Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

অগ্ৰদূতৰ পাঁচ দশকৰ স্বৰ্ণিল যাত্ৰা : মোদী

অসমীয়া ভাষাত উত্তৰ-পূৰ্বাঞ্চলৰ বলিষ্ঠ কণ্ঠ 'অগ্ৰদূত', সোণালী জয়ন্তীৰ কাৰ্যসূচীৰ উদ্বোধন কৰি ক'লে প্ৰধানমন্ত্ৰীয়ে

publisher by publisher
July 7, 2022
in Assam, India, News
Reading Time: 1 min read
0
অগ্ৰদূতৰ পাঁচ দশকৰ স্বৰ্ণিল যাত্ৰা : মোদী
9
SHARES
91
VIEWS
ShareShareShareShare

RelatedPosts

দিনটোৰ ৰাশিফল

Dainik Agradoot Today’s Edition : 26 Sept 2026

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ

কলমেৰে এক দীঘলীয়া সময় তপস্যা-সাধনা কৰা ব্যক্তিগৰাকীয়ে হৈছে কনকসেন ডেকা

ADVERTISEMENT

১৯৭১ৰ পৰা এক প্ৰত্যাহ্বানপূৰ্ণ যাত্ৰাৰ ৫০টা বছৰ গৰকি আঞ্চলিক ভাষাৰ সংবাদ মাধ্যমত এক শক্তিশালী পথদ্ৰষ্টা হৈ পৰা ‘অগ্ৰদূত’ৰ সোণালী জয়ন্তী উদ্‌যাপনৰ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাকতখনক অসমীয়া ভাষাত উত্তৰ-পূৰ্বাঞ্চলৰ এক বলিষ্ঠ কণ্ঠৰূপে অভিহিত কৰে । এই যাত্ৰাক পাঁচ দৰ্শকৰ স্বৰ্ণিল যাত্ৰা বুলিও অভিহিত কৰে মোদীয়ে । তেওঁ কয় যে কাকতগোষ্ঠীৰ সম্পাদক তথা প্ৰতিষ্ঠাতা কনকসেন ডেকাই কলমেৰে দীঘলীয়া সময় তপস্যা-সাধনা কৰি আহিছে । ভাষণৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে কয়, ‘আগন্তুক সময়ত অগ্ৰদূতে নতুন উচ্চতাক স্পৰ্শ কৰক, ভাই প্ৰাঞ্জল আৰু তেওঁৰ যুৱ টীমক ম‌ই তাৰ বাবে শুভ কামনা জনাইছো ।’

‘শ্ৰীমন্ত শংকৰদেৱে অসমীয়া কাব্য আৰু ৰচনাৱলীৰ জৰিয়তে এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ অনুভৱক শক্তিশালী কৰি তুলিছে । এই মূল্যবোধকে অগ্ৰদূতে নিজস্ব সাংবাদিকতাৰে সমৃদ্ধ কৰি তুলিছে । সেয়েহে আজিৰ অনুষ্ঠানৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহ বাছনিত এক অদ্ভুত সংযোগ ম‌ই দেখিবলৈ পাইছো ।’ এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে ।

অগ্ৰদূতৰ বৰ্ষীয়ান সম্পাদক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডেকাক উদ্দেশ্যি তেওঁ কয়, ‘দশত সদ্‌ভাৱ, একতাৰ শিখাডাল জ্বলাই ৰাখিবলৈ আপোনাৰ কাকতে সাংবাদিকতাৰ জৰিয়তে বৃহৎ ভূমিকা পালন কৰিছে । ডেকা ডাঙৰীয়াৰ মাৰ্গদৰ্শনত ‘দৈনিক অগ্ৰদূতে’ সদায়ে ৰাষ্ট্ৰৰ হিতক সৰ্বোপৰি কৰি ৰাখিছে । জৰুৰীকালীন অৱস্থাৰ সময়ত যেতিয়া গণতন্ত্ৰৰ ওপৰত সৰ্ববৃহৎ আক্ৰমণ হৈছিল তেতিয়াও অগ্ৰদূত আৰু ডেকা ডাঙৰীয়াই সাংবাদিকতাৰ মূল্যবোধৰ স’তে আপোচ কৰা নাছিল ।’

তদুপৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘তেওঁ কেৱল অসমতে নহয়, ভাৰতীয়ত্বৰ স’তে ওতঃপ্ৰোতভাৱে জড়িত সাংবাদিকতাক শক্তিশালী কৰিছে । এয়েই নহয়, মূল্যবোধ নিৰ্ভৰ সাংবাদিকতাৰ বাবে এক নতুন প্ৰজন্ম‌ও সৃষ্টি কৰিছে ।’ এইদৰে প্ৰবীণ সাংবাদিকগৰাকীক ৫০ বছৰীয়া যাত্ৰাৰ বাবে প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘স্বাধীনতাৰ ৭৫ বছৰত অগ্ৰদূতৰ স্বৰ্ণজয়ন্তী সমাৰোহ কেৱল এক উচ্চতাৰ শিখৰত উপনীত হোৱাই নহয়, বৰঞ্চ ই স্বাধীনতাৰ অমৃতকালত সাংবাদিকতাৰ বাবে, ৰাষ্ট্ৰীয় কৰ্তব্যৰ বাবে প্ৰেৰণা ।’

প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে বিগত কিছুদিন ধৰি অসম বানপানীৰ বৃহৎ প্ৰত্যাহ্বান আৰু কঠিনতাৰ সন্মুখীন হৈছে । অসমৰ বহু জিলাত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘মুখ্যমন্ত্ৰী আৰু তেওঁৰ চৰকাৰ প্ৰশাসনে উদ্ধাৰ আৰু সাহায্যৰ বাবে বহু কষ্ট কৰি আছে । ময়ো সময়ে সময়ে বিভিন্ন জনৰ স’তে কথা-বতৰা পাতি আছো । মুখ্যমন্ত্ৰীৰ স’তেও আমাৰ আলোচনা হৈ থাকে । মই আজি অসমৰ ৰাইজক, অগ্ৰদূতৰ পাঠকসকলক এই আশ্বাস দিছো যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে একত্ৰিতভাৱে কঠিনতা হ্ৰাস কৰিবলৈ চেষ্টা চলাই আছে ।’

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় পৰম্পৰা, সংস্কৃতি, স্বাধীনতা, সংগ্ৰাম আৰু বিকাশৰ যাত্ৰাত ভাৰতীয় ভাষাৰ সাংবাদিকতাৰ ভূমিকা অগ্ৰণী । অসম সাংবাদিকতাৰ দিশত অতি জাগ্ৰত ক্ষেত্ৰ বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ কয় যে আজিৰ পৰা ডেৰশ বছৰ পূৰ্বে অসমীয়া ভাষাত সাংবাদিকতাৰ যাত্ৰা আৰম্ভ হৈছিল আৰু সময়ৰ লগে লগে ই শক্তিশালী হৈছে । তেওঁ কয় যে অসমে এনে বহু সাংবাদিক আৰু সম্পাদক দিছে যিসকলে আঞ্চলিক ভাষাৰ সাংবাদিকতা শক্তিশালী কৰি তুলিছে । এনে সংবাদ মাধ্যমে ৰাইজ আৰু চৰকাৰৰ মাজত যোগাযোগ স্থাপনত ভূমিকা গ্ৰহণ কৰা বুলি প্ৰধানমন্ত্ৰীয়ে কয় ।

‘অগ্ৰদূতৰ বিগত ৫০ বছৰ যাত্ৰাই অসমত হোৱা পৰিৱৰ্তনৰ কাহিনী কৈ যায় । এই পৰিৱৰ্তন বাস্তৱায়িত কৰাত গণ আন্দোলনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । গণ আন্দোলনে অসমৰ সাংস্কৃতিক, ঐতিহ্য আৰু অসমীয়া গৌৰৱ ৰক্ষা কৰিছে । এতিয়া জনসাধাৰণৰ অংশীদাৰিত্বৰ সহায়ত অসমে এক নতুন উন্নয়নৰ গাথা ৰচনা কৰিছে ।’ প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ সমাজত গণতন্ত্ৰ সেইবাবে নিহত হৈ আছে কিয়নো ইয়াত আলাপ-আলোচনাৰ জৰিয়তে সকলো মতভেদ দূৰ কৰাৰ পথ আছে । তেওঁ কয় যে যেতিয়া আলোচনা হয়, তেতিয়া সমাধান হয় । আলোচনাৰ জৰিয়তেহে সম্ভাৱনাৰ সম্প্ৰসাৰণ ঘটে বুলি উল্লেখ কৰি মোদীয়ে কয় যে ভাৰতীয় গণতন্ত্ৰত জ্ঞানৰ প্ৰবাহৰ সমান্তৰালভাৱে অবিৰতভাৱে তথ্যৰ প্ৰবাহ হৈ আছে । নিৰন্তৰভাৱে ই বৈ আছে । অগ্ৰদূত এই পৰম্পৰাক আগবঢ়াই লৈ যোৱাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰীয়ে অভিহিত কৰে ।

‘বন্ধুসকল, আজিৰ পৃথিৱীত আমি য’তেই নাথাকো কিয়, আমাৰ মাতৃভাষাত প্ৰকাশ পোৱা কাকতে আমাক নিজ গৃহৰ স’তে একাত্ম হৈ থকাৰ অনুভৱ দিয়ে । আপোনালোকে জানে যে অসমীয়া ভাষাত প্ৰকাশিত অগ্ৰদূত সপ্তাহত দুবাৰকৈ প্ৰকাশ পায় ।’ এইদৰে উল্লেখ কৰি তেওঁ কয়, ‘তাৰ পাছত এই যাত্ৰাত ‘দৈনিক অগ্ৰদূত’ৰ সংযোজন হ’ল আৰু তাৰ পাছত এতিয়া ই-পেপাৰ ৰূপত অনলাইনতো উপলব্ধ । পৃথিৱীৰ যিকোনো ঠাইত থাকিও অসমৰ বাতৰিৰ স’তে আৰু অসমৰ স’তে সংযুক্ত হৈ থাকিব পাৰে । এই কাকতৰ বিকাশৰ যাত্ৰাত আমাৰ দেশৰ পৰিৱৰ্তন আৰু ডিজিটেল উছাহৰ প্ৰতিফলন দেখিবলৈ পোৱা যায় ।’

প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে সম্প্ৰতি ডিজিটেল ইণ্ডিয়া আজি স্থানীয় সংযোগৰ এক শক্তিশালী মাধ্যম হৈ পৰিছে । যিসকলে আজি অনলাইন কাকত পঢ়ে তেওঁলোকে অনলাইনত ধন আদায় দিবলৈ জানে বুলি প্ৰধানমন্ত্ৰীয়ে কয় । অগ্ৰদূত আৰু আমাৰ সংবাদ মাধ্যম অসম আৰু দেশৰ এই পৰিৱৰ্তনৰ সাক্ষী বুলি তেওঁ কয় । স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণৰ সময়ত এটা প্ৰশ্ন নিশ্চিতভাৱে সোধা উচিত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কোনো বিশেষ ভাষা জনা কিছুমান লোকৰ মাজতে বৌদ্ধিক স্পেচ কিয় সীমাবদ্ধ হৈ থাকিব লাগে । তেওঁ কয় যে এই প্ৰশ্ন কেৱল আবেগৰ নহয়, বৈজ্ঞানিক যুক্তিৰো । তেওঁ প্ৰশ্ন কৰে যে বিগত তিনিটা ঔদ্যোগিক বিপ্লৱৰ সময়ত ভাৰতৰ গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত কিয় পিছ পৰি থাকিল । অথচ ভাৰতৰ ওচৰত আছিল জ্ঞান, জানিবলৈ সময়, নতুন চিন্তা, নতুন কিবা কৰাৰ পৰম্পৰাও আছিল । তেওঁ কয় যে ইয়াৰ কাৰণ হৈছে দাসত্বৰ দীঘলীয়া সময়ছোৱা ভাৰতীয় ভাষাৰ সম্প্ৰসাৰণ বন্ধ কৰি দিয়া হৈছিল ।

একেদৰে গৱেষণাৰ ক্ষেত্ৰকো মাত্ৰ দুই-এটা ভাষাতে সীমাবদ্ধ কৰি ৰখা হৈছিল । ভাৰতৰ এটা বৃহৎ অংশৰ দেশৰ সেই ভাষাৰ বিষয়ে কোনো ধাৰণাই নাছিল । সেয়েহে বুদ্ধিমত্তাৰ বিশেষজ্ঞতাৰ পৰিসৰ সংকুচিত হৈ আছিল । যাৰ বাবে উদ্ভাৱন আৰু উদ্ভাৱনৰ ধাৰাও সীমিত হৈ পৰিছিল । সাম্প্ৰতিক সময়ত বিশ্ব‌ই চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ দিশলৈ আগবঢ়াৰ সময়তে ভাৰতে বিশ্বক নেতৃত্ব দিয়াৰ বৃহৎ সুযোগ আহিব পৰিছে । প্ৰধানমন্ত্ৰীয়ে কয়, ‘এই সুযোগ আমাৰ দাটা পাৱাৰ আৰু ডিজিটেল অন্তৰ্ভুক্তিৰ বাবে হৈছে । কোনো ভাৰতীয়, ভাষাৰ অসুবিধাৰ বাবে যাতে উত্তম তথ্য, উত্তম জ্ঞান, উত্তম দক্ষতা আৰু সুযোগৰ পৰা বঞ্চিত কৰা নহয়, সেয়াই আমাৰ প্ৰচেষ্টা ।’ এইবাবেই ৰাষ্ট্ৰীয় শিক্ষানীতিত ভাৰতীয় ভাষাৰ অধ্যয়নত উৎসাহিত কৰা বুলিও প্ৰধানমন্ত্ৰীয়ে কয় । মাতৃভাষাত অধ্যয়ন কৰা শিক্ষাৰ্থীয়ে ভৱিষ্যতে যি বৃত্তিয়েই গ্ৰহণ নকৰক কিয়, তেওঁৰ নিজৰ ঠাই আৰু নিজৰ মানুহৰ আকাংক্ষাৰ বিষয়ে বোধগমিতা থাকিব ।

প্ৰধানমন্ত্ৰীয়ে মাতৃভাষাত জ্ঞানৰ বিষয়বস্তু সন্দৰ্ভত আৰু কয়, ‘বিশ্বৰ উত্তম বিষয়বস্তু ভাৰতীয় ভাষাত উপলব্ধ কৰাটো এতি‌য়া আমাৰ প্ৰচেষ্টা । ইয়াৰ বাবে আমি ৰাষ্ট্ৰীয় ভাষা অনুবাদ অভিযানৰ কাম কৰি আছো । প্ৰয়াসটো হ’ল যে জ্ঞান আৰু তথ্যৰ এক বিশাল ভঁৰাল হিচাপে পৰিগণিত হোৱা ইণ্টাৰনেটক প্ৰতিজন ভাৰতীয়‌ই নিজৰ ভাষাত ব্যৱহাৰ কৰিব পাৰে ।’ তেওঁ শেহতীয়াকৈ মুকলি কৰা ইউনিফাইড লেংগুৱেজ ইণ্টাৰফেজ ভাষিণী প্লেটফৰ্মৰ কথাও উল্লেখ কৰে । কোটি কোটি ভাৰতীয়ক নিজৰ ভাষাত ইণ্টাৰনেট উপলব্ধ কৰাটো সামাজিক আৰু অৰ্থনৈতিক প্ৰতিটো দিশৰ পৰা গুৰুত্বপূৰ্ণ বুলিও মোদীয়ে কয় ।

অসম আৰু উত্তৰ-পূৱৰ জৈৱ বৈচিত্ৰ্য আৰু সাংস্কৃতিক সমৃদ্ধিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অসমৰ সংগীতৰ এক চহকী পৰম্পৰা আছে আৰু ইয়াক সামগ্ৰিকভাৱে বিশ্বৰ মাজলৈ যোৱাটো প্ৰয়োজন । এই অঞ্চলটোৱে এতিয়াও প্ৰয়োজনীয় প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে অসমৰ জৈৱ বৈচিত্ৰ্য, ভাষা, গীত, সংগীতৰ টোপোলাৰ যি সমৃদ্ধ সম্ভাৰ আছে তাক দেশ আৰু বিশ্ব দৰবাৰলৈ প্ৰেৰণ কৰা উচিত । বিগত আঠ বছৰে অসম আৰু সম্পূৰ্ণ উত্তৰ-পূৰ্বাঞ্চলক আধুনিক যোগাযোগৰ ব্যৱস্থাৰ স’তে সংযুক্ত কৰিবলৈ প্ৰয়াস কৰি আছে বুলিও দোহাৰে প্ৰধানমন্ত্ৰীয়ে । ইয়াৰ দ্বাৰা অসমৰ, উত্তৰ-পূৰ্বাঞ্চলৰ ভাৰতৰ বিকাশত অংশীদাৰিত্ব ক্ৰমান্বয়ে বৃদ্ধি পাইছে । এইদৰে উল্লেখ কৰি তেওঁ কয় যে ভাষাৰ ক্ষেত্ৰতো এই অঞ্চলটো ডিজিটেল মাধ্যমেৰে সংযোজিত হ’লে জনজাতীয় পৰম্পৰা, পৰ্যটন আৰু সংস্কৃতিৰ বাবে বিপুল লাভজনক হ’ব । ‘সেয়ে অগ্ৰদূতৰ দৰে ভাৰতৰ বিভিন্ন ভাষাৰ সাংবাদিকতা কৰা কাকতে আমাৰ এনে প্ৰয়াসৰ বিষয়ে পাঠকসকলক জাগ্ৰত কৰক ।’ এইদৰে আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে । ভাৰতৰ প্ৰযুক্তি ভৱিষ্যতক সমৃদ্ধ কৰাবলৈ সকলোৰে প্ৰচেষ্টা থকা বুলি তেওঁ কয় । সকলোৰে অংশীদাৰিত্ব‌ই ইয়াক নতুন গতি দিব বুলি আশা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অগ্ৰদূতৰ লগতে ভাৰতৰ বিভিন্ন ভাষাৰ কাকতক ডিজিটেল ভৱিষ্যতৰ বিষয়ে দেশবাসীক সজাগ কৰিবলৈ আহ্বান জনায় ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে স্বচ্ছ ভাৰত অভিযানৰ দৰে প্ৰচাৰত আমাৰ সংবাদ মাধ্যমে যি ইতিবাচক ভূমিকা পালন কৰিছে, সেয়া আজিও সমগ্ৰ দেশ আৰু বিশ্বজুৰি প্ৰশংসিত হৈছে । ‘এনেদৰে অমৃত মহোৎসৱতো দেশৰ সংকল্পত আপুনি অংশগ্ৰহণকাৰী হ’ব পাৰে ।’ প্ৰধানমন্ত্ৰীয়ে এইদৰে কয় । অমৃত মহোৎসৱত অংশীদাৰ হৈ ইয়াক এক নতুন উচ্চতা আৰু দিশ প্ৰদান কৰিবলৈ তেওঁ সংবাদ মাধ্যমক আহ্বান জনায় । মোদীয়ে লগতে কয় যে অসমৰ জল সুৰক্ষা আৰু ইয়াৰ মহত্ত্বৰ বিষয়ে সকলোৱে জানে । তেওঁ কয় যে দেশৰ বিভিন্ন জিলাত অমৃত সৰোবৰৰ কাম চলি আছে ।

মোদীয়ে কয়, ‘ইয়াত মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে অগ্ৰদূতৰ জৰিয়তে অসমত এনে কোনো নাগৰিক নাথাকিব যি ইয়াৰ স’তে জড়িত নহ’ব । এক সংবাদ মাধ্যমৰ ৰূপত প্ৰতিজন লোকৰ ওচৰলৈ কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত আপোনালোকে বৃহৎ ভূমিকা ল’ব পাৰে । আপোনালোকৰ এই প্ৰয়াসে ইয়াকে নতুন গতি দিব পাৰে ।’ তেওঁ কয় যে স্বাধীনতা যুঁজত অসমৰ স্থানীয় লোক আৰু আদিবাসী সমাজৰ বৃহৎ অৱদান আছে । এই গৌৰৱশালী অতিতক প্ৰতিজন লোকৰ ওচৰলৈ নিয়াৰ ক্ষেত্ৰত অগ্ৰদূতে বৃহৎ ভূমিকা পালন কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰীয়ে কয় । ‘মোৰ গভীৰ বিশ্বাস আছে যে অগ্ৰদূতৰ সমাজৰ এই ইতিবাচক প্ৰয়াসক নতুন শক্তি দিয়াৰ যি কৰ্তব্য বিগত ৫০ বছৰে পালন কৰি আহিছে, আগন্তুক বহু দশক ধৰি এই দায়িত্ব পালন কৰি যাব । অসমৰ মানুহ আৰু অসমৰ সম্প্ৰীতিৰ বিকাশৰ ক্ষেত্ৰত অগ্ৰদূতে গভীৰ প্ৰত্যয়ৰে কাম কৰি যাব । এখন সুতথ্য সমৃদ্ধ, উত্তম তথ্য সমৃদ্ধ সমাজ আমাৰ সকলোৰে প্ৰাপ্য । আহক আমি সকলোৱে মিলি ইয়াৰ বাবে কাম কৰো ।’ এইদৰে মন্তব্য প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘পুনৰ আপোনালোকক এই স্বৰ্ণিল সময়ৰ অভিবাদন আৰু আগন্তুক ভৱিষ্যতৰ বহু শুভ কামনা জনালো ।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Dainik AgradootGolden Jubileekanaksen dekaNarendra Modi
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d