NASA :দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক : ‘ক্ষুদ্র’ পৃথিৱীখন পাৰ হৈ গ’লে মহাশূন্যত সিঁচৰতি হৈ আছে অগণন গ্রহ-নক্ষত্র। এই বিশাল জগতৰ ক’ৰবাত হয়তো প্ৰাণৰ স্পন্দন লৈ ঘূৰি ফুৰিছে আন এক পৃথিৱীয়ে। তাৰেই সন্ধানত এইবাৰ মহাকাশত ভৰি দিলে নাছাৰ ‘নেন্সী গ্রেচ ৰোমান স্পেচ টেলিস্কোপ’-এ।
দেওবাৰে আমেৰিকাৰ ফ্ল’ৰিডাত অৱস্থিত নাছাৰ কেনেডী স্পেচ চেণ্টাৰৰ ‘স্পেচএক্স ফেলকন হেভী’ ৰকেটত উঠি মহাকাশলৈ ৰাওনা হয়। ভাৰতীয় সময় অনুসৰি, বিয়লি ৪-৫৭ত ৰকেটটোৱে উৰা মাৰে। বিজ্ঞানীসকলে আশা কৰিছে যে এই টেলিস্কোপে মহাবিশ্বৰ অনেক অজান দিশ পৃথিৱীবাসীৰ সন্মুখত তুলি ধৰিব।
ভাগ্য ভাল থাকিলে সন্ধান ওলাব পাৰে আৰু কোনো পৃথিৱীৰ। প্রাপ্ত তথ্য অনুসৰি, উৎক্ষেপণৰ পাছত ফেলকন হেভী ৰকেটে ৰোমান টেলিস্কোপক লৈ যাব পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ দূৰলৈ। যাক বিজ্ঞানৰ ভাষাত কোৱা হয় ‘ছেকেণ্ড ছান-আর্থ লেগৰেঞ্জ পইন্ট’ বা ‘এল২ ‘লৈ। সেইটোৱেই হ’ব ৰোমানৰ ঘাটি। পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা বাকী উপগ্ৰহসমূহৰ দৰে নহয় ৰোমান। ই মহাকাশত ঘূৰি থকাৰ পৰিৱৰ্তে স্থিৰভাৱে এটা স্থানত অৱস্থান কৰিব।
য’ত সূৰ্য আৰু পৃথিৱীৰ মিলিত মধ্যাকর্ষণত অত্যন্ত কম ইন্ধনতে স্থিতিশীল হৈ থাকিব পাৰি। তাতে থাকিয়েই মহাবিশ্বৰ ওপৰত দৃষ্টি ৰাখিব ৰোমানে।
অৱশ্যে বিজ্ঞানীসকলে দাবী কৰিছে যে ‘এল২’ অঞ্চলত উপস্থিত হোৱাৰ লগে লগেই ৰোমানে বৈজ্ঞানিক গৱেষণা আৰম্ভনকৰে। বৰঞ্চ ইয়াক সক্রিয় কৰিবলৈ তিনি মাহ সময় লাগিব। বিজ্ঞানীসকলে ইয়াৰ সকলো যন্ত্রপাতি লাহে লাহে সক্ৰিয় কৰিব।
সকলো ব্যৱস্থাই সঠিকভাৱে কাম কৰিছে বুলি নিশ্চিত হোৱাৰ পাছতহে বৈজ্ঞানিক অভিযানৰ বাবে সম্পূৰ্ণৰূপে সাজু হ’ব ৰোমান। তথ্য অনুসৰি, ৰোমানৰ প্রধান লেন্স ২.৪ মিটাৰ অৰ্থাৎ হাবলছ টেলিস্কোপৰ লেন্সৰ সমান। অৱশ্যে ইয়াৰ সবাতোকৈ গুৰুত্বপূৰ্ণ যন্ত্রাংশ হৈছে ৱাইড ফিল্ড ইনস্ট্রুমেন্ট।
ই হাবলছ টেলিস্কোপতকৈ এশ গুণ ডাঙৰ অঞ্চল পর্যবেক্ষণ কৰিব পাৰে। ফলত নির্দিষ্ট স্থানত থাকিয়েই ৰোমানে অসংখ্য সৌৰজগত পর্যবেক্ষণ কৰিব পাৰিব।
বিজ্ঞানীসকলে আশা কৰিছে যে ইয়াৰ মাধ্যমেৰে ডার্ক মেটাৰ, ডার্ক এনার্জি আৰু গেলেক্সীৰ বিৱৰ্তনৰ দৰে মহাবিশ্বৰ সবাতেকৈ গূঢ় ৰহস্যৰ সন্ধান পোৱা যাব।
তদুপৰি, সৌৰজগতৰ বাহিৰত বিয়পি থকা গ্রহবোৰো বিচাৰিব ৰোমানে। জেমছ ৱেব টেলিস্কোপে য’ত মহাবিশ্বৰ একো একোটা বস্তুক নিখুঁতভাৱে পর্যবেক্ষণ কৰিব, তাত ৰোমানে সমগ্র মহাকাশকে বিৰাট স্কেলৰে জৰীপ কৰিব।
দুয়োটা টেলিস্কোপে একেলগে কাম কৰিলে বিজ্ঞানীসকলে মহাবিশ্বৰ ক্লোজ-আপৰ পৰা ৱাইড এংগলৰ সমস্ত দৃশ্য কেমেৰাবন্দী কৰিব পাৰিব। ৰোমানৰ এই অভিযান কেৱল এটা টেলিস্কোপৰ উৎক্ষেপণ নহয়, বৰঞ্চ মহাবিশ্বক জনাৰ ক্ষেত্ৰত এক নতুন অধ্যায়ৰ সূচনা।































