Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Outgoing British PM Rishi Sunak:পৰাস্ত হৈও নাম ৰাখিলে ঋষি ছুনাকে

# প্রাঞ্জলসেন ডেকা

publisher by publisher
July 8, 2024
in Uncategorized
Reading Time: 5 mins read
0
Outgoing British PM Rishi Sunak:পৰাস্ত হৈও নাম ৰাখিলে ঋষি ছুনাকে
2
SHARES
22
VIEWS
ShareShareShareShare

Outgoing British PM Rishi Sunak:পৰাস্ত হৈও নাম ৰাখিলে ঋষি ছুনাকে

# প্রাঞ্জলসেন ডেকা

ভাৰতৰ লোকসভা নির্বাচনত ‘চাৰশ পাৰ’ (চাৰিশ অতিক্রম) সম্প্রতি এক নতুন ৰূপকত পৰিণত হৈছে। দাবী কৰা ধৰণে এই দেশত বাস্তৱায়িত কৰাটো সম্ভৱ নহ’লেও ভাৰতৰে একালৰ শাসক ব্রিটেইনত সিয়েই অপ্রত্যাশিতভাৱে ফলৱতী হ’ল। ব্রিটেইনৰ সদ্যসমাপ্ত নির্বাচনত শাসকীয় কনজাৰভেটিভ পার্টিক শোচনীয়ভাৱে পৰাজিত কৰি সুদীর্ঘ ১৪ বছৰৰ পাছত ক্ষমতা হস্তগত কৰিলে লেবাৰ পাৰ্টিয়ে।

ADVERTISEMENT

দেশত চৰকাৰ গঠনৰ বাবে প্রয়োজনীয় ৩২৬খন আসনৰ সংখ্যা পাৰ কৰি লেবাৰ পাৰ্টিয়ে ৪১২খন আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। আনহাতে, ৫৬০ খন আসনবিশিষ্ট সংসদৰ মাত্র ১২১খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হ’ল প্রধানমন্ত্রী ঋষি ছুনাক নেতৃত্বাধীন কনজাৰভেটিভ পার্টি। বিগত ২০১৯ৰ নির্বাচনতকৈ ই ২৫০ খন আসনৰ ক্ষতি, যি কনজাৰভেটিভ পার্টিৰ ইতিহাসত সবাতোকৈ শোচনীয় পৰাজয়ৰূপে চিহ্নিত হৈছে।

RelatedPosts

Women Reservation Bill :মহিলাৰ সংৰক্ষণৰ নামত প্ৰতাৰণা

গণতন্ত্র জিন্দাবাদ কোন সতে কওঁ !

বিধানসভাত হত্যাকাৰী কেনেকৈ ?

এই বৃহৎ জয়ৰ পাছত লেবাৰ পাৰ্টিৰ নেতা কিয়েৰ ষ্টাৰ্মাৰ ব্রিটেইনৰ নতুন প্ৰধানমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণৰ বাবে অগ্ৰসৰ হৈছে। ৬১ বছৰীয়া ষ্টাৰ্মাৰে নিজকে শ্রমিক শ্রেণীৰ পৃষ্ঠভূমিৰ পৰা অহা বুলিয়ে ঘোষণা কৰি আহিছে। তেওঁৰ পিতৃ এজন মেকানিক (টুলমেকাৰ) আৰু মাতৃ এগৰাকী নাৰ্ছৰূপে কৰ্মৰত আছিল। পৰিয়ালৰ আৰ্থিক অৱস্থা স্বচ্ছল নোহোৱা হেতুকে তেওঁৰ স্কুলৰ মাচুল স্থানীয় পৰিষদে আদায় দিবলগীয়া হৈছিল। ষ্টাৰ্মাৰ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা তেওঁলোকৰ পৰিয়ালৰ প্রথমজন সদস্য। তেওঁ প্রথমে লীডছ আৰু পাছত অক্সফ’ৰ্ড ইউনিভার্চিটিত আইন বিষয়ব অধ্যয়ন কৰে। ১৯৮৭ত তেওঁ বেৰিষ্টাৰ ৰূপে কৰ্মৰত হয়।
মানৱাধিকাৰ আইনত তেওঁৰ বিশেষ দখল আছে। সেই সূত্রে তেওঁ আনকি কেৰিবিয়ান দেশ আৰু আফ্রিকাতো ওকালতিৰ কামত কিছু কাল কটায়। তাত তেওঁ মৃত্যু দণ্ডাজ্ঞাপ্রাপ্ত কয়দীৰ হৈ আইনী যুঁজত অৱতীর্ণ হয়।- ষ্টাৰ্মাৰে পৰিৱেশ কৰ্মীসকলৰ হৈ বিনামূলীয়াকৈ ওকালতি কৰাৰ উদাহৰণো আছে। ২০০৮ত তেওঁ ইংলণ্ড আৰু বেলছৰ সর্বজ্যেষ্ঠ ফৌজদাৰী অধিবক্তাৰ পদ লাভ কৰে। ২০১৫ত তেওঁ প্ৰথমবাৰলৈ উত্তৰ লণ্ডনৰ পৰা সাংসদ নির্বাচিত হয়। ২০১৯ৰ সাধাৰণ নিৰ্বাচনত লেবাৰ পাৰ্টিৰ শোচনীয় পৰাজয়ৰ পাছতে তেওঁ দলৰ নেতৃত্বৰ বাবে নির্বাচনত অৱতীর্ণ হয় আৰু জেৰেমী কৰ্বিনৰ স্থলাভিষিক্ত হয়।

নেতৃত্ব লাভৰ পাছত লেবাৰ পাৰ্টিক ‘বিশ্বাস আৰু আশাৰ এক নতুন যুগ’লৈ লৈ যাব বুলি ষ্টার্মাৰে ঘোষণা কৰিছিল। সেই উদ্দেশ্যেই তেওঁ দলীয় নীতিসমূহৰ গভীৰ বিশ্লেষণৰ জৰিয়তে পৰিবেশ আৰু প্রয়োজন অনুসৰি সালসলনি ঘটায়। লগতে দেশবাসীৰ মাজত লেবাৰ পাৰ্টিৰ গ্ৰহণযোগ্যতা বৃদ্ধিৰ বাবে অহোপুকষার্থ কবে। তাৰেই পৰিণতিত ২০২৩ৰ শেষৰ সময়ছোৱাৰ পৰা ব্রিটেইনত সম্পন্ন হোৱা অধিকাংশ সমীক্ষাতে শাসক দলতকৈ লেবাৰ পার্টি আগত থকাটো পবিলক্ষিত হয়।

ইপিনে, পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি বিদায়ী প্রধানমন্ত্রী ছুনাকে দলব শোচনীয় প্রদর্শনৰ বাবে দেশবাসীৰ ওচৰত ক্ষমা বিচাৰে। বজা চাৰ্লছক পদত্যাগ পত্র দাখিল কৰি তেওঁ কয় যে এই পৰাজয়ৰ পৰা যথেষ্ট শিক্ষা ল’বলগীয়া আছে। ১৪ বছৰ শাসনাধিষ্ঠিত হৈ প্রতিষ্ঠানবিৰোধী টৌ তথা বিভিন্ন বিতর্কই জুৰুলা কৰি পেলোৱা দলৰ নেতৃত্ব গ্রহণ কৰি ছুনাকে ইয়াক চন্তালি ল’বলৈ পার্যমানে চেষ্টা কৰে আৰু কিছু পৰিমাণে সফলো হয়।

মূল্য বৃদ্ধি হ্রাস, অর্থনৈতিক অৱস্থাৰ উন্নতি আক সাগৰ পথেদি অব্যাহত থকা অবৈধ অনুপ্ৰৱেশ ৰোধৰ প্রতিশ্রুতিৰে তেওঁ এইবাৰ নিৰ্বাচনত অৱতীর্ণ হয় যদিও অৱশেষত শোচনীয় পরাজয়ৰ সন্মুখীন হ’বলগীয়া হয়। ২০২০ ত তদানীন্তন প্রধানমন্ত্রী বৰিছ জনছনে ঋষি ছুনাকক বিত্ত মন্ত্রীৰূপে নিয়োগ কৰে। তেওঁ দায়িত্ব গ্ৰহণৰ পাছতে ‘ক’ভিড মহামাৰী আৰম্ভ হয়। এই মহামাৰীত সংস্থাপন হেৰুওৱাসকলৰ বাবে ছুনাকে সহায়ক আঁচনি আৰম্ভ কৰে যদিও ক’ভিডৰ বৰ্ধিত প্রকোপৰ স’তে সি মোকাবিলাৰ বাবে পর্যাপ্ত নোহোৱা বুলি সমালোচনাৰ সম্মুখীন হ’বলগীয়া হয়। সেই সময়তে ক’ভিড নিষেধাজ্ঞাৰ মাজতে সুৰাৰ ‘পার্টি’ কৰি প্ৰধানমন্ত্ৰী জনছন তীব্র গণৰোষৰ সন্মুখীন হয়।

প্রধানমন্ত্রীৰ এনে আচৰণৰ প্রতিবাদত শাসক দলৰ পৰা বহুতেই পদত্যাগ কৰাত নতুন প্রত্যাহ্বানৰ উদ্ভৱ হয়। ফলস্বৰূপে প্রধানমন্ত্রী জনছনে পদত্যাগ কৰাৰ পাছত বিত্তমন্ত্রী ছুনাকেও একেই পথ অৱলম্বন কৰে। সেইবাৰ লীজ ট্রাছ প্রধানমন্ত্রী পদত অধিষ্ঠিত হয় যদিও বিভিন্ন ভুল সিদ্ধান্ত তথা বিতৰ্কৰ পৰিণতিত তেওঁ মাত্র ৪৫ দিন পাছতে পদত্যাগ কৰিবলৈ বাধ্য হয়। এনে এক প্রত্যাহ্বানপূৰ্ণ সময়তে কনজাৰভেটিভ পার্টিয়ে ঋযি ছুনাকক প্ৰধানমন্ত্ৰীৰূপে বাছনি কৰাৰ লগতে পৰৱৰ্তী নির্বাচনতো তেওঁকেই প্রধানমন্ত্রী পদৰ প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰে।

কনজাৰভেটিভ পার্টিব আটাইতকৈ শোচনীয় পৰাজয় ঋষি ছুনাকৰ নেতৃত্বতে হোৱাৰ পৰিণতিত তেওঁৰ ৰাজনৈতিক ভৱিষ্যতক লৈ বিভিন্ন প্রশ্নৰ উদয় হৈছে। প্রধানমন্ত্রী পদৰ লগতে দলৰ নেতৃত্বও ত্যাগ কৰিব বুলি তেওঁ ইতিমধ্যে ঘোষণা কৰিছে। অৱশ্যে সাংসদ হোৱাৰ লগতে আর্থিক বিশেষজ্ঞ হোৱা হেতুকে তেওঁৰ পৰৱতী পদক্ষেপক লৈ বহুতৰে সতর্ক দৃষ্টি যে থাকিব তাত সন্দেহ নাই।

ঋষিক ব্রিটেইনৰ প্রধানমন্ত্রী পদত অধিষ্ঠিত হোৱাৰ সময়ত ভাৰততো তেওঁ চর্চাৰ কেন্দ্রবিন্দু হৈ পৰে। তেওঁ কেৱল ভাৰতীয় মূলৰেই নহয়, তেওঁৰ পত্নী অক্ষতা মূর্তিও ভাৰতীয় তথা দেশৰ এটি শীর্ষস্থানীয় তথ্য প্ৰযুক্তিৰ কোম্পানী ইনফ ছিছৰ প্রতিষ্ঠাতা নাৰায়ণ মূর্তি আৰু সুধা মূর্তিৰ কন্যা। ছুনাকে নিজকে ‘গর্বিত হিন্দু’ বুলি পৰিচয় দি আহিছে। ভাৰত ভ্রমণলৈ আহিলে অথবা ব্রিটেইনতো সুযোগ পালেই তেওঁ বিভিন্ন মন্দিৰ অথবা ধর্মীয় অনুষ্ঠানত অংশ গ্রহণ কৰে, আনকি প্রধানমন্ত্রী পদত কাৰ্যৰত সময়ছোৱাতো।

যোৱা বছৰৰ আগষ্টত প্রধানমন্ত্রী ছুনাকৰ কিছু বক্তব্যই যথেষ্ট চর্চা লাভ কৰে। মোৰাৰী বাপু নামৰ হিন্দু ধর্মীয় গুৰুজনে কেম্ব্রিজ বিশ্ববিদ্যালয়ত আয়োজিত এক অনুষ্ঠানত ধর্মীয় প্রৱচন দিয়ে। সেই অনুষ্ঠানত ছুনাকেও অংশগ্ৰহণ কৰে আৰু মোৰাৰী বাপুৰ আৰতি কৰে। লগতে নিজৰ অভিমতো দাঙি ধৰে। ‘জয় চিয়া ৰাম’ ধ্বনিৰে ভাষণ আৰম্ভ কৰি ছুনাকে কয়, ‘মই ইয়ালৈ প্রধানমন্ত্রীৰূপে নহয়, এজন হিন্দুৰূপেহে আহিছো। মোৰ বাবে ধর্ম একান্তই ব্যক্তিগত।

জীৱনৰ প্ৰতিটো ক্ষেত্ৰত ই মোক দিক নির্দেশনা দিয়ে। প্রধানমন্ত্রী হোবাটো অতি মর্যাদাপূর্ণ, কিন্তু এয়া সহজ নহয়। কঠোৰ সিদ্ধান্ত ল’বলগীয়া হয়, কঠিন পৰিস্থিতিৰ সম্মুখীন হ’বলগীয়া হয়। এনে সময়ত আমাৰ ধৰ্মই আমাক সাহস আৰু শক্তি দিয়ে, যাতে দেশৰ বাবে সঠিক সিদ্ধান্ত ল’বলৈ সক্ষম হওঁ।’ অকল সেয়ে নহয়, ২০২০ত বিত্তমন্ত্রীৰূপে তেওঁ গীতাৰ ওপৰত হাত থৈয়ে শপত গ্ৰহণ কৰিছিল। তেওঁৰ আৱাসত দীপাৱলী পালন কৰাব ছবিও সুলভ। প্ৰধানমন্ত্ৰীৰ মেজত গণেশৰ মূর্তি সযতনে ৰাখি কাৰ্যনিৰ্বাহ কৰাৰ বিষয়ে ছুনাকে নিজেই সদৰী কৰিছে।

এজন অশ্বেতবর্ণ তথা ধর্মীয় সংখ্যালঘু নেতাক দেশৰ শীর্ষ পদলৈ বাছনি কৰাৰ ব্যতিক্রমী পদক্ষেপৰ বাবে কনজাৰভেটিভ পার্টি যথেষ্ট প্রশংসাৰ পাত্ৰ হৈছিল। তেতিয়া আনকি শীর্ষস্থানীয় ব্রিটিছ কাকত ‘দ্য গার্ডিয়ান‘-এ লিখিছিল- ‘ঋষি ছুনাক ধর্মপৰায়ণ হিন্দু; কিন্তু ৰাজহুৱাভাৱে নিজৰ ধৰ্মক লৈ বক্তব্য প্রকাশ নকৰে।’ এই প্ৰসংগতে ছুনাকেও এক সাক্ষাতত কৈছিল, ‘মইতো সম্পূর্ণৰূপে ব্রিটিছ। এইখনেই মোৰ ঘৰ আৰু দেশ; কিন্তু মোৰ ধর্মীয় আৰু সাংস্কৃতিক ঐতিহ্য ভাৰতীয়। মোৰ পত্নী ভাৰতীয়। মই হিন্দু আৰু ইয়াত লুকুৱাবলগীয়া একো নাই।’

স্বাভাৱিকতে ঋষি ছুনাকৰ পৃষ্ঠভূমি আৰু অতীত যথেষ্ট আকর্ষণীয়। যি বর্ণ, ঔপনিবেশিকতা আৰু ব্রিটিছ সাম্রাজ্যৰ গাঁথনিৰ মাজেদি পাৰ হৈ আহি তেওঁ ১০ নম্বৰ ডাউনিং স্ট্রীট (ব্রিটেইনৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় তথা আৱাস)ত উপস্থিত হ’ল সেয়াও কম ৰোমাঞ্চকৰ নহয়। ১৯৮০ত ইংলণ্ডৰ ছাউদাম্পটনত ঊষা আৰু যশবীৰ ছুনাকৰ পৰিয়ালত ঋষিব জন্ম। ছুনাক দম্পতী পূব আফ্রিকাৰ ব্ৰিটিছ ঔপনিবেশৰ পৰা ব্রিটেইনলৈ প্ৰব্ৰজন কৰিছিল।

ঋষিৰ মাতৃৰ জন্ম আফ্ৰিকাৰ তংগনয়িকাত, যি পাছলৈ আধুনিক তাঞ্জানিয়াৰ অংশ হৈ পৰে। তেনেদৰে পিতৃৰ জন্ম এসময়ত ব্ৰিটিছ সাম্ৰাজ্যৰ অংশ প্রোটেক্টৰেট অৱ কেনিয়াত। আনহাতে, ঋষিৰ ককাকৰ জন্ম ব্ৰিটিছ শাসিত অবিভক্ত ভাৰতা পঞ্জাৱত। বিভাজনৰ পাছত সেই খণ্ড সম্প্ৰতি পাকিস্তানৰ অন্তৰ্গত। সংস্থাপনৰ আশাত আন বহুতৰ দৰে তেৱো ১৯৩০ৰ দশকত পূব আফ্রিকালৈ প্ৰব্ৰজন কৰে আৰু তাতেই স্থায়ীভাৱে বাস কৰিবলৈ লয় ৷

কিন্তু পৰৱৰ্তী সময়ত আফ্রিকাৰ দেশসমূহ লাহে লাহে ব্রিটিছ শাসনমুক্ত হ’বলৈ ধৰাৰ লগে লগে ভাৰতীয় সম্প্রদায়ৰ লোকসকলৰো বহুতেই ব্রিটেইনলৈ প্ৰব্ৰজন কৰিবলৈ লয়। ঋষি ছুনাকৰ জীৱন সম্পর্কীয় এখন গ্রন্থত তেওঁৰ উদ্ধৃতিৰে প্ৰকাশ পাইছে যে ১৯৬০ত ব্রিটেইনলৈ প্ৰব্ৰজনৰ বাবে তেওঁৰ আইতাকে নিজৰ বিয়াৰ সকলো গহনা-পাতি বিক্ৰী কৰিবলৈ বাধ্য হৈছিল। সেই টকাৰেই ককাক-আইতাকে ব্রিটেইনলৈ যাত্ৰা কৰিছিল। ঋষিৰ ককাক তংগনয়িকাত কৰ বিষয়াৰূপে কাৰ্যৰত আছিল আৰু পাছত ব্রিটেইনতো তেওঁ ৰাজহ বিভাগত চাকৰি লাভ কৰিবলৈ সক্ষম হৈছিল।

ঋাষৰ পিতৃ-মাতৃ উভয়ে চিকিৎসা সেৱাত জড়িত আছিল। পিতৃ ব্রিটেইনৰ নেচনেল হেল্থ ছার্ভিচত চিকিৎসক হোৱাৰ বিপৰীতে মাতৃ আছিল ফাৰ্মাচীৰ পৰিচালক। ৪৪ বছৰীয়া ঋষি তিনি ভ্রাতৃ-ভগ্নীৰ জ্যেষ্ঠ। জন্মস্থান ছাউদাম্পটনতে ডাঙৰ- দীঘল হলেও তেওঁ দেশৰে অন্যতম ব্যয় বহুল বার্ডিং স্কুল উইন্সেষ্টাৰত স্কুলীয়া শিক্ষা লাভ কৰে। তাৰ পৰা বিখ্যাত অক্সফ’ৰ্ড ইউনিভাৰ্চিটিত দর্শন, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিৰ অধ্যয়ন কৰে।

পাছত আমেৰিকাৰ নামজুলা স্টেনফ’র্ড ইউনিভাৰ্চিটিৰ পৰা এমবিএ ডিগ্রী লাভ কৰে। তাতেই অক্ষতাৰ স’তে সাক্ষাৎ হয় আৰু দুয়োৰে মাজত সম্পর্ক গঢ় লৈ উঠে। ঋষিয়ে আমেৰিকাৰ শীৰ্ষস্থানীয় বিনিয়োগকাৰী বেংক গোল্ডমেন ছাকছত উচ্চ পদত নিয়োজিত হয়। বৃহৎ বিনিয়োগ সম্পর্কীয় গুৰশ দায়িত্ব তেওঁ অতি সফলতাৰে পালন কৰে। পাছত তেওঁ স্বদেশলৈ উভতি আহে আৰু ৰাজনীতিত প্রৱেশ কৰি ২০১৫ত প্রথমবাৰলৈ সাংসদ নির্বাচিত হয়।

ব্রিটেইনত ভাৰতীয় সম্প্রদায়ৰ জনসংখ্যা বৃদ্ধিৰ সমান্তৰালভাবে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতাৰে তেওঁলোক নিয়োজিত হ’বলৈ সক্ষম হয়। ‘দ্য গার্ডিয়ান’ৰ মতে, ব্রিটেইনৰ হিন্দু প্ৰব্ৰজনকাৰীসকলৰ দুই তৃতীয়াংশই বিভিন্ন ক্ষেত্ৰত পৰিচালক তথা উচ্চ পেছাদাৰী বৃত্তিত নিয়োজিত। সেয়ে ভাৰতীয় সম্প্রদায় ব্রিটিছ সম্প্ৰদায়ৰ স’তে মিলি যাবলৈ সক্ষম হয়। ২০২২ বর্ষ কেৱল ঋষি ছুনাকৰ বাবেই নহয়, ব্রিটেইন তথা ভাৰতসহ একালৰ ব্ৰিটিছৰ উপনিবেশ সকলোবোৰ দেশৰ বাবেই এক ঐতিহাসিক বর্ষ। কিয়নো সেই ২০২২তে ছুনাক ব্রিটেইনৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হয়।

তেৱেই প্রথমগৰাকী এছীয় মূলৰ তাতেই হিন্দু, যিয়ে ব্রিটেইনৰ গণতান্ত্রিক শাসনৰ শিখৰত উপবিষ্ট হ’বলৈ সক্ষম হয়। সেই দিনটোৰ আগলৈকে তেনে এক ঘটনা হয়তো কল্পনাহে আছিল; কিন্তু তেওঁ সেয়াই বাস্তৱত পৰিণত কৰি ইতিহাসত লিপিবদ্ধ কৰি গ’ল। যি ব্ৰিটিছে শ শ বছৰ ধৰি ভাৰত তথা বিশ্বৰ অন্যান্য বহু দেশক পদদলিত কৰি ৰাখিছিল, তেনে এখন দেশৰে পৃষ্ঠভূমিৰ পৰা অহা এজন যুৱনেতাই সেই ব্ৰিটিছ চৰকাৰৰ শীৰ্ষ পদত আৰোহণ কবি ইতিহাস ৰচি গ’ল। এইবাৰৰ নিৰ্বাচনত পৰাজয়ৰ পাছতো ইয়েই ঋষি ছুনাকৰ বৃহৎ জয় হিচাপে অক্ষত হৈ ৰ’ব।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Outgoing British PM Rishi Sunak:Pranjalsen DekaSpl ArticlesUK General Election
publisher

publisher

Related Posts

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ
Uncategorized

Ganja Seized in Basistha:বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ গাঞ্জা জব্দ

May 2, 2026
Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
Uncategorized

Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া

May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d