NewHarangajao : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : উত্তৰ-পূব সীমান্ত ৰেলৱেই নিউ হাৰাঙ্গাজাও ষ্টেচনত পুনৰুদ্ধাৰ কামত অগ্রগতি লাভ কৰিছে। অহা পাঁচ ছেপ্টেম্বৰৰ ভিতৰত দুই নম্বৰ লাইন পুনৰ কার্যক্ষম কৰাৰ লক্ষ্যৰে পুনৰুদ্ধাৰ কাম ক্ষিপ্রগতিত আগবঢ়াই থকা হৈছে। স্বাভাৱিক ৰেল চলাচল শীঘ্ৰে পুনৰ আৰম্ভ কৰাৰ উদ্দেশ্যে প্রায় পাঁচশ কৰ্মচাৰীয়ে দিনে-নিশাই কাম কৰি আছে।
পুনৰুদ্ধাৰ কামৰ গতি বৃদ্ধি কৰিবলৈ ২২খন পিচি এক্সকেভেটৰ, ১২খন জেচিবি, ১৮খন ট্রেক্টৰৰ লগতে নিউমেটিক ড্রিল আৰু হাইড্র’লিক পাইলিং ৰিগকে ধৰি বিশেষ যন্ত্রপাতি ব্যৱহাৰ কৰা হৈছে। যাত্ৰীসকলৰ সুৰক্ষাক সর্বোচ্চ অগ্রাধিকাৰ দি প্ৰভাৱিত অংশটো শক্তিশালী কৰা, ৰেলপথৰ আন্তঃগাঁথনি সুস্থিৰ কৰা আৰু অন্যান্য অত্যাৱশ্যকীয় পুনৰুদ্ধাৰ কামসমূহ সম্পূৰ্ণ কৰাৰ বাবে দলসমূহে নিৰন্তৰভাৱে কাম কৰি আছে।
যোৱা ২০ জুলাইৰ পৰা নিউ হাৰাঙ্গাজাও য়াৰ্ডত ৰেলপথৰ ভূমি অংশ ক্ষতিগ্রস্ত হোৱা আৰু পার্শ্বীয় স্থানচ্যুতিৰ ফলত স্বাভাৱিক বেল চলাচল ব্যাহত হৈ আহিছে। যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সাৱধানতামূলক ব্যৱস্থা হিচাপে বর্তমান তিনি নম্বৰ লাইনৰ জৰিয়তে ৰেল চলাচল সীমিত কৰা হৈছে।
স্থানীয় প্রাকৃতিক জলপ্রবাহৰ গতিপথ সলনি হোৱা আৰু পানী নিষ্কাশন ব্যৱস্থাৰ পৰিৱৰ্তনৰ ফলত পাহাৰৰ ওপৰৰ অংশৰ পৰা অধিক পৰিমাণৰ পানী এটা নির্দিষ্ট স্থানত প্ৰৱেশ কৰাৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে।
মাটিৰ তলত পানী জমা হৈ ৰেলপথৰ ভূমি অংশৰ স্থিৰতা প্রভাবিত কৰিছে। এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰেলৱেই পানী নিষ্কাশন ব্যৱস্থাপনা, পানী নিষ্কাশন আৰু প্রভাৱিত ভূমি অংশৰ সুস্থিৰকৰণকে ধৰি ব্যাপক পুনৰুদ্ধাৰ আৰু শক্তিশালীকৰণৰ কাম হাতত লৈছে।
সুৰক্ষিত ৰেল চলাচল নিশ্চিত কৰাৰ লগতে প্রভাৱিত লাইনসমূহ শীঘ্রে পুনৰ কাৰ্যক্ষম কৰাৰ লক্ষ্যৰে এই কামসমূহ ক্ষিপ্রগতিত অব্যাহত আছে। বর্তমান তিনি নম্বৰ লাইনৰ জৰিয়তে অধিক সুৰক্ষা ব্যৱস্থাৰ স’তে বেল চলাচল অব্যাহত আছে, যাতে ৰে’লসমূহৰ সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য চলাচল নিশ্চিত কৰিব পৰা যায়।
অহা পাঁচ ছেপ্টেম্বৰৰ ভিতৰত দুই নম্বৰ লাইন কার্যক্ষম কৰাৰ পৰিকল্পনা কৰা হৈছে, যাৰ ফলত অতি কম সময়ৰ ভিতৰতে এই অংশত অধিক সংখ্যক ৰেল চলাচল কৰাব পৰা যাব। ইয়াৰ উপৰি, ছেপ্টেম্বৰৰ ভিতৰত এক নম্বৰ লাইন পুনৰ কাৰ্যক্ষম কৰাৰ পৰিকল্পনা কৰা হৈছে।
উত্তৰ-পূব সীমান্ত ৰেলৱেই যাত্রীসকলৰ সুৰক্ষাক সর্বোচ্চ অগ্রাধিকাৰ দি পুনৰুদ্ধাৰ কামসমূহ শীঘ্ৰে সম্পূৰ্ণ কৰাৰ বাবে সম্পূৰ্ণৰূপে প্রতিশ্রুতিবদ্ধ। কামৰ গতি ত্বৰান্বিত কৰি লামডিং-বদৰপুৰ পাহাৰীয়া অংশত স্বাভাৱিক ৰে’ল চলাচল শীঘ্ৰে পুনৰ আৰম্ভ কৰাৰ বাবে প্রয়োজনীয় সকলো সম্পদ, ৰেলৱেৰ কৰ্মীসকলক আৰু যন্ত্রপাতি নিয়োজিত কৰা হৈছে।































