সুন্দৰ পৰিৱেশৰ মাজেৰে আগবাঢ়ি যাব লাগিবঃ ইউটিউবাৰ হৰপল শইকীয়া

এটা সুন্দৰ পৰিৱেশৰ মাজেৰে ২০২১ত আগবাঢ়ি যাব লাগিব । ২০২০ত সমগ্ৰ বিশ্বৰ বেয়া পৰিৱেশৰ মাজতো নিজাকৈ এটা গানৰ ধুনীয়া দৃশ্য অসমত সৃষ্টি হ’ল ।
এজন ইউটিউবাৰৰূপে ভিডিঅ’ৰ কাম কৰি আছো । তাৰ লগতে বিভিন্ন অনুষ্ঠানৰ আঁত ধৰাও আছো । নতুন নতুন ভিডিঅ’ সৃষ্টিত অগ্ৰাধিকাৰ দিছো । নতুন বছৰটোত এই কামত আত্মনিয়োগ কৰিম । নতুন চিন্তা-চর্চা ভিডিঅ’বোৰত দিবলৈ চেষ্টা কৰিছো । সেইবোৰত অধিক নতুনত্ব অনাৰ চেষ্টা নতুন বছৰটোত অব্যাহত থাকিব ।
২০২০ যথেষ্ট বেয়াকৈ পাৰ হ’ল । বহুতে কিবাকিবি হেৰুৱাইছে । তাৰ মাজতে বহুতে কিবাকিবি পাইছেও । এই জটিল পৰিৱেশতে আমাক বহু কথা শিকালে । তেনে শিক্ষাবোৰক আগত লৈ এই বছৰটোত কাম কৰি যাম । নৱবৰ্ষত সকলোৰে সুখৰ বতৰা আহক ।





























