কৰ’না ভাইৰাছ সংক্ৰমণৰ বৰ্তমান সময়ত সময়োপযোগী আবিষ্কাৰ হিচাপে চিহ্নিত হ’বলৈ আগবাঢ়িছে জাপানত তৈয়াৰী এক ধৰণৰ বিশেষ বস্ত্ৰ ।জাপানৰ দুটি প্ৰতিষ্ঠানে যৌথভাৱে তৈয়াৰ কৰিছে এই কাপোৰ।দাবী কৰা অনুসৰি এই বস্ত্ৰ পৰিধান কৰি চলাচল কৰাৰ সময়ত সামান্যভাৱে বিদ্যুৎ উৎপাদন হয় ।কাপোৰত উৎপাদন হোৱা বিদ্যুতে পৰিধান কৰা লোকজনৰ ওচৰে -পাঁজৰে কোনো ধৰণৰ জীৱাণু অথবা বেক্টেৰিয়া আহিলে ধ্বংস কৰি দিব পৰাকৈ শক্তিশালী।এনে কাপোৰেৰে জীৱাণু প্ৰতিৰোধমূলক মাস্ক তৈয়াৰ কৰাটো আদৰ্শ উৎপাদন হ’ব পাৰে ।
জাপানত ইলেকট্ৰ’নিক্স প্ৰতিষ্ঠান হিচাপে বিশেষভাৱে পৰিচিত ‘মুৰাতা মেনুফেকচাৰিং’ আৰু ‘তেজিন ফ্রন্টিয়াৰ’ৰ দ্বাৰা যৌথভাৱে এই কাপোৰ তৈয়াৰ কৰাৰ লগতে এই ক্ষেত্ৰত কাৰ্যকাৰিতা অধিক বৃদ্ধিৰো চেষ্টা অব্যাহত ৰখা হৈছে।’পাইম্লেক্স’ নামৰ এই কাপোৰে পদাৰ্থৰ বিস্তৃতি তথা সংকোচনৰ মাধ্যমত শক্তি উৎপাদন কৰে। এই কাপোৰৰ মাজেৰে শৰীৰত কোনো জীৱানুৱে প্ৰৱেশ কৰিব বিচাৰিলে তৎকালে ধ্বংসৰ মুখত পৰে ।
এই কাপোৰত বিদ্যুতৰ মাত্ৰা ইমানেই কম যে পৰিধান কৰি থকাজনে সেই কথা অনুভৱ কৰিব নোৱাৰে ।মুৰাতা প্ৰতিষ্ঠানৰ মুখপাত্ৰই জনোৱা মতে ,বিভিন্ন পৰ্যায়ৰ পৰীক্ষা অতিক্ৰম কৰি আহিছে এই কাপোৰে ।পৰীক্ষাৰ সময়ত এই কাপোৰে ৯৯.৯শতাংশ পৰ্যন্ত বেক্টেৰিয়া তথা ভাইৰাছ ধ্বংস কৰাত সফল হৈছে।ক’বলৈ গ’লে এই কাপোৰে ভাইৰাছ বিস্তাৰ নিয়ন্ত্ৰণ তথা নিষ্ক্ৰিয় কৰাৰ কাম কৰে ।এই কাপোৰৰে মাস্কৰ বাহিৰেও খেলুৱৈৰ পোছাক ,ডায়পাৰ ,ছেনিটাৰি নেপকিন তথা ফিল্টাৰ আদিত ব্যৱহাৰ কৰি কাৰ্যকৰী ফলাফল লাভ কৰা হৈছে ।শেহতীয়াকৈ এই কাপোৰে কৰ’না ভাইৰাছ ধ্বংস কৰিব পাৰেনে ,নোৱাৰে সেই বিষয়ত পৰীক্ষা চলাই থকা হৈছে।অৱশ্যে এই বিষয়ত দুয়োটা প্ৰতিষ্ঠান আশাবাদী।
ADVERTISEMENT






























