Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অসম-মেঘালয় সীমান্তত বিদায় বিননি

publisher by publisher
January 31, 2022
in Assam, News
Reading Time: 1 min read
0
অসম-মেঘালয় সীমান্তত বিদায় বিননি
অসম-মেঘালয় সীমান্তত বিদায় বিননি
অসম-মেঘালয় সীমান্তত বিদায় বিননি
অসম-মেঘালয় সীমান্তত বিদায় বিননি
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Meghalaya CM :আইন হাতত লোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থাৰ সকীয়নি মুখ্যমন্ত্রী চাংমাৰ

ৰাজধানী মহানগৰীৰ চুবুৰীয়া কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ এখন গাঁও গীজাং। আচলতে অসম-মেঘালয় দুয়ােখন ৰাজ্যক প্রাকৃতিক আৰু ঐতিহাসিকভাৱে বিভক্ত কৰা গীজাং নদীখনক লৈয়েই গাঁওখনৰ নাম গীজাং। প্রাকৃতিক সৌন্দৰ্যৰ সকলাে সমাহাৰেৰে ভৰপূৰ এখন গাঁও। চুবুৰীয়া মেঘালয়ৰ পশ্চিম খাচি পাহাৰ জিলাৰ পৰা কুলু কুলু কৰি বৈ নামি অহা নদী গীজাং।

ADVERTISEMENT

চিৰপ্ৰৱাহমান নদীখনৰ পাৰে পাৰে সৰু সৰু পাহাৰৰ টিলা। বিস্তীর্ণ অঞ্চলজুৰি তামােল, কল, আম, লেটেকু, জামু, আনাৰস, পাণ, কুঁহিয়াৰ বাগান। তাৰ মাজে মাজে ঠিক যেন এক বগা চৰিয়াৰ দৰে পাহাৰৰ দাঁতিত ধাননি পথাৰ। এখন গাঁৱৰ পৰা ইখন গাঁৱক সংযােগ কৰিবলৈ মাজে মাজে বাঁহৰ সাঁকো।

যেন এক নেদেখা পৃথিৱী কিন্তু এবাৰ চালেই চকু ছাট মাৰি ধৰা। ভঙা ভঙা অসমীয়া ভাষাৰে আলহীক দেখিলেই নিমিষতে আপােন কৰিব বিচৰা জনজাতীয় মানুহখিনিৰ মৰম-চেনেহে সীমান্তৰ এই গাঁওখনৰ সৌন্দর্যত সােণত সুৱগা চৰায়। গীজাং নদীৰ পাৰত এপলক ৰৈ সামগ্রিক পৰিৱেশটোলৈ লক্ষ্য কৰিলে এনে লাগে যেন সেউজীয়া পাহাৰখনৰ পৰা নামি অহা ফিৰফিৰীয়া বতাহ আৰু বােৱর্তী গীজাঙৰ কুলু কুলু মাতৰ সংগমত যেন বাজি উঠিছে—“অ’ মােৰ আপােনাৰ দেশ/অ’ মােৰ চিকুণী দেশ/এনেখন সুৱলা/এনেখন সুফলা/এনেখন মৰমৰ দেশ।

পিছে এনে অপূর্ব সুন্দৰ, নৈসর্গিক দৃশ্যৰে দৃশ্যমান গাঁওখনকেই এতিয়া অসম চৰকাৰে চুবুৰীয়া মেঘালয়ক হস্তান্তৰ কৰিবলৈ ওলাইছে। অসম চৰকাৰৰ দাবী—বৃহত্তৰ গীজাং অঞ্চলৰ স্থানীয় বাসিন্দাই স্বইচ্ছাই মেঘালয়ত অন্তর্ভুক্ত হােৱাটো বিচাৰে। আচলতে কেৱল গীজাং বুলিয়েই নহয়। বৃহত্তৰ হাঁহিম অঞ্চলৰ, গীজাঙকে ধৰি প্ৰায় ১০ খন গাঁৱে শেহতীয়াকৈ চুবুৰীয়া মেঘালয়ত অন্তর্ভুক্ত হােৱাটো বিচাৰিছে; কিন্তু কিয় জানেনে?

জানিলে প্রতিজন অসমীয়াৰে বুকু কঁপি উঠিব। অসম-মেঘালয় সীমান্তৰ হাঁহিম অঞ্চলৰ ৰাইজৰ ক্ষোভ বুজি পাবলৈ হ’লে স্বাধীনােত্তৰ ভাৰতৰ পৰৱৰ্তী সময়ৰ কিছু ঘটনা-পৰিঘটনালৈ ঘূৰি যাব লাগিব। অসম-মেঘালয়ৰ সীমান্তৰ গীজাং অঞ্চলৰ ৰংথালি নিম্ন প্রাথমিক বিদ্যালয়, মেচপাৰা নিম্ন প্রাথমিক বিদ্যালয়, মালাপাৰা নিম্ন প্রাথমিক বিদ্যালয় আৰু মাথাপােতা নিম্ন প্রাথমিক বিদ্যালয় আদি চাৰিখনকৈ চৰকাৰী প্রাথমিক বিদ্যালয় ১৯৫৪তে অসম চৰকাৰে স্থাপন কৰে।

স্থানীয় গাঁওবাসীয়ে জনালে যে অসম চৰকাৰে প্রতিষ্ঠা কৰা প্রাথমিক বিদ্যালয়সমূহ আজিও অক্ষত অৱস্থাতে আছে। প্রতি বছৰৰ অন্তৰে অন্তৰে ‘বিল্ডিং গ্রান্ট’ লৈ পুনৰ নির্মাণ কৰে; কিন্তু কি ১৯৫৪, কি ২০২২ বৰ্ষ, স্থানীয় গাঁওবাসীয়ে কোনাে দিনেই শিক্ষক-শিক্ষয়িত্ৰীৰ আগমন নেদেখিলে। হাঁহিম তিনি নম্বৰ লাটৰ গাঁওবুঢ়া মিচন জয় মাকে ‘দৈনিক অগ্রদূত’ক কয়, ‘গীজাং নদীখনেই দুয়ােখন ৰাজ্যৰ সীমা হিচাপে ঐতিহাসিকভাৱে মান্যতা পাই আহিছে যদিও নদীখনৰ পৰা সিপাৰলৈ এক কিলােমিটাৰ পর্যন্ত পাহাৰৰ দাঁতিলৈ অসমৰ মাটি, অসমীয়া গাঁও আৰু খেতি-বাতি, বাগান সকলাে আছে।

সেই এক কিলােমিটাৰ ব্যাসার্ধৰ ভিতৰত অসম চৰকাৰে পথ নির্মাণ কৰাৰ লগতে বিদ্যালয় স্থাপন কৰিছে। গতিকে অসম-মেঘালয় সীমান্তৰ হাঁহিম অঞ্চলত সীমাক লৈ কোনােদিন সংঘাত হােৱা নাই, ভুল বুজাবুজিও হােৱা নাই আৰু বিভ্রান্তিও নাই। মাথোঁ দশক দশক ধৰি অসম চৰকাৰে কৰা বঞ্চনা আৰু অসমীয়া জাতিৰ পৰা নিলগত ৰখাৰ যন্ত্রণাই মানুহখিনিক মেঘালয়ত চামিল হ’বলৈ বাধ্য কৰিছে।’

মাথাপােতা গাঁৱৰ গাঁওবুঢ়া পিটাৰ মাওখিলঙে ‘দৈনিক অগ্রদূত’ক কয় যে ভাৰতৰ প্ৰাক্-স্বাধীনতাৰ কালৰ পৰাই বৃহত্তম হাঁহিম অঞ্চলৰ স্থানীয় বাসিন্দাই অসমীয়া হৈ আৰু অসমীয়াৰ পৰিচয়পত্র লৈ জীয়াই আছিল যদিও প্রতিদান হিচাপে কেৱল বঞ্চনা আৰু প্ৰতাৰণাৰ বলি হৈ আহিছে। গাঁওবুঢ়া পিটাৰ মাওখিলঙে কয়, “আমাৰ ইয়াত ১৯৫৪তে চাৰিখনকৈ অসম চৰকাৰে প্ৰাথমিক বিদ্যালয় স্থাপন কৰিলে।

পিছে প্রতিষ্ঠা কালৰ পৰা আজি পর্যন্ত কোনােদিন শিক্ষক নাহিল। আজিও প্রতি বিদ্যালয়ত দুইৰ পৰা তিনিগৰাকী শিক্ষক-শিক্ষয়িত্রী কৰ্মৰত হৈ আছে আৰু চৰকাৰী বেতন লাভ কৰি আছে; কিন্তু কোনাে দিন পাঠদান নকৰাৰ ফলত আমাৰ ল’ৰা-ছােৱালীক মেঘালয়ৰ মলাং, নষ্টইন আদি চহৰলৈ পঠিয়াবলগীয়া হ’ল। ফলত নৱ প্ৰজন্মই নিজকে মেঘালয়ৰ বুলি চিনাকি দিবলৈ ভাল পাবলৈ ধৰিলে।’

গাঁওবুঢ়া মাওখিলঙে ক্ষোভ প্রকাশ কৰি কয় যে অসম চৰকাৰৰ শিক্ষকে অসম-মেঘালয় সীমান্তৰ হাঁহিম অঞ্চলৰ স্থানীয় বাসিন্দাৰ ল’ৰা-ছােৱালীক কোনােদিন অসমীয়া হিচাপে গঢ়ি তুলিব নােৱাৰিলে। পৰিতাপৰ বিষয় যে অসম-মেঘালয় সীমান্তৰ পাহাৰৰ দাঁতিয়ে দাঁতিয়ে বৈ থকা নদীখনক হাঁহিম বজাৰৰ পৰা আগলৈ অসমীয়া মানুহে শিঙৰা নদী বুলি নামকৰণ কৰি আহিছে যদিও শেহতীয়াকৈ সীমান্তৰ মাথাপােতা অঞ্চলৰ পৰা আগলৈ অর্থাৎ পশ্চিমলৈ স্থানীয় মানুহে ‘ওমচেকপানী’ বুলি নামকৰণ কৰিছে।

তদুপৰি দুয়ােখন ৰাজ্যৰ মাজত সীমা বুজাবুজিৰ সন্দৰ্ভত আলাপ-আলােচনা চলি থাকোতেই ইতিমধ্যে অসমীয়া গাঁও মাথাপােতা’ক ওমচেক গাঁও হিচাপে খাচি ভাষাত পুনৰ নামকৰণ কৰিছে। বর্তমান ওমচেক গাঁও অর্থাৎ পূর্বৰ অসমীয়া গাঁও মাথাপােতাৰ চৰকাৰী গাঁওবুঢ়া ক্ষমতাহীন আৰু মেঘালয় চৰকাৰে নিযুক্তি দিয়া গাঁওবুঢ়া পিটাৰ মাওখিলঙে আঠখন অসমীয়া গাঁৱৰ দায়িত্ব মেঘালয় চৰকাৰৰ প্রতিনিধি হৈ চম্ভালি আছে।

মেঘালয় চৰকাৰৰ হৈ গাঁওবুঢ়াৰ দায়িত্বত থাকি পিটাৰ মাওখিলঙে নিয়ন্ত্রণ কৰি থকা অসমীয়া গাঁওকেইখন হ’ল— ৰংথালি, ধূনাগুৰি, ওমচেক (পূর্বৰ মাথাপােতা) মেচপাৰা, মইপাৰা, মালাপাৰা ইত্যাদি। উক্ত গাঁওসমূহৰ বাসিন্দা ৭০ শতাংশ গাৰাে জনজাতি আৰু ৩০ শতাংশ খাচি জনজাতিৰ লােক। মাথাপােতা গাঁৱৰ (বর্তমানৰ ওমচেক) বয়ােজ্যেষ্ঠ প্রায় ৯০ বছৰীয়া গেৰিচন মাকে ‘দৈনিক অগ্রদূত’ক কয়, সৰুতে দেখিছিলাে, ককা-দেউতাহঁতে বগা ধুতি পিন্ধি নাম-কীর্তন গাইছিল। গাঁওখনত নামঘৰ প্রতিষ্ঠা কৰিবলৈ ভকতাে মাতিবলৈ গৈছিল।

পিছে ভিতৰুৱা, পাহাৰীয়া, জনজাতীয় অঞ্চল, স্থানীয় পাহাৰীয়া মানুহবােৰ বিশ্বাসযােগ্য নহয় বুলি কোনােৱে ভয়তে নাহিল। লাহে লাহে মানুহবােৰে নাম গাবলৈ এৰি গির্জাত গৈ ভগৱান যীশুক উপাসনা কৰিবলৈ ধৰিলে। ভকতৰ দৰে অসম চৰকাৰৰ বিষয়ায়ে আমাক অৱহেলা কৰিলে। নির্বাচনত ভােট ল’বলৈ অহাৰ বাহিৰে আমাৰ ওচৰলৈ কোনাে নহা হ’ল। অসমীয়া হ’বলৈ আমি বহু দশক চেষ্টা কৰিলাে; কিন্তু আমাক কোনােৱে আদৰি নল’লে।

শেষ দিন পর্যন্ত আমাক অসমীয়া জাতি আৰু চৰকাৰে অসমীয়া হিচাপে গ্ৰহণ নকৰিলে। প্ৰতাৰিত হৈয়েই আমি বুকুৰ মাজত অসমীয়া হােৱাৰ সপােন লৈ চুবুৰীয়া মেঘালয়ত নতুন পৰিচয় বিচাৰি যাবলগীয়া হ’ল। অসম আৰু মেঘালয় চৰকাৰে আন্তঃৰাজ্যিক সীমা পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত চলাই থকা আলাপ-আলােচনাৰ সন্দৰ্ভত স্থানীয় মানুহৰ মনত কি চলি আছে বুলি ‘দৈনিক অগ্রদূত’ৰ প্ৰশ্নৰ উত্তৰত ৯০ বছৰীয়া গেৰিচন মাকে সেমেকা চকুযুৰিৰে বৈ অহা চকুলাে লুকুৱাবলৈ চেষ্টা কৰি থােকাথুকি মাতেৰে কয়, এই মুহূর্তত সকলােৱে অসমক বিদায় দিবলৈ সাজু হৈছে।

কিছুদিনৰ পাছত নিজৰ চোতালতে অতীতৰ অসমী আইক বিচাৰিবগৈ লাগিব। সীমান্তত বাস কৰাটো একপ্রকাৰ অপৰাধ বুলি এটা ধাৰণাই সদায় আমাক খেদি ফুৰিব। উল্লেখ্য, বৃহত্তৰ হাঁহিম অঞ্চলৰ অসমীয়া গাঁও শালবাৰী, এক নম্বৰ হামােকা, দুই নম্বৰ হামােকা, মেলচাপাৰা, মালাং, জয়পুৰ, গামৰিমাৰা আদি গাঁৱৰাে গৰিষ্ঠসংখ্যক বাসিন্দা গাৰাে আৰু ৰাভা জনজাতিৰ লােক।

উক্ত গাঁওসমূহৰ গাৰাে বাসিন্দাও চুবুৰীয়া মেঘালয় চৰকাৰৰ সম্প্ৰসাৰিত উন্নয়নৰ ছবি দেখি অন্তর্ভুক্ত হ’বলৈ মন মেলিছে। আৰু এয়াই যদি হয় বৃহত্তৰ হাঁহিম অঞ্চলৰ কমেও ২০ খন অসমীয়া গাঁও চুবুৰীয়া ৰাজ্যখনত অন্তর্ভুক্ত হ’ব আৰু সেই সমগ্ৰ অঞ্চলৰ বাসিন্দাসকল ৰাজহুৱা শুনানিৰ বাবেও প্রস্তুত। হাঁহিম তিনি নম্বৰ লাটৰ জ্যেষ্ঠ নাগৰিক মনেশ্বৰ ৰাভাই এই সন্দৰ্ভত “দৈনিক অগ্রদূত’ক কয়, ‘অসম-মেঘালয় সীমান্তৰ হাঁহিম অঞ্চলত বিশেষকৈ অসমৰ পিনে উন্নয়ন বুলিবলৈ শূন্য।

স্বাধীনতাৰ পিছ মুহূর্ততে, অর্থাৎ ৫০ দশকতে বনােৱা কেঁচা লুংলুঙীয়া ৰাস্তা আৰু চাৰিখন প্রাথমিক বিদ্যালয়ৰ বাহিৰে যােৱা ৭০ বছৰে একো নাপালে অঞ্চলবাসীয়ে। মেঘালয় চৰকাৰে নিজৰ সীমা অতিক্রম কৰি পকা ঘৰ, নলা-নর্দমা নির্মাণ, পানী সংযােগ, পকী পথ নির্মাণ, চৰকাৰী বিদ্যালয়, স্বাস্থ্য কেন্দ্র নির্মাণকে ধৰি শিক্ষিত যুৱক-যুৱতীক চৰকাৰী চাকৰিত মকৰল কৰিছে। জীৱন-জীৱিকাৰ বাবে ঘৰে ঘৰে বিভিন্ন আঁচনিৰ অধীনত আর্থিক সাহায্য দিয়াৰ উপৰি ধর্মীয়, সাংস্কৃতিক, সামাজিকভাৱে মানুহখিনিক আপােন কৰি পেলালে।

এতিয়া অসম বুলি ক’লেই মানুহখিনিয়ে উচপ খাই উঠা যেন হয়। তাতােকৈ পৰিতাপৰ কথা, সমগ্ৰ হাঁহিম অঞ্চলৰ উঠি অহা যুৱক-যুৱতীসকলে সম্প্রতি বকো, মির্জা, গুৱাহাটী চহৰতকৈ চুবুৰীয়া মেঘালয়ৰ পশ্চিম খাচি পাহাৰ জিলাৰ নষ্টইন আৰু মালাম চহৰ বুলি কলেহে বেছি আপােন আপােন বুলি ভাবিবলৈ লৈছে।

শিক্ষা, ব্যৱসায়, ক্রীড়া, উৎসৱ, নিযুক্তি সকলােতে তেওঁলােকে চুবুৰীয়া ৰাজ্যত অংশগ্ৰহণ কৰিলে বেছি সুৰক্ষিত আৰু নিশ্চিত অনুভৱ কৰে। ‘ধূনাগুৰি গাঁৱৰ (অসমীয়া গাঁও কিন্তু বর্তমান মেঘালয়ৰ বুলি পৰিচয় দিয়ে) বাসিন্দা তথা ২৮ বছৰীয়া যুৱক ক্লেমেন মাকে ‘দৈনিক অগ্রদূত’ক কয়, “ মির্জা কলেজত নামভৰ্তি কৰিছিলাে; কিন্তু অসমীয়া মানুহৰ ব্যৱহাৰত সহজ হ’ব নােৱাৰিলাে। প্রথম বছৰতে গুচি আহিলাে।

নষ্টইনৰ পৰা স্নাতক ডিগ্রী সাং কৰি নেহু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ কৰি বর্তমান মেঘালয় চৰকাৰৰ কৰ্মচাৰী। মেঘালয়ত ঘােচ নিদিয়াকৈয়ে চাকৰি পায়। এয়া আমাৰ কাৰণে ডাঙৰ সুবিধা। আমাৰ চামৰ সকলাে ল’ৰা-ছােৱালী এতিয়াও আমি অসমীয়া যদিও ড্রাইভিং লাইচেঞ্চ, ভােটাৰ পৰিচয়পত্র, পেন কার্ড, আধাৰ কার্ড, বেংক একাউন্ট, জাতিৰ পৰিচয়পত্র আদি সকলাে মেঘালয় চৰকাৰৰ পৰাই উলিয়াই লৈছে।

অসমত যিকোনাে নথিপত্র উলিয়াবলৈ হ’লে খােজে খােজে টকা লাগে। মেঘালয়তে সকলাে নিয়মত হয়। গতিকে আমি ইতিমধ্যে মনে-প্রাণ মেঘালয়ৰ নাগৰিক। ‘মেলচাপাৰা গাঁৱৰ বাসিন্দাৰাে একেই ক্ষোভ। ৫০ বছৰীয়া এস্কপ্লৰ চাংমাই নিজৰ ক্ষোভ উজাৰি দৈনিক অগ্রদূত’ৰ আগত কয়, “মােৰ ল’ৰাই বকোৰ পৰা অসমীয়া ছােৱালী ভাল পাই বিয়া কৰােৱা কাৰণে পুলিচে ধৰিছিল; কিন্তু শ্বিলঙত কাম কৰি তাতে চিনাকি হৈ জয়ন্তীয়া ছােৱালী বিয়া কৰালে। এতিয়া ল’ৰা-বােৱাৰীয়ে শান্তিত সংসাৰ কৰি আছে। অসমীয়া হৈ থাকিলে আমাৰ বহু দুখ আছে।

এই কাৰণে মেঘালয়ত যােৱাটোৱে ঠিক আছে।’ আচলতে বৃহত্তৰ হাঁহিম আৰু গীজাং অঞ্চলৰ ঘৰে ঘৰে লুকাই আছে ক্ষোভ, অভিমান আৰু প্ৰতাৰিত হােৱাৰ খং। এই ক্ষোভ আৰু অভিমান আজিৰ নহয়। মানুহখিনিয়ে ব্রিটিছৰ আমােলৰ পৰাই স্বনির্বাসিত হৈ অন্য এখন পৃথিৱীত নিজকে প্রতিষ্ঠা কৰি আহিছে। এতিয়া সেইসমূহ অসমীয়া গাঁৱক অসম চৰকাৰে চুবুৰীয়া মেঘালয়ত অন্তর্ভুক্ত কৰাৰ অৰ্থ হ’ল—‘আগতেও উন্নয়ন কৰা নাই আৰু এতিয়াও নকৰাে।

গতিকে উন্নয়ন বিনে যদি জীয়াই থাকিব নােৱাৰা তেন্তে চুবুৰীয়া ৰাজ্যলৈ যােৱা। স্বভাৱে-চৰিত্ৰই, চিন্তা-ধাৰণা সকলাে পিনৰ পৰাই স্বাভিমানী অসমীয়া হৈ যুগ যুগ ধৰি গৌৰৱ কৰি থকা কিন্তু শেষত অসমী আইক অশ্রুসিক্ত নয়নেৰে বিদায় জনাবলৈ প্রস্তুত হােৱা অসম-মেঘালয় সীমান্তৰ সেইসমূহ গাঁৱৰ বাসিন্দাৰ ক্ষোভ ভৰা প্রতিক্রিয়া শুনি সকলােৰে মনত এটা প্রশ্ন স্বাভাৱিকতে আহিব।

অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা মাত্র ৯৬ কিলােমিটাৰ দূৰত্বৰ গীজাং গাঁওখন ইমানেই দুর্গম আছিল নে যাক অসম চৰকাৰৰ উন্নয়নে ঢুকি নাপালে কিন্তু মেঘালয় চৰকাৰে ঢুকি পালে? মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ পৰা দিনজোৰা বাটৰ দূৰত্বত অৱস্থিত গীজাঙক মেঘালয় চৰকাৰৰ উন্নয়নে ঢুকি পালে কিন্তু দিছপুৰৰ পৰা মাত্র দুঘণ্টাৰ দূৰত্বৰ গীজাঙত অসম চৰকাৰৰ উন্নয়নে ঢুকি নাপালে কিয়? এই সকলােবােৰ প্ৰশ্নৰ উত্তৰ বিচাৰি মনৰ মাজতে কিবা ভাবি গীজাং এৰি অহা বাটত গাঁওবাসীয়ে পিছপিনৰ পৰা ৰিঙিয়াই থকা যেন অনুভৱ হ’ল—“অ’ বন্ধু, সময় পালে, আমাৰ ফালে/এবাৰ আহি যাবা/সহজ সৰল গাঁৱৰ জীৱন/খন্তেক ৰৈ চাবা/এবাৰ আহি যাব

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamMEGHALAYA
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d