One Youth Arrested with Weapons in Bilasipara :
বিলাসীপাৰাত অপৰাধীৰ বিৰুদ্ধে কঠোৰস্থিতি গ্ৰহণ কৰিছে আৰক্ষী ৷ বিশেষ সূত্ৰৰ পমখেদি সাপটগ্ৰাম আৰক্ষীয়ে অস্ত্ৰধাৰী যুৱক এজনক আটক কৰিবলৈ সক্ষম হয় ৷
ADVERTISEMENT
যুৱকজনে ব্যৱহাৰ কৰা এএছ১৭-ই-৮১৭১ নম্বৰ বাহন খনত সাপটগ্ৰাম আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই এটা ৭.৬৫ এমএম পিষ্টল আৰু চাৰি ৰাউণ্ড সজীৱ গুলী জব্দ কৰে ৷
লগতে আৰক্ষীয়ে আটক কৰে বাহন খনৰ গৰাকী বিলাসীপাৰাৰ টিলাপাৰাৰ নীলচান আলীক ৷ ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত ৰাখিছে ৷