পাঠশালাৰ সমীপৰ ৰায়পুৰৰ এখন পথাৰ । চৌপাশে সোণবৰণীয়া পকা ধানৰ সোণালী আস্তৰণ । তালৈকে আহিছে আজি বজালী জিলা প্ৰশাসন । কৃষক-গঞাৰ উপস্থিতিৰে উপচি পৰিছে সেই পথাৰ । সভাৰ কোনো আনুষ্ঠানিকতা নাই । নাই মাইক অথবা পেন্দেল অথবা বজাৰৰ পানীৰ বটলো । সম্পূৰ্ণ এক অনাড়ম্বৰ পৰিৱেশ । মাথো ওপৰত টানি থোৱা হৈছে সাধাৰণ তিৰপাল ।
চৰকাৰী আঁচনিবোৰৰ সুবিধা আৰু সুফল পূৰ্ণ শতাংশই যাতে কৃষক আৰু গঞা ৰাইজে লাভ কৰিব পাৰে সেই উদ্দেশ্যেই আজি বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে জিলা প্ৰশাসনৰ শীৰ্ষ পদাধিকাৰীসকলক লগত লৈ ৰাইজৰ কথা শুনাৰ বাবে তেওঁলোকৰ অভাৱ অভিযোগ, সমস্যা জনাৰ বাবে ৰায়পুৰৰ পথাৰত সমবেত হয় । লগতে মৌজাদাৰসকল, গাঁওবুঢ়াসকল আৰু লাট মণ্ডলসকলো উপস্থিত থাকে ।
গঞা ৰাইজক উদ্দেশ্যি উপায়ুক্ত দেৱ চৌধুৰীয়ে কয় যে, চৰকাৰৰ বহুত আঁচনি আছে । কোনোবা নহয় কোনোবা আঁচনিয়ে গঞা ৰাইজক উপকৃত কৰেই । কিন্তু বিষয়াৰ সঠিক তৎপৰতা আৰু প্ৰয়োজনীয় পদক্ষেপ অবিহনে বহু আঁচনিৰ কথা গঞা ৰাইজে নাজানে আৰু আঁচনিৰ বিষয়েও নুশুনে; সুফল লাভ কৰাতো দূৰৈৰে কথা । বিষয়াসকলে কেৱল কাৰ্যালয়ত থাকিলেই সকলো আঁচনিৰ কথা গঞা ৰাইজে অবগত অথবা জানিব বুলি ভবাতো মুঠেই সমীচিন নহয় ।
তেওঁ কয় যে, গাঁৱলৈ গৈ বিষয়াসকলে গঞা ৰাইজৰ লগত, কৃষকৰ লগত, দৰিদ্ৰ জনৰ লগত পৰম আন্তৰিকতাৰে, সহৃদয়তাৰে বাৰ্তালাপ কৰিব লাগিব । তেওঁলোকৰ সমস্যা, অভাৱ-অভিযোগৰ বুজ ল’ব লাগিব আৰু চৰকাৰী আঁচনিত অন্তৰ্ভুক্ত হোৱাৰ বাবে কেনেদৰে আবেদন কৰিব লাগিব এইবোৰ তন্ন তন্নকৈ বুজাই দিব লাগিব । তেতিয়াহে চৰকাৰী আঁচনিৰ সফলতা আহিব আৰু প্ৰকৃতাৰ্থত গঞা ৰাইজ লাভবান হ’ব । অন্যথা চৰকাৰৰ বহু আঁচনি কেৱল ফাইলতেই আবদ্ধ হৈ থাকিব । সেয়ে বিষয়াসকলে পৰম আন্তৰিকতা আৰু সমৰ্পিত মনোভাবেৰে গাঁৱলৈ যাব লাগিব । কাৰণ গঞা ৰাইজৰ বহুতেই নাজানে উপায়ুক্ত ক’ত বহে ; বিষয়াসকল ক’ত থাকে ।
তেওঁ ৰাইজৰ সন্মুখত বজালীৰ শীৰ্ষ বিষয়াসকলক এই কথাও কয় যে, গঞা ৰাইজৰ কাম কৰিবলৈ প্ৰয়োজনত গাঁৱলৈ সঘনে আহিব লাগিব । বজালী জিলাত চৰকাৰী আঁচনিযোগে বাস্তৱিক ক্ষেত্ৰত গঞাক উপকৃত কৰিবলৈ উপায়ুক্ত দেৱ চৌধুৰীয়ে উদ্যোগ লোৱা এই নব্য প্ৰয়াসক তেওঁ “গাঁৱ ফুৰো আহক” নামেৰে নামাংকিত কৰিছে । বজালীৰ ভিন্ন প্ৰান্তৰ গাঁৱৰ পথাৰত এইদৰে তেওঁ সময়ে সময়ে গঞা ৰাইজক লগ ধৰিবলৈ সমস্যা সমাধান কৰিবলৈ প্ৰশাসন যন্ত্ৰটোক লৈ যাব বুলিও কয় । য’ত গাঁৱৰ ৰাইজে নিঃসংকোচে, স্পষ্টকৈ উপায়ুক্তক ক’ব পাৰিব তেওলোকৰ সমস্যা অথবা অভাৱ অভিযোগ ।
উপায়ুক্তগৰাকীয়ে এই ব্যৱস্থাটোক জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থত এক যাত্ৰা ৰূপে গ্ৰহণ কৰি কাৰ্যক্ষেত্ৰত অগ্ৰসৰ হ’ব বুলিও সদৰী কৰিছে । উত্তৰ বজালী মৌজা আৰু সৰিহ মৌজাৰ ৰাইজ গোট খোৱা আজিৰ এই অনুষ্ঠানে ব্যাপক ৰূপত ৰাইজৰ মাজত চৰ্চা লাভ কৰাৰ উপৰিও থলীতেই বহুকেইটা সমস্যাৰো নিষ্পত্তি কৰাৰ বাবে উপায়ুক্ত চৌধুৰীয়ে বিষয়াসকলক নিৰ্দেশ দিয়ে ।
উল্লেখ্য নিজৰ গাঁৱৰ পথাৰত উপায়ুক্তক লগ পাই আজি গঞা ৰাইজে পৰম প্ৰশান্তি লাভ কৰে আৰু বহু অশীতিপৰ লোকে প্ৰকাশ্যে কয় যে জীৱন কালত তেওঁলোকে পথাৰত নামি ৰাইজৰ সমস্যাৰ বুজ লোৱা উপায়ুক্ত দেখা পোৱা নাই । অসমৰ প্ৰশাসনীয় স্তৰত নব্য পদক্ষেপ ৰূপে অভিহিত কৰিব পৰা উপায়ুক্ত চৌধুৰীৰ ‘গাঁও ফুৰো আহা’ কাৰ্যসূচীয়ে গঞা ৰাইজক চৰকাৰী আঁচনিৰ সুফল লাভ কৰাৰ বাবে নিঃসন্দেহে সহযোগিতা আগবঢ়াব ।