ExpiredFood : দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : লেইছ, কুৰকুৰে, মেগী, লিমকা- প্রত্যেকটোৱেই অত্যন্ত জনপ্রিয়। এই ফাষ্ট ফুড সামগ্ৰীসমূহ দেশৰ সকলো প্রান্তত প্রতিদিনে জাককৈ বিক্ৰী কৰা হয়। সেই জনপ্রিয়তাৰ সুযোগ লৈ দিনক দিনে ব্যাপক প্ৰৱঞ্চনা চলি আছে। জানিব পৰা মতে ম্যাদ উকলি যোৱা বৃহৎ পৰিমাণৰ খাদ্যৰ নতুন পেকেটত ভৰাই দিয়া হৈছে।
পেকেটত ম্যাদ উকলি যোৱাৰ তাৰিখ সলনি কৰা হৈছে। এই ম্যাদ উকলি যোৱা খাদ্য জনসাধাৰণৰ হাতত গতাই দিয়া হৈছে। এই তালিকাত কি কি খাদ্য আছে? লেইছ চিপছ আৰু কুকুৰেৰ পেকেটত একাধিক ফ্লেভাৰ, মেগী আৰু ন’ৰ একাধিক ফ্লেভাৰ, আৰু চূপৰ তাৰিখ সলনি কৰাৰ অভিযোগ উত্থাপন হৈছে।
থাম্বছ আপ, লিমকা আদি জনপ্রিয় শীতল পানীয়ও অবৈধভাৱে বিক্ৰী কৰা হৈছে। সাধাৰণতে তাৰিখ সলনি কৰাৰ প্ৰক্ৰিয়াটো গুদামবোৰতে কৰা হৈছিল। মহাৰাষ্ট্ৰ খাদ্য আৰু ঔষধ প্রশাসনৰ বিষয়া আৰু নৱী মুম্বাই আৰক্ষীৰ ক্রাইম ব্রাঞ্চে তাত অভিযান চলাই এই বৃহৎ ব্যৱসায়ক উদঙাই দিছে।
এফ ডি এৰ বিষয়াসকলে জনোৱা মতে, যোৱা ২৪ আগষ্টৰ পৰা ২৯ আগষ্টলৈকে তেওঁলোকে নৱী মুম্বাইৰ এটা গুদামত ৫ দিন তালাচী চলাইছিল। তাত প্রায় ৮৫০০ কার্টন সামগ্রী জব্দ কৰা হৈছে, যাৰ মূল্য ৭৫ লাখ টকাৰো অধিক। সেই গুদামৰ পৰাই মহাৰাষ্ট্ৰলৈ সামগ্রী যোগান ধৰা হৈছিল।
দিল্লী আৰু নয়ডালৈও সামগ্রী প্ৰেৰণ কৰা হৈছিল। বিষয়াসকলে জনোৱা মতে, বেছিভাগ ক্ষেত্রতে ম্যাদ উকলি যোৱাৰ তাৰিখটো পেকেটটোৰ ওপৰত পাতল প্লাষ্টিকৰ তৰপেৰে ঢাকি ৰখা হৈছিল। তাত নতুন তাৰিখৰ প্রিন্টআউট এটা ৰখা হৈছিল।
তদন্তকাৰীয়ে সেই গুদামৰ পৰা ষ্টীকাৰ, প্রিণ্টাৰ আৰু তাৰিখৰ লেবেল বিচাৰি পাইছে। কিন্তু এই ঘটনাত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।






























