G20 Meet Begins At Guwahati :
মহানগৰীৰ পঞ্চতাৰকা হোটেল ৰেডিছন ব্লু’ত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে জি২০ শীৰ্ষক সন্মিলন ৷ কাৰ্যসূচী অনুসৰি পুৱা ভাগত অনুষ্ঠিত হয় জি২০ সন্মিলনৰ উদ্বোধনী অনুষ্ঠান ৷
মুখ্য অতিথি ৰূপে ভাগ লয় কেন্দ্ৰীয় জাহাজ আৰু আয়ুস দপ্তৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মন্ত্ৰী গৰাকীয়ে শীৰ্ষ সন্মিলন খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷
ইয়াৰ পাছতেই মন্ত্ৰী গৰাকীয়ে সম্বোধন কৰে এক সংবাদমেল ৷ সংবাদমেলত সৰ্বানন্দ সোণোৱালে কয় যে, জি ২০ ৰ বিগত বৈঠক ইন্দোনেছিয়াৰ আতিথ্যত অনুষ্ঠিত হোৱাৰ পাছতে পৰৱৰ্তী অধ্যক্ষৰ বাবে ভাৰত নামত মোহৰ মাৰে শীৰ্ষ সন্মিলনে ৷ ইয়াৰ পাছতে আনুষ্ঠানিকভাৱে ইন্দোনেছিয়াৰ ৰাজধানী বালিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত দেশখনৰ প্ৰধানমন্ত্ৰীয়ে তুলি দিয়ে জি২০ ৰ পতাকা ৷
ভাৰতে জি ২০ শীৰ্ষ সন্মিলন অনুষ্ঠিত কৰাৰ দায়িত্ব পোৱাৰ পাছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতৰ বিভিন্ন চহৰৰ লগতে গুৱাহাটীটো অনুষ্ঠিত হৈছে জি২০ বৈঠক ।
সোনোৱালে সংবাদমেলত আৰু কয় ,এই বৈঠকৰ যোগেদি জি-২০ ৰ অন্তভূক্ত দেশসমূহে জলবায়ু সম্পৰ্কত বিস্তৃত আলোচনা কৰিব ৷ একেদৰে আগন্তুক দিনবোৰত বিশ্বৰ মানৱ সভ্যতা কেনেদৰে শান্তি, প্ৰগতি, সমৃদ্ধি আৰু মানৱতাৰ হকে কাম কৰিব এই সন্দৰ্ভততো জি২০ বৈঠকত আলোচনা হ’ব বুলি উল্লেখ কৰে ৷ জি ২০ বৈঠকৰ জৰিয়তে অসমে এক সুবৰ্ণ সুযোগ লাভ কৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে।
আনহাতে উত্তৰ পূৰ্বৰ দুৱাৰমুখ গুৱাহাটীত এই বৈঠক অনুষ্ঠিত কৰাত বিশেষভাৱে উপকৃত হ’ব অসম চৰকাৰ আৰু ৰাজ্যবাসী৷ কিয়নো ৰাজ্যখনৰ কৃষ্টি-সংস্কৃতি,জাতীয় সম্পদ, প্ৰাচীন কীৰ্তিচিহ্ন ,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে বিশ্ব সম্প্ৰদায়ে ওচৰৰ পৰা প্ৰত্যক্ষ কৰিব ৷ ইয়ে বিশ্ব দৰবাৰলৈ প্ৰদৰ্শনৰ এক সুযোগ বুলি অভিহিত কৰে মন্ত্ৰী গৰাকীয়ে ৷ এই সুযোগ অসমক দিছে প্ৰধানমন্ত্ৰী মোডীয়ে ৷
মন্ত্ৰী সোনোৱালে আৰু কয়, ইয়াৰ পূৰ্বে এনে বৈঠক দেশৰ কেইখন মান বচা বচা চহৰতে সীমাবদ্ধ ৰাখিছিল পূৰ্বৰ চৰকাৰ সমূহে ৷ কিন্ত শেহতীয়াকৈ জি ২০ ৰ শীৰ্ষ সন্মিলনৰ দায়িত্ব ভাৰতে লাভ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী মোডীয়ে গুজৰাটৰ পৰা অৰুণাচল আৰু কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ প্ৰতিখন ৰাজ্যক সামৰি প্ৰতিটো অঞ্চলত জি ২০ বৈঠক আয়োজনৰ সূযোগ দিছে ৷ এই পদক্ষেপৰ বাবে মন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰীক কৃতজ্ঞতা জনায় ৷
উল্লেখ্য যে জি ২০ শীৰ্ষ বৈঠক ভাৰতে লাভ কৰাৰ লগতে দিল্লীত অনুষ্ঠিত হ’ব লগা মুল বৈঠকত অধ্যক্ষতা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷
য’ত উপস্থিত থাকিব আমেৰিকা,ফান্স, ইংলেণ্ড জাপান,কানাডা,চৌদী আৰৱীয়া,ৰাছিয়া,চীন ,ইউৰোপীয় ইউনিয়ন, ইন্দোনেছিয়া ,ইটালী,মেস্কিকো,দ:আফ্ৰিকা,দ:কোৰিয়া,তুৰস্ক আৰু জাৰ্মানী সহ জি২০ ৰ ২০ খন দেশৰ লগতে আমন্ত্ৰিত সদস্য ৰাষ্ট্ৰ স্পেইন সহ আন কেবাখনো দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে ৷