Delimitation Bill Approved In Union Cabinet :
দৈনিক অগ্ৰদূত ডিজিটেল ডেস্ক:আজি বিয়লিভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰোহিত্যত অনুষ্ঠিত হয় কেন্দ্ৰীয় কেবিনেটৰ বৈঠক। মহিলা সংৰক্ষণ বিধেয়ক আৰু সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কৰ বিধেয়ক সন্দৰ্ভত এক বৃহৎ সিদ্ধান্ত লোৱা হ’ব পাৰে বুলি ব্যাপক জল্পনা-কল্পনাৰ মাজতে ৰাজনৈতিক মহলক চমক দি সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কৰ গুৰুত্বপূৰ্ণ সংশোধনীত অনুমোদন জনাই কেন্দ্ৰীয় কেবিনেটে। একেদৰে ৮৫০খন আসন বৃদ্ধিৰ প্ৰস্তাৱতো অনুমোদন কেবিনেটৰ ৷ প্ৰস্তাৱিত সংশোধনী অনুসৰি ৰাজ্যসমূহত লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি হ’ব ৫০ শতাংশলৈ ৷
প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ৪৫ মিনিটৰ বৈঠকত মহিলাৰ বাবে ৩৩% সংৰক্ষণ কাৰ্যকৰী কৰাৰ প্ৰস্তাৱতো অনুমোদন দিয়া হয় ৷
উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক খনে দ্বিতীয়বাৰৰ বাবে বিৰোধীৰ সমৰ্থন লাভ কৰে। ইয়াৰ পূৰ্বে এপ্ৰিল মাহত লোকসভাত সংখ্যাগৰিষ্ঠতাৰ অভাৱত বিধেয়কখন গৃহীত হোৱাত ব্যৰ্থ হৈছিল। এতিয়া বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটে সংবিধান সংশোধনী বিধেয়কখন গৃহীত কৰিবলৈ প্ৰয়োজনীয় দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
# মহিলাৰ বাবে ৩৩% সংৰক্ষণ কাৰ্যকৰী
যদিহে সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক খনে লোকসভা আৰু ৰাজ্যসভা দুয়োখনতে সংখ্যাগৰিষ্ঠতা লাভ কৰে তেন্তে মহিলাৰ বাবে ৩৩% সংৰক্ষণ কাৰ্যকৰী হ’ব। সম্প্ৰতি সাংবিধানিক সংশোধনী বিধেয়ক অনুমোদন কৰা হৈছে। প্ৰস্তাৱিত আইনখনত সকলো ৰাজ্যতে লোকসভাৰ আসন একেধৰণৰ ৫০% বৃদ্ধিৰ ব্যৱস্থা কৰা হৈছে, একে সময়তে ২০৫১ চনলৈকে বৰ্তমানৰ আসনৰ অনুপাত বজাই ৰখা হৈছে।
মনকৰিবলগীয়া যে বিশেষ অধিৱেশনৰ বাবে সংসদ পুনৰ আৰম্ভ হোৱাৰ মাত্ৰ কেইদিনমান পূৰ্বে এই সিদ্ধান্ত লোৱা হৈছে, কিয়নো চৰকাৰে এপ্ৰিল মাহত পৰাজয়ৰ পিছত বিধেয়কখন গৃহীত কৰাৰ বাবে আন এক প্ৰয়াস কৰিবলৈ সাজু হৈছে।
# সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়ক গৃহীত হ’লে কি লাভ হ’ব ?
সমষ্টি পুনৰ নিৰ্ধাৰণ বিধেয়কখন গৃহীত হোৱাৰ লগে লগে লোকসভা আৰু ৰাজ্যিক বিধানসভা সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ কৰা হ’ব। সমষ্টি পুনৰনিৰ্ধাৰণ বিধেয়ক গৃহীত হ’লে লোকসভাৰ আসনৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে ৩৩% মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ বাট মুকলি হ’ব। উল্লেখ্য যে, ৩০ নৱেম্বৰত লোকসভা আৰু ২ ডিচেম্বৰত ৰাজ্যসভাৰ অধিৱেশন আহ্বান কৰা হৈছে ।
ADVERTISEMENT






























