Dergaon:
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:গোলাঘাট জিলাৰ দেৰগাঁওস্থিত লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত বুধবাৰে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা ৷ দীক্ষান্ত সমাৰোহত ইতিমধ্যে সফলতাৰে প্ৰশিক্ষণ সম্পন্ন কৰা বিষয়া -জোৱান সকলৰ কুজকাৱাজৰ অভিবাদন গ্ৰহণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ ইংগিত দি এই কাৰবাৰৰ স’তে জড়িত চক্ৰ পুলিয়ে পুখাৰে নি:শেষ কৰাৰ সংকল্পবদ্ধ ৷
বিশেষকৈ চুবুৰীয়া দেশ ম্যানমাৰ- বাংলাদেশৰ সীমান্তৱৰ্তী অঞ্চলত নিচাজাতীয় সামগ্ৰী সৰবৰাহ বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে দুই প্ৰতিবেশী ৰাজ্য মণিপুৰ আৰু মিজোৰামৰেও সৰবৰাহকাৰীয়ে এক কৰিডৰ স্থাপন কৰি অসমৰ বিভিন্ন স্থানালৈ সংগোপনে সৰবৰাহ অব্যাহত ৰাখিছে৷ গতিকে এই কৰিডৰ সম্পূৰ্ণৰূপে উৎখাত কৰাৰ বাবে অসম আৰক্ষীয়ে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ একেদৰে শেহতীয়াকৈ ড্ৰাগছৰ চোৰাং চক্ৰ এটাই অৰুণাচলৰ চাংলাঙেৰে তিনিচুকীয়া হৈ. আন আন স্থানলৈ সৰবৰাহৰ নতুন কেন্দ্ৰস্থল গঢ়ি তুলিছে৷ ড্ৰাগছৰ চোৰাং চক্ৰটোক ৰোধৰ বাবে স্থানীয় সচেতন মহল আৰু সামাজিক সন্থা সমূহ আগবাঢ়ি আহিব লাগে ৷
আনহাতে মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰশিক্ষণ সম্পন্ন কৰা আৰক্ষী সকললৈ অভিনন্দন জনাই কয়, এই একাডেমি খন দেশৰ আগশাৰীৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানলৈ পৰিণত হৈছে৷ এগৰাকী দক্ষ আৰক্ষী গঢ়ি তোলাৰ ক্ষেত্ৰত একাডেমিৰ উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজ্য খনৰ আভান্তৰীণ নিৰাপত্তা ক্ষেত্ৰত একাডেমী খনে বলিষ্ঠ পদক্ষেপ লৈ আহিছে৷ এই একাডেমীৰপৰা কমাণ্ডো প্ৰশিক্ষণ লাভ কৰা সকলক অগ্নিবীৰ সম পৰ্যায়ৰ সন্মান লাভৰ আশা কৰা হৈছে৷আনহাতে দেশৰ আন আন ৰাজ্যৰ আৰক্ষীয়েও এতিয়া প্ৰশিক্ষণ লয় এই একাডেমীত ৷
মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত আৰু কয় যে,বিগত পাঁচটা বছৰত প্ৰায় অসম আৰক্ষীত নিযুক্তি দিয়া হৈছিল ২১ হাজাৰক৷ এইবাৰ আগন্তুক পাঁচটা বছৰত আৰু ১৫-২০ হাজাৰ নিযুক্তি দিয়া হ’ব৷ একেদৰে কে’বাটাও নতুন বেটেলিয়ন আৰু এছডিআৰএফতো নতুন নিযুক্তি দিয়া হ’ব ৷ অচিৰেই অনুষ্ঠিত হ’ব লগা জ্যেষ্ঠ আৰক্ষী অধীক্ষক সন্মিলনত এই সন্দৰ্ভত বিস্তাৰিতভাৱে আলোচনা কৰ হ’ব৷ অসম আৰক্ষীক অত্যাধুনিক অস্ত্ৰ- শস্ত্ৰৰে সুসজ্জিত কৰি তোলা হ’ব বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷































