আনন্দ বিদ্যা নিকেতনৰ পৰা দশম স্থান অধিকাৰ কৰে। তেওঁ ইংৰাজীত ৯৮, অসমীয়াত ৯২, সমাজবিজ্ঞানত ৯৯, সাধাৰণ বিজ্ঞানত ৯৮, সাধাৰণ গনিতত ১০০ আৰু ঐচ্ছিক বিষয়ত ৯৭ সহ মুঠ ৫৮৪ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।