কন্যা ভূমিকাক লৈ বিৰাট কোহলীৰ স’তে ইংলেণ্ডত আছে অভিনেত্ৰী অনুষ্কা শৰ্মা । তাৰ পৰাই বিভিন্ন মুহূৰ্তৰ ফটো আৰু ভিডিঅ’ প’ষ্ট কৰিছে অভিনেত্ৰীগৰাকীয়ে ।
মঙলবাৰে ইনষ্টাগ্ৰামৰ স্তৰীত এখন ৰাতিপুৱাৰ আহাৰৰ ফটো শ্বেয়াৰ কৰিলে অনুস্কাই ।
বিভিন্ন ধৰণৰ ফলৰ স’তে বাদাম দি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰিছে অভিনেত্ৰীগৰাকীয়ে । তাৰ পাছতেই ইনষ্টাগ্ৰামৰ পৰৱৰ্তী স্তৰীত পেন কেকৰ এখন ফটো দিয়ে অনুস্কাই ।

অৰ্থাৎ স্বাস্থ্যকৰ আৰু সুস্বাদু খাদ্যৰে দিনটোৰ আৰম্ভ কৰে বিৰাটৰ পত্নী অনুস্কাই । অভিনেত্ৰীগৰাকীয়ে কেইদিনমান আগতে অনুৰাগীসকলৰ স’তে বিৰাটৰ লগত ৰাতিপুৱাৰ আহাৰ খোৱাৰ এখন ফটো শ্বেয়াৰ কৰিছিল।
চলিত বছৰতে জানুৱাৰী মাহত বিৰাট-অনুস্কাৰ পৰিয়াললৈ আহিছিল তেওঁলোকৰ কন্যা সন্তান ভূমিকা ।





























