Education Minister Dr Ranoj Pegu:
মহানগৰীৰ বোন্দাস্থিত অসম ৰাজ্যিক পাঠ্যপুথি নিগমৰ কেন্দ্ৰীয় ভঁৰাল চৌহদৰ পৰা মঙলবাৰে ৰাজ্যৰ বিদ্যালয়সমূহৰ শিক্ষাৰ্থীসকলৰ বাবে ২০২৬-২৭ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
উল্লেখযোগ্য যে ৯টা মাধ্যম আৰু ১৯টা ভাষাক সামৰি প্ৰকাশ কৰা মুঠ ৩.৪২ কোটিখন বিনামূলীয়া পাঠ্যপুথিৰ দ্বাৰা এইবেলি ৪৯.৮৪ লাখ গৰাকী শিক্ষাৰ্থীয়ে পাঠ্যপুথি লাভ কৰিব। অনুষ্ঠানত শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে শিক্ষাৰ্থীসকলে যাতে সময় মতে পাঠ্যপুথি লাভ কৰে, সেই ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ লগতে ক্ষেত্ৰ পৰ্যায়ত পাঠ্যপুথি বিতৰণৰ প্ৰক্ৰিয়াত বিভাগীয় বিষয়াসকলক তীক্ষ্ণ নজৰ আৰোপ কৰিবলৈ কোৱা হৈছে।
মন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে শিক্ষাৰ অধিকাৰ আইনৰ দ্বাৰা প্ৰাথমিক পৰ্যায়ৰ পৰা অষ্টম শ্ৰেণীলৈকে বিনামূলীয়া পাঠ্যপুথি যোগানৰ ব্যৱস্থা চলি আহিছিল যদিও বৰ্তমান চৰকাৰখনে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ শিক্ষাগ্ৰহণৰ পথ অধিক সুচল কৰাৰ বাবে নিজা পুঁজিৰে মাধ্যমিক পৰ্যন্ত শিক্ষাৰ্থীসকলক বিনামূলীয়া পাঠ্যপুথি যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিছে, যিয়ে সামগ্ৰিকভাৱে অসমৰ শিক্ষাৰ মান আৰু ছাত্ৰ-ছাত্ৰীসকলক সঠিক দিশত আগবঢ়াই নিয়াত সহায় কৰিব বুলি আশা কৰা হৈছে ৷ এই অনুষ্ঠানত অসম ৰাজ্যিক পাঠ্যপুথি নিগমৰ অধ্যক্ষ দেৱানন্দ হাজৰিকা, উপাধ্যক্ষ তুলসী বৰঠাকুৰ, পৰিচালন সঞ্চালকএছ.এন. চৌধুৰী, এ.এছ.এছ.ই.বিৰ উপাধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱাও উপস্থিত থাকে।



































