TollCollection :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : মৰণফান্দত পৰিণত হোৱা ৰাষ্ট্ৰীয় ঘাইপথ নিৰাপদ যাতায়াতৰ উপযোগী নোহোৱা পর্যন্ত নাজিৰাখাটত টোল কৰ সংগ্ৰহ বন্ধ ৰাখিবলৈ স্থানীয় ৰাইজে জনোৱা দাবীক আওকাণ কৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কটকটীয়া নিৰাপত্তাৰ মাজত পুনৰ টোল সংগ্ৰহ আৰম্ভ কৰিছে।
যোৱা দেওবাৰে নিশা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গাফিলতিত সৃষ্ট এটা গাঁতত সোমোৱাত দুর্ঘটনাগ্রস্ত হৈ এখন ট্রেভেলাৰৰ সাতজনকৈ যাত্রী মৃত্যুমুখত পৰাৰ পাছতে ৰাইজে এই টোলগেট বন্ধ কৰি দিয়াৰ দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। তদুপৰি সোমবাৰে একাংশ প্রতিবাদকাৰীয়ে নাজিৰাখাট টোলগেটত প্রতিবাদ সাব্যস্ত কৰি দিনটোৰ বাবে টোলগেটৰ কাম-কাজ বন্ধ কৰে। ফলত সোমবাৰে দিনটোত টোল সংগ্রহ নহ’ল।
আশ্চর্যজনকভাৱে নিশা কর্তৃপক্ষই পুনৰ টোল সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। এতিয়াও ৰাইজে প্রতিবাদ সাব্যস্ত কৰি টোল সংগ্ৰহ কাৰ্য বন্ধ কৰি দিয়ে। কিন্তু টোলগেট কর্তৃপক্ষই ৰাজহুৱা প্রতিবাদলৈ ভ্রূক্ষেপ নকৰি আজিৰ পৰা পুনৰ টোল সংগ্ৰহ আৰম্ভ কৰিছে। এই টোল সংগ্রহ উপলক্ষে প্রশাসনে টোলগেটস্থলীত বৃহৎসংখ্যক নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে। ইয়াকে লৈ চৌদিশে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে।
ইপিনে, টোলগেটত প্রতিবাদ কৰিবলৈ অহা এজন প্ৰতিবাদকাৰীক আৰক্ষীয়ে আটক কৰি সোণাপুৰ আৰক্ষী থানালৈ লৈ যায়। প্রতিবাদকাৰীজনক ৰিংকু ডেকা বুলি চিনাক্ত কৰা হৈছে।
ইপিনে, ডিমৰীয়া সমজিলা প্রশাসন, পৰিবহণ বিষয়াৰ এটা দলে কালিৰে পৰা ক্ষেত্ৰীৰ ৰাজপথত পর্যবেক্ষণ কৰাৰ কাম আৰম্ভ কৰিছে। দলটোৱে খানাপাৰাৰ পৰা ডিমৰীয়াৰ টোপাতলীলৈ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা দ গাঁত, জৰাজীৰ্ণস্থলীসমূহ সমীক্ষা কৰি জিলা আয়ুক্তক প্রতিবেদন দাখিল কৰিব। ইয়াৰ সমান্তৰালকৈ ফৰেনচিক বিশেষজ্ঞ আৰু পৰিবহণ বিভাগৰ যুটীয়া দল মঙলবাৰে ক্ষেত্ৰীৰ দুর্ঘটনাস্থলীত উপস্থিত হয়।
ঘটনাস্থলীত দুয়োটা দলে দুর্ঘটনাৰ প্ৰকৃত কাৰণ নিৰ্ণয়ৰ বাবে জোখ-মাখ, ভিডিঅ’গ্রাফী লৈ সুকীয়া সুকীয়াকৈ তদন্ত আৰম্ভ কৰে। দল দুটিয়ে দুর্ঘটনাগ্রস্ত ট্রেভেলাৰ আৰু ট্রাকখনৰো পৰীক্ষা-নিৰীক্ষা কৰে।































