Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

School Teaches Only 10 Days of 42 Days:স্কুলত ৪২ দিনৰ মাত্ৰ ১০ দিনহে পাঠদান !

উদযাপনৰ ভিৰত স্তব্ধ হৈছে পাঠদান, শিক্ষকৰ অসন্তোষ , সকলো চৰকাৰী আঁচনিৰ অস্তিত্ব বজাই ৰাখিছে বিদ্যালয়সমূহে ,ছমহীয়া পৰীক্ষা বাতিল কৰি অমৃত কলহ যাত্ৰা

publisher by publisher
October 2, 2023
in India, Assam, News
Reading Time: 5 mins read
0
School Teaches Only 10 Days of 42 Days:স্কুলত ৪২ দিনৰ মাত্ৰ ১০ দিনহে  পাঠদান !
9
SHARES
89
VIEWS
ShareShareShareShare

School Teaches Only 10 Days of 42 Days:

বিভিন্ন উৎসৱ উদ্যাপন, দিৱস পালন আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গন্তিকে ধৰি বিভিন্ন চৰকাৰী নিৰ্দেশনা পালনৰ ভৰত শেহতীয়াকৈ স্তব্ধ হৈ পৰিছে ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ পাঠদান ব্যৱস্থা।

ADVERTISEMENT

প্রায় প্রতি দিনেচৰকাৰী বিদ্যালয়সমূহলৈ বিদ্যালয় শিক্ষা বিভাগে প্ৰেৰণ কৰা নিত্য নতুন নির্দেশনা অনুসৰি যাৱতীয় কাম-কাজ সমাপনত ব্যস্ত হ’বলগীয়া হোৱা হেতুকে পাঠদান ব্যৱস্থা সম্পূৰ্ণৰূপে স্থৱিৰ হৈ পৰিছে।

RelatedPosts

Education Minister Dr Ranoj Pegu:প্ৰণালীবদ্ধভাৱে শিক্ষাক আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষা বিভাগ বদ্ধপৰিকৰ- শিক্ষামন্ত্ৰী ডাঃ পেগু

Education Minister Dr Ranoj Pegu:মন্ত্ৰী গোটৰ প্ৰতিবেদন সংশোধন হ’ব, বিলম্ব হ’ব দিল্লীলৈ প্ৰেৰণ

Assam Assembly Winner Session 3ed Day:জনজাতিকৰণৰ মন্ত্ৰীগোটৰ প্রতিবেদন সদনত দাখিল মন্ত্ৰী ডা:ৰণোজ পেগুৰ

বিগত ২২ আগষ্টৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে এই সময়ছোৱাত অর্থাৎ ৪২ দিনৰ ভিতৰত ৰাজ্যৰ প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়সমূহত মাত্র ১০ দিনহে সম্পূৰ্ণৰূপে পাঠদান হৈছে। আন ৩২ টা দিনতেই শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী কোঠা এৰি ব্যস্ত হ’বলগীয়া হৈছে বিদ্যালয় শিক্ষা বিভাগে জাপি দিয়া বিভিন্ন কাৰ্যসূচী ৰূপায়ণত।
পৰিস্থিতি এনে পৰ্যায়ত উপনীত হৈছে যে একমাত্ৰ হিতাধিকাৰী আঁচনিসমূহৰ বাদে চৰকাৰে গ্ৰহণ কৰা আন সকলো আঁচনিৰে অস্তিত্ব একমাত্ৰ চৰকাৰী বিদ্যালয়সমূহেহে বৰ্তাই ৰাখিছে।

অমৃত বৃক্ষ আন্দোলনৰ পৰ আৰম্ভ কৰি, অমৃত কলহ যাত্ৰালৈকে সর্বত্র অংশ ল’বলগীয়া হৈছে ৰাজ্যৰ কণ কণ ছাত্র-ছাত্রীসকলে। যি সময়ত চৰকাৰী শিক্ষানুষ্ঠানসমূহত পাঠদান নোহোৱাৰ অজুহাতত ছাত্ৰ-ছাত্ৰী সংখ্যা হ্রাস পাইছে বুলি স্বয়ং শিক্ষামন্ত্রীয়েই সঘনাই শিক্ষকসকলক আঙুলিয়াই আহিছে, সেই সময়তে এইখন অসমতে শিক্ষামন্ত্ৰীৰ নিৰ্দেশত ছম‍হীয়া পৰীক্ষাও বাতিল কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে।

যোৱা ২৮ ছেপ্টেম্বৰত বিদ্যালয়সমূহক অমৃত কলহ যাত্ৰা কৰিবলৈ বিদ্যালয় শিক্ষা বিভাগে তৎকালীনভাবে দিয়া নির্দেশৰ সূত্রে ২৮ ছেপ্টেম্বৰত ৰাজ্যৰ বহু সংখ্যক প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয়ত চলি থকা ছমহীয়া পৰীক্ষা বাতিল কৰিবলগীয়া হয়।

পৰীক্ষা গৃহত বহাৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীসকলে হাতত কলহ আৰু ত্ৰিৰংগা পতাকা লৈ প্ৰখৰ ৰ’দকো নেওচি ৰাজপথত সমদল উলিয়াবলৈ বাধ্য হয়। নগাঁও জিলাৰ ৰাইদংগীয়া ৪৩৭ নম্বৰ কৰচুং সত্ৰ প্রাথমিক বিদ্যালয়ত উক্ত দিনা আছিল গণিতকে ধৰি কেবাটাও বিষয়ৰ পৰীক্ষা।

পৰীক্ষাৰ বাবে সকলো প্রস্তুতি সম্পূৰ্ণ হোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে পুৱাতেই পৰীক্ষা দিবলৈ বিদ্যালয়ত উপস্থিত হৈছিল; কিন্তু পৰীক্ষাৰ আগদিনা নিশা বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীলৈ ওপৰ মহলৰ পৰা নিৰ্দেশনা আহিল যে পিছদিনা ছাত্ৰ-ছাত্ৰীসকলক লৈ অমৃত কলহ যাত্ৰাত অংশ ল’ব লাগে।

চৰকাৰী নিৰ্দেশনাৰ সূত্ৰে অৱশেষত বিদ্যালয় কর্তৃপক্ষই ছমহীয়া পৰীক্ষা বাতিল কৰি ছাত্ৰ-ছাত্ৰীসকলক হাতত কলহ লৈ মাটি সংগ্ৰহ কৰি ৰাজপথত সমদল উলিয়াবলৈ বাধ্য হ’ল। পৰীক্ষা বাতিল কৰি এনেদৰে প্ৰখৰ ৰ’দত শিশু ছাত্ৰ-ছাত্ৰীসকলক সমদল কৰিবলৈ বাধ্য কৰোৱাক লৈ স্থানীয় অঞ্চলটোৰ লগতে সমগ্ৰ জিলাখনতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
একে সময়তে উক্ত দিনা হয়তো পৰীক্ষা অন্যথা নিয়মীয়া পাঠদান বাতিল কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্ধে ছাত্ৰ ছাত্ৰীসকলে অমৃত কলহ যাত্ৰাৰ নামত প্ৰখৰ ৰ’দত সমদল উলিওৱাৰ দৃশ্য সামাজিক মাধ্যমতো ‘ভাইৰেল হৈ পৰে।

উল্লেখ্য যে বিদ্যালয় শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ উপস্থিতি নিৰীক্ষণৰ বাবে আৰম্ভ কৰা শিক্ষাসেতু এপৰ বাবেও এতিয়া নগুৰ-নাগতিৰ সন্মুখীনৰ হৈছে শিক্ষকসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলো।

চৰকাৰীভাৱে যোগান ধৰা টেবলেটত সন্নিবিষ্ট এপযোগে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ দৈনিক হাজিৰা আপলোড কৰাক লৈ শিক্ষক-শিক্ষয়িত্ৰীসকল এতিয়া বিমোৰত পৰিছে। গৰমৰ বন্ধ খোলাৰ পাছৰে পৰা শিক্ষক-শিক্ষয়িত্ৰীসকলে এই এপ ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাজিৰা দিবলৈ প্ৰতিদিনে চেষ্টা চলাই বিমোৰত পৰিছে।

কোনোখন বিদ্যালয়ত যদি ইন্টাৰনেট সেৱা নাই, আন কোনোৱাখনত পোহৰৰ অভাৱ বা কোনোবা বিদ্যালয়ৰ টেবলেটটো কাৰিকৰী বিজুতিৰ বাবে সুচল নোহোৱা অথবা এপটোৱে পূর্বে সন্নিবিষ্ট কৰা সত্ত্বেও ছাত্ৰ-ছাত্ৰীৰ মুখায়ৱৰ চিনাক্ত কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে।

এনে অৱস্থাত বহু বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীয়ে ছাত্ৰ-ছাত্ৰীসকলৰ গাইপতি ফটো লৈ অনলাইন হাজিৰা সংগ্রহতে ব্যস্ত থাকিবলগীয়া হয়। ইয়াৰ মাজতে শিক্ষামন্ত্ৰীয়ে কালি নিৰ্দেশ দিছে যে তিনি অক্টোবৰৰ পৰা শিক্ষাসেতু এপযোগে উপস্থিতিৰ হাজিৰা লোৱাটো বাধ্যতামূলক।

উল্লেখ্য যে এই এপযোগে হাজিৰা দিবলৈ একো একোগৰাকী ছাত্ৰ-ছাত্ৰীয়ে সঘনাই বিভিন্ন দিশলৈ চাই চকু টিপিবলগীয়া হয়। এনেদৰেই বিদ্যালয়সমূহৰ পাঠদানৰ মূল্যবান সময় অপচয় হ’ব ধৰিছে। ইয়াৰ মাজতে শিক্ষামন্ত্রীয়ে তিনি অক্টোবৰৰ পৰা অনলাইন উপস্থিতি বাধ্যতামূলক কৰিবলৈ দিয়া নির্দেশে এতিয়া বিপাঙত পেলাইছে শিক্ষক- শিক্ষয়িত্রীসকলক।

পহিলা অক্টোবৰত ‘এক তাৰিখ এক ঘন্টা’, আজি অহিংসা দিৱস, বুধবাৰৰ পৰা ১০ অক্টোবৰলৈ মানসিক স্বাস্থ্য সপ্তাহ উদযাপনৰ নিৰ্দেশ:

বিদ্যালয় নহয়, যেন সেনাবাহিনীৰ প্ৰশিক্ষণহে। চৰকাৰী বন্ধ বা খোলা দিন বুলি কোনো কথা নাই, বিদ্যালয়ৰ মূল উদ্দেশ্য পাঠদানৰ প্ৰসংগ পাহৰি শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলক নিয়মীয়াকৈ আনুষংগিক কাৰ্যসূচীত ব্যস্ত ৰখাৰ বাবেহে শিক্ষা বিভাগে নিৰ্দেশ জাৰি কৰিছে।

উল্লেখ্য যে আজি পহিলা অক্টোবৰৰ দিনা চৰকাৰী বন্ধৰ দিন থকা সত্ত্বেও ‘এক তাৰিখ এক ঘন্টা’ কাৰ্যসূচী পালন কৰিবলৈ আৰ্জি দেওবাৰৰ দিনাও শিক্ষক-শিক্ষয়িত্রী আৰু ছাত্র-ছাত্রীক বিদ্যালয়ত উপস্থিত থাকিবলৈ কঠোৰ নিৰ্দেশ দিয়া হয়।

এই নিৰ্দেশ পালন কৰিবলৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্রীয়ে আজি পুবাতেই বিদ্যালয়লৈ আহি স্বচ্ছতা অভিযানত অংশ লৈ জিপিএছ ব্যৱস্থাৰে আলোকচিত্র আপলোড কৰিবলৈ বাধ্য হয়।

ইফালে, আজি দুই অক্টোবৰত গান্ধী জয়ন্তী উপলক্ষে চৰকাৰী বন্ধৰ দিন আছে যদিও ৰাজ্য চৰকাৰৰ আন সকলো বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক বাদ দি একমাত্ৰ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক কাইলেও নিয়মীয়াকৈ বিদ্যালয় খোলা ৰাখিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে।

গান্ধী জয়ন্তী উপলক্ষে বিদ্যালয় খোলা থাকিলেও পিছে পাঠদান নহয়, মহাত্মা গান্ধীৰ জীৱন-আদৰ্শক লৈ বিভিন্ন কাৰ্যসূচীহে উদ্‌যাপন কৰিবলৈ কোৱা হৈছে। আকৌ মঙলবাৰৰ দিনটোক বাদ দি বুধবাৰৰ পৰা বিদ্যালয়সমূহত সাতদিন ধৰি মানসিক স্বাস্থ্য সপ্তাহ পালন কৰিবলৈ বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে নির্দেশ জাৰি কৰিছে।

উল্লেখ্য যে অহা ১০ অক্টোবৰৰ বিশ্ব মানসিক স্বাস্থ্য দিৱস উপলক্ষে বিদ্যালয় শিক্ষা বিভাগে চৰকাৰী শিক্ষানুষ্ঠানসমূহত এসপ্তাহ পূৰ্বৰে পৰা এই দিৱস পালনৰ নিৰ্দেশ জাৰি কৰিছে। এই এসপ্তাহত বিদ্যালয়সমূহত ধোঁৱাচাঙত পাঠদান, কিয়নো বিদ্যালয় শিক্ষা বিভাগে এই এসপ্তাহত নিয়মীয়াকৈ ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য উন্নত কৰাৰ বাবে কেতবোৰ কাৰ্যসূচী ৰূপায়ণ কৰিব লাগিব।

ইয়াৰে ভিতৰত আছে প্রতিদিনে মানসিক স্বাস্থ্যৰ উৎস সন্দৰ্ভত ইতিবাচক লেখাবে অনুপ্ৰাণিত কৰা প’ষ্টাৰ লিখা, কমিকছ লেখা, শ্ল’গান লেখা, যোগ সাধনা তথা অন্যান্য মানসিক শাস্তি যোগাব পৰা কাৰ্যসূচী আৰু মানসিক অৱসাদ দূৰ কৰিব পৰা কৰ্মসূচী, বাগিচাত কাম-কাজ, প্রাকৃতিক পৰিৱেশত খোজকঢ়া, খেল- ধেমালি, নৃত্য, সংগীত আদি কাৰ্যসূচী। একেদৰেই অনুষ্ঠিত কৰিব লাগিব মানসিক স্বাস্থ্য সজাগতা সৃষ্টিকাৰী প্ৰচাৰ সমূহীয়া আলোচনা আৰু সাধু কথা কোৱা কাৰ্যসূচীৰ লগতে নাটক, অভিনয় আদি।

ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসহ বিদ্যালয়ৰ সমূহ কৰ্মচাৰী, অভিভাৱক আৰু ওচৰ-চুবুৰীয়াৰ মাজতো মানসিক স্বাস্থ্য সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

ইয়াৰ উপৰি বিদ্যালয় চৌহদত কোনো এটা নিৰাপদ আৰু মানসিকভাৱে গ্রহণযোগ্য এটা স্থানত ‘লেটছ টক’, ‘হেপীনেছ জ’ন’ অথবা ‘ৱেলনেছ জ’ন’ সৃষ্টি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে সেই স্থানত তেওঁলোকৰ মনৰ চিন্তাধাৰা বা আবেগসমূহ খোলাকৈ প্ৰকাশ কৰিব পাৰে।

ইফালে, এই সাতদিনীয়া কাৰ্যসূচীতে শিক্ষকসকলে নিয়মীয়াকৈ অংশগ্ৰহণ কৰিব লাগিব এক’ মানসিক স্বাস্থ্য সমীক্ষা ‘টো। অর্থাৎ সুদীর্ঘ এটা সপ্তাহ পাঠদান এৰি কেৱল মানসিক স্বাস্থ্যক লৈ ব্যস্ত হৈ থাকিব লাগিব শিক্ষক- শিক্ষয়িত্ৰীৰ পৰা আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰী সকল ৷

এমাহত ১৮ টাকৈ নিদৰ্শনা:

উৎসৱ উদযাপনৰ পৰা আৰম্ভ কৰি বিভিন্ন দিৱস পালন আৰু বিদ্যালয় তথা শিক্ষা বিভাগৰ বিভিন্ন কাম-কাজ সমাপনৰ বাবে বিগত প্রায় ৩০ টা দিনতে ১৮ টাকৈ কঠোৰ নিৰ্দেশনা দিছে শিক্ষা বিভাগে।

বিদ্যালয় শিক্ষা বিভাগে দিয়া নিৰ্দেশনাসমূহৰ অন্যতম হ’ল ২২ আগষ্টত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰে ইউডাইছ প্লাছত আধাৰ লিংক কৰা, ২৩ আগষ্টত চন্দ্ৰযান তিনিৰ অৱতৰণৰ মূহূৰ্ত ছাত্ৰ-ছাত্ৰীক প্ৰদৰ্শন কৰাৰ বাবে পুৱাৰে পৰা সন্ধিয়া হয় বজালৈকে বিদ্যালয় খোলা ৰখা, – ২৫ আগষ্টত অমৃত বৃক্ষ ৰোপণৰ পঞ্জীয়ন কৰা, ২৮ আগষ্টত কলা উৎসৱ পালন কৰা, পহিলা ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ বিদ্যালয় চৌহদ, শৌচাগাৰ, প্ৰস্ৰাৱগাৰ, চাফ-চিকুণ আদিকে ধৰি বিভিন্ন কাৰ্যসূচীৰে স্বচ্ছতা পষেক পর্যবেক্ষণ কাৰ্যসূচী, পাঁচ ছেপ্টেম্বৰত পিএমশ্ৰী অভিযানৰ বাবে অনলাইন আবেদন, ১৩ ছেপ্টেম্বৰৰ পৰা দুই অক্টোবৰলৈ স্বচ্ছতাই সেৱা কাৰ্যসূচী ৰূপায়ণ, ১৬ ছেপ্টেম্বৰত পোষণ মাহ উদ্‌যাপন, ১৭ ছেপ্টেম্বৰত অমৃত বৃক্ষ আন্দোলন, ২৫ ছেপ্টেম্বৰত ভৱিষ্যতৰ খেল মহাৰণ পঞ্জীয়ন, ২৫ ছেপ্টেম্বৰতে মিছন প্ৰকৃতিৰ বাবে শিক্ষকৰ পঞ্জীয়ন, ২৬ ছেপ্টেম্বৰত ধপাত মুক্ত শপত্রগ্রহণ দিন, ২৮ ছেপ্টেম্বৰত এক ভাৰত, শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচী, ২৮ ছেপ্টেম্বৰতে ‘মেৰী মাট্টি মেৰী দেছ/অমৃত কলহ যাত্রা, ২৮ ছেপ্টেম্বৰতে গুণোৎসৱ ২০২৪ৰ বাবে ছাত্ৰ-ছাত্ৰীৰ পৰিসংখ্যা সম্পূর্ণ তথ্য আপলোড কৰা, পহিলা অক্টোবৰত ‘এক তাৰিখ এক ঘন্টা’, দুই অক্টোবৰত অহিংসা দিৱস উদ্‌যাপন, চাৰিৰ পৰা ১০ অক্টোবৰলৈ মানসিক স্বাস্থ্য সপ্তাহ উদ্‌যাপনৰ দৰে দীঘলীয়া তালিকাই ইতিমধ্যে প্রায় স্তব্ধ কৰি তুলিছে ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহৰ নিয়মীয়া পাঠদান কাৰ্যসূচী।

ধোঁৱাচাঙত উঠিল এছচিইআটিৰ শৈক্ষিক দিনপঞ্জী:

ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ পাঠদান, বন্ধৰ দিন, উদ্‌যাপনৰ দিন, পৰীক্ষা আদিৰ সময়সূচী নিৰ্ধাৰণ কৰি ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু শিক্ষণ প্ৰতিষ্ঠান (এছচিইআৰটি)য়ে শিক্ষাবৰ্ষৰ আৰম্ভণিত প্ৰস্তুত কৰি উলিওৱা শৈক্ষিক দিনপঞ্জীখন অসাৰ প্ৰতিপন্ন হৈছে।

কিয়নো শৈক্ষিক দিনপঞ্জী মতে বিগত কোনো এটা মাহতে ৰাজ্যৰ বিদ্যালয়সমূহৰ পাঠদান বা অন্যান্য কর্মসূচী পালন কৰা নহয়। বিদ্যালয় শিক্ষা বিভাগে জধে-মধে শেষ মূহূৰ্তত দিয়া কেতবোৰ কাৰ্যসূচী ৰূপায়ণতহে ব্যস্ত হ’বলগীয়া হৈছে বিদ্যালয়সমূহ। যাৰ ফলত পাঠদান প্রক্রিয়া সম্পূৰ্ণৰূপে স্তব্ধ হৈছে।

পৰিস্থিতি এনে পৰ্যায়ত উপনীত হৈছে উদ্‌যাপনৰ ভিৰৰ বিপৰীতে পাঠদান হ্ৰাস পোৱাৰ সূত্রে বহু সচেতন অভিভাৱকে এতিয়া চৰকাৰী বিদ্যালয়ৰ পৰা নিজৰ সন্তানক আঁতৰাই নি ব্যক্তিগত বিদ্যালয়ত নামভৰ্তি কৰোৱাইছে। যাৰ ফলত চৰকাৰী শিক্ষানুষ্ঠানসমূহত দিনে দিনে হ্ৰাস পাবলৈ ধৰিছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা।

ছ’চিয়েল মিডিয়াত শিক্ষা বিভাগৰ কৰ্ম-কাণ্ডক লৈ ক্ষোভ শিক্ষকৰ:

হঠাতে শিক্ষা বিভাগৰ কৰ্ম-কাণ্ডৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্রকাশ ঘটিছে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ। পাঠদান কৰাৰ বাবে যোগ্য শিক্ষক-শিক্ষয়িত্রীসকলেও এতিয়া পাঠদানৰ পৰিৱৰ্তে অশৈক্ষিক কাম- কাজতহে নিজৰ লগতে ছাত্ৰ-ছাত্ৰীকো ব্যস্ত ৰাখিবলগীয়া হোৱাত হতাশাত ভুগিছে।

ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগৰ চূড়ান্ত অদূৰদৰ্শী এনেবোৰ কৰ্ম-কাণ্ডই ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যৎ অন্ধকাৰাচ্ছন্ন কৰিব বুলিহে শিক্ষক সমাজে শংকা প্রকাশ কৰিছে। শিক্ষক-শিক্ষয়িত্ৰীসকলে আনকি এনে হতাশা আৰু আশংকা সামাজিক মাধ্যমত বিভিন্ন মতামত প্ৰকাশ কৰিছে।

এনে কেতবোৰ বক্তব্য হ’ল ‘আমাক পঢ়ুৱাবলৈ দিয়ক’, ‘পৰীক্ষা চলি থকাৰ মাজতে শোভাযাত্ৰাৰ নিৰ্দেশ দিব আৰু প্রশ্ন কৰিব আৰু এনৰ’লমেন্ট কিয় কম হ’ল, ভালকৈ নপঢ়ায়’ ইত্যাদি। সৌৰভজোতি দাসৰ প্ৰশ্ন ‘প্রাথমিক বিদ্যালয়ৰ হুমহীয়া পৰীক্ষাৰ আজি গণিতৰ পৰীক্ষা আছিল, হঠাৎ অহা নিৰ্দেশৰ বাবে পৰীক্ষা পিছুৱাই দি আজি প্ৰখৰ ৰ’দত ছাত্ৰ- ছাত্ৰীসকলক ঘূৰাই-ফুৰোৱা হ’ল।

প্ৰখৰ ৰ’দত অমৃত কলহ যাত্ৰা কৰিবলৈ নিৰ্দেশ দিয়াসকলৰ মগজুত কিবা আছেনে? গুজ্যোতি শইকীয়াৰ প’ষ্ট “শিক্ষকক শিক্ষক হৈ থাকিবলৈ দিয়ক। ট্রেইনিংবোৰত প্ৰায়ে বুজায় কিন্তু বাস্তৱ কি? আমি বাস্তৱত সেই সুবিধা পাইছোনে?

আজিৰ দিনত প্ৰতিজন শিক্ষক চৰম মানসিক অশান্তিত ভুগিছে। এক বুজাব নোৱাৰা চেপা উত্তৰে ভাৰাক্ৰান্ত হৈছে। মাত্ৰ উদ্‌যাপনতে ব্যস্ত ৰাখি কি বুজাব বিচাৰিছে। বিদ্যালয়সমূহ দিনে দিনে বন্ধ হৈ আহিছে, বৰাকৰ ফালেতা অসমীয়া ভাষাৰ ইতি পৰিলেই।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: assam EducationEducation Dept New OrderEducation minister Dr. Ranoj PeguSchool Teaches
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d