Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Uncategorized

Chief Minister’s Irony:মুখ্যমন্ত্ৰীৰ বিড়ম্বনা

#প্রাঞ্জলসেন ডেকা

publisher by publisher
July 22, 2024
in Uncategorized
Reading Time: 5 mins read
0
Cm Pressmeet In Loksewa Bhawan:লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰীৰ
1
SHARES
14
VIEWS
ShareShareShareShare

Chief Minister’s Irony:মুখ্যমন্ত্ৰীৰ বিড়ম্বনা

#প্রাঞ্জলসেন ডেকা

ADVERTISEMENT

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতে আন বহু ৰাজ্যৰ লগতে অসমৰ ৰাজনীতিতো এক ধৰণৰ চাপ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

RelatedPosts

Barpeta circut House:বৰপেটাত নতুনকৈ নিৰ্মাণ কৰা আৱৰ্ত ভৱন উদ্বোধন মুখ্যমন্ত্ৰীৰ

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

Guwahati :চৰম বিত্তীয় সংকটত চৰকাৰ ! বিভাগে বিভাগে পদ বিলুপ্তিৰ প্ৰক্ৰিয়া

এইবাৰৰ নিৰ্বাচনত শাসকপক্ষই অসমত পূর্বতকৈ অধিক আসন লাভ কৰিছে। বিজেপিয়ে অকলেই পূৰ্বৰ দৰে নখন আৰু সহযোগী দল অগপ আৰু ইউপিপিএলে এখনকৈ মুঠ ১১খন আসনত জয়ী হৈছে। কংগ্ৰেছে পূৰ্বৰ দৰেই তিনিখন আসনতে সীমাবদ্ধ থকাৰ বিপৰীতে এআইইউডিএফ আৰু জেএছপিয়ে একমাত্র আসন দুখনো হেৰুৱাইছে। তৎসত্ত্বেও বিজেপি দল আৰু চৰকাৰে মুকলিকৈ উচ্ছ্বাস প্রকাশ কৰিবলৈ সক্ষম নোহোৱাটোৱে আগন্তুক সময়ছোৱা যথেষ্ট প্রত্যাহ্বানপূৰ্ণ হোৱাৰ ইংগিতকে বহন কৰিছে। ধনবল-জনবলৰ লগতে সর্বশক্তি প্রয়োগ কৰিও যোৰহাট লোকসভা সমষ্টিত পৰাজয় আৰু ধুবুৰী লোকসভা সমষ্টিত অভিলেখ ১০ লক্ষাধিক ভোটৰ ব্যৱধানত কংগ্ৰেছৰ বিজয়ে এনে সাফল্যৰ পাছতো মুখ্যমন্ত্ৰীক উৎফুল্লিত কৰিব পৰা নাই।

ফলস্বৰূপে ফলাফলৰ আগলৈকে দৃষ্টিগোচৰ হোৱা উচ্ছ্বাসতো যেন হঠাতে ভেটা আহি পৰিছে। কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ৰে পৰা ড: হিমন্ত বিশ্ব শর্মাই সময়ে সময়ে অবাঞ্ছিত বক্তব্যৰে অপ্রয়োজনীয় বিতৰ্কৰ সৃষ্টি কৰি অহাৰ বিষয়ে অসমবাসী বাৰুকৈয়ে অভ্যস্ত। বিজেপিত যোগদানৰ পাছত সেই কংগ্ৰেছৰ শীর্ষ নেতৃত্বকে শালীনতাৰ সীমা চেৰাই গৈ যিদৰে কটু সমালোচনা কৰি আহিছে, সিয়ে বহুতকে হতবাক কৰি তোলে।

তদুপৰি সততে সাম্প্রদায়িক বিদ্বেষপূর্ণ ভাষ্যৰেও সংশ্লিষ্ট ধর্মাৱলম্বীসকলকে কেৱল নহয়, অন্যান্য নিৰপেক্ষ লোককো অস্বস্তিত ভোগাইছে। কংগ্ৰেছৰ মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰাৰ কালছোৱাত তেওঁ জ্যেষ্ঠ বিজেপি নেতা তথা গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্রী নৰেন্দ্ৰ মোদীক যি কটু ভাষাৰে সমালোচনা কৰিছিল, সি আজিও অসমবাসীৰ মনত সজীৱ হৈয়ে আছে। এনে আচৰণক অৱশ্যে শিবিৰ সলনিৰ পাছত নিজৰ আনুগত্য প্রমাণৰ চেষ্টা ৰূপেহে গণ্য কৰা হৈছে, যাক ইংৰাজীত more loyal than the king বাক্যশাৰীৰে সঠিকভাবে বর্ণনা কৰা হৈছে।

সেইবাবেই তেওঁৰ আনুগত্য অথবা নিন্দাক কোনো এটা শিবিৰে বাদেই, ৰাইজেও আস্থাসহকাৰে গ্ৰহণ নকৰে। তেওঁৰ এনে ধৰণৰ ভাষ্যই ভোটৰ ৰাজনীতিত অথবা নিজৰ ৰাজনৈতিক উত্থানত কিমান সহায় কৰিছে, সিও বিচার্য। চৰকাৰ আৰু ৰাজ্যৰ মুৰব্বীৰূপে যিকোনো মুখ্যমন্ত্রী এগৰাকীক এটা শক্তিশালী আৰু বিশ্বস্ত সহযোগী গোটৰ প্রয়োজন। চৰকাৰৰ বাহিৰৰ আৰু ভিতৰৰ পৰা প্রতিনিয়ত সম্মুখীন হোৱা প্ৰত্যাহ্বানৰ মোকাবিলা কৰাটো তেতিয়াহে সহজ হয়, যেতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ সেই গোটটোৱে উপযুক্তভাবে সহায়-সহযোগ আগবঢ়াব পাৰে। সাধাৰণতে বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞক উপদেষ্টৰূপে দায়িত্ব দিয়া হয় সংশ্লিষ্ট বিষয়সমূহত উপযুক্ত আৰু কাৰ্যকৰী পৰামৰ্শ আগবঢ়াবলৈ। দেশত বিভিন্ন জাতি-জনগোষ্ঠী-সম্প্রদায়-অঞ্চল তথা ৰাজনৈতিক বাধ্যবাধকতাৰ ওপৰত গুৰুত্ব দি মন্ত্রীসভা গঠন কৰিবলগীয়া হোৱা হেতুকে মন্ত্রীসভাৰ প্ৰতিগৰাকী সদস্যৰ পৰাই একেধৰণৰ প্ৰদৰ্শন অথবা সহযোগিতা মুখ্যমন্ত্রী এগৰাকীয়ে নিশ্চয়কৈ আশা কৰিব নোৱাৰে।

সেই বাবেই মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ গোটটোত এনে কেইজনমান ব্যক্তি থাকে, যিসকল পর্যাপ্ত শিক্ষিত, অভিজ্ঞ তথা দূৰদর্শী। পূৰ্বৰ তৰুণ গগৈ চৰকাৰলৈ যদি এই প্ৰসংগতে লক্ষ্য কৰা হয়, তেন্তে মনত পৰে শৰৎ বৰকটকী, ছিলভিউছ কন্দপান, দেৱানন্দ কোঁৱৰ, প্রদ্যুৎ বৰদলৈ, ৰিপুণ বৰা, স্বয়ং হিমন্ত বিশ্ব শর্মা আদিৰ দৰে উচ্চশিক্ষিত তথা অভিজ্ঞ মন্ত্রীসকলে গুৰু দায়িত্ব বহনৰ সুযোগ লাভ কৰিছিল।

ইয়াৰে অধিকাংশই শিক্ষা, আইন, প্রশাসন আদি ক্ষেত্রত অভিজ্ঞ। এইসকলৰ সামগ্রিক সহযোগিতাতে প্রয়াত গগৈয়ে অভিলেখ তিনিটা কার্যকাল চৰকাৰ চলাবলৈ সক্ষম হৈছিল। ইয়াৰ বিপৰীতে বৰ্তমানৰ চৰকাৰত তেনে শক্তিশালী টীম এটাৰ অভাৱ পৰিলক্ষিত হৈছে। মুখ্যমন্ত্রীৰ সোঁৱে-বাঁৱে লক্ষ্য কৰিলেই সেই ছবিখন স্পষ্ট হয়। এই কথা ঠিক যে ভাৰতীয় ৰাজনীতিত সংবিধানে কোনো শৈক্ষিক অর্হতা ধার্য কৰা নাই; কিন্তু চৰকাৰৰ গুৰুত্বপূৰ্ণ বিভাগবোৰৰ সুপৰিচালনাৰ বাবে যে উপযুক্ত শিক্ষা আৰু অভিজ্ঞতা উভয়ৰে প্রয়োজন তাক লৈ দ্বিমত নিশ্চয় নাই। তেনে ক্ষেত্ৰত চৰকাৰে কাংক্ষিত ফলাফল লাভত সক্ষম নোহোৱাটো অথবা বিভিন্ন ক্ষেত্রত জটিলতাৰ সম্মুখীন হ’বলগীয়া হোৱাটো অস্বাভাৱিক নহয়। অৱশ্যে বর্তমানৰ মুখ্যমন্ত্রীক কোনো বিষয়ত পৰামৰ্শৰ প্রয়োজন আছে বুলি ভাবিব নোৱাৰি। ৷

আজিব পৰা দুই দশকৰো অধিক কাল পূর্বে কনিষ্ঠ মন্ত্রীৰূপে দায়িত্বভাব গ্রহণৰ পাছৰে পৰা অসমবাসীয়ে প্রত্যক্ষ কৰি আহিছে যে ৰাজনীতিৰ পৰা সাংবাদিকতালৈ, আইনৰ পৰা অর্থনীতিলৈ জীৱনৰ প্ৰায়বোৰ ক্ষেত্রতে তেৱেঁই বিভিন্ন পৰামৰ্শ আগবঢ়াই আহিছে। বিজেপিত যোগদানৰ পাছৰে পৰা আধ্যাত্মিকতাবাদৰ ওপৰতো তেওঁ সমানেই সৰৱ হৈছে। গতিকে তেওঁক কোনো উপদেষ্টাৰ প্রয়োজন নোহোৱাটোরে স্বাভাৱিক।

তাতোকৈ বিড়ম্বনাৰ কথা হৈছে, চৰকাৰ তথা দলীয় ৰাজনীতিৰ সকলো সিদ্ধান্ত অথবা কাম মুখ্যমন্ত্রীয়ে অকলেই কৰে বুলি প্ৰচাৰ চলাটো। তেনেই মুষ্টিমেয় দুই-এজনৰ বাহিৰে চৰকাৰখনত আন মন্ত্রীসকলৰ ভূমিকা শূন্য বুলি সকলোরে অৱগত। বিভিন্ন কথা-কামেৰে মুখ্যমন্ত্রীয়েই তেনে এক পৰিৱেশ গঢ়ি তুলিছে। সেয়া উপযুক্ত ব্যক্তিৰে মন্ত্রীসভা গঠন কৰিব নোৱাৰা বাবে, নে মুখ্যমন্ত্রীৰ একচ্ছত্রী মনোভাৱৰ বাবেই হ’বলৈ পাইছে তাক লৈ ইতিমধ্যে তেওঁৰ দলৰ ভিতৰে-বাহিৰে বিভিন্নজনে মন্তব্য কৰি আহিছে।

ফলস্বৰূপে মুখ্যমন্ত্রী ব্যক্তিগতভাবে জড়িত নোহোৱা পর্যন্ত স্বয়ং কেবিনেটৰো কোনো মূল্য তথা গুৰুত্ব আছে বুলি কোনেও নাভাবে। মন্ত্রীসকলৰ নির্দেশকো সেয়েহে গুৰুত্বসহকাৰে গ্ৰহণ কৰাৰ প্ৰয়োজনবোধ নকৰে বিভাগীয় আমোলাসকলে।এই যে মুখ্যমন্ত্রীয়ে হঠাতে মাজনিশা ছ’চিয়েল মিডিয়াযোগে একো একোটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ঘোষণা কৰি দিয়ে, তেন্তে কেবিনেট বৈঠক আদিৰ প্রয়োজন কি? এনেবোৰ কাৰ্যই স্বয়ং কেবিনেটক লঘু কৰা নাইনে? এইখিনিতে সৰু উদাহৰণ এটা দাঙি ধৰিব পাৰি। চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিন প্রকাশ কৰি শিক্ষমন্ত্রী কিদৰে একপ্ৰকাৰ অপদস্থ হ’বলগীয়া হৈছিল সেই কথা বহুতে পাহৰা নাই।

এনে অনিশ্চয়তাৰ পৰিপ্ৰেক্ষিততে এইবাৰ পূৰ্বৰ দৰেই শীর্ষস্থান প্রাপ্তসকলৰ তালিকাসহ ফলাফল প্রকাশ কৰা হ’ব নে তাৰ অবিহনে ঘোষণা কৰা হ’ব সেই বিষয়ে নিশ্চিত হ’বলৈ সংশিষ্ট কর্তৃত্বশীল বিষয়াক নিশা যোগাযোগ কৰি যি উত্তৰ পোৱা গ’ল, সিয়েই চৰকাৰৰ ভিতৰৰ অৰাজকতা উদঙাই দিবলৈ যথেষ্ট। কোৱা হ’ল যে সেই নিশা পলমকৈ বিষয়াসকল নিজ কার্যালয়তে উপস্থিত আছে আৰু ফলাফল দুই ধৰণেই প্ৰস্তুত কৰি থোৱা হৈছে।

কি ঠিক, শেষত যদি ‘ওপৰৰ জনা’ই স্থানপ্রাপ্ত তালিকা দিবলৈ নির্দেশ দিয়ে। গতিকে তেওঁলোক দুই ধৰণেই সাজু। পুৱা অৱশ্যে এইবাৰ স্থানপ্রাপ্তসকলৰ তালিকা অবিহনেই ফলাফল ঘোষণা কৰা হ’ল। তেনেদৰেই মহাবিদ্যালয়ৰ নিযুক্তিত স্থানীয় বাসিন্দাৰ প্রমাণপত্র (পিআৰচি) ৰ বাধ্যবাধকতা প্রত্যাহাৰৰ সিদ্ধান্তক লৈ উদ্ভৱ হোৱা বিতর্ক আৰু পৰৱৰ্তী পর্যায়ত বিষয়াৰ ওপৰত দোষ জাপি দি তাক প্রত্যাহাৰৰ দৰে ঘটনাবোৰে চৰকাৰখনৰ ভিতৰত সৃষ্টি হোৱা অস্থিৰতাকে সূচাইছে। তৃতীয় আৰু চতুর্থ শ্ৰেণীৰ পদ পূৰণৰ সম্পৰ্কত ঘোষণা কৰা সিদ্ধান্ত প্রত্যাহাৰক লৈও একেই পৰিস্থিতি পৰিলক্ষিত হৈছে।

এয়া শেহতীয়া কেইটামান সামান্য উদাহৰণহে, এনে বহু ঘটনা ৰাজ্যবাসীৰ মনত আছে। এনে ধৰণৰ কাৰ্যকলাপে যে সামগ্রিকভাৱে চৰকাৰখনৰ ওপৰতে এক বিৰূপ প্রভাৱ পেলাইছে, তাত সন্দেহ নাই এনেবোৰ কাৰণতে ক্ৰমশঃ দল আৰু চৰকাৰত ক্ষোভ-অসন্তুষ্টি বৃদ্ধি পাইছে। দুই-এজন জ্যেষ্ঠ নেতাই আনকি তাৰ বহিঃপ্রকাশ ঘটাইছে। শেহতীয়াভারে দলত্যাগৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। সততে শৃংখলাবদ্ধ আৰু নিয়মানুৱতী দল বুলি দাবী কৰি অহা বিজেপিত এনে পৰিৱেশে যে নেতৃত্বৰ দুৰ্বলতাকে স্পষ্ট কৰিছে তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

নিয়মৰ অজুহাত অথবা ভাবুকি অথবা প্রলোভনৰে সেই ক্ষোভ এতিয়া ঢাকি ৰখাৰ পৰিৱেশ যে নাই, সেয়াও বুজাসকলে ঠিকেই বুজি উঠিছে। সেইবাবেই প্রত্যক্ষভাবে স্বয়ং মুখ্যমন্ত্রীক কঠোৰ সমালোচনাৰে প্ৰত্যাহ্বান জনোৱাৰ দীর্ঘদিন উকলি যোৱাৰ পাছতো সংশ্লিষ্ট দলীয় নেতাসকলৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্রহণ সম্ভৱ হৈ উঠা নাই। এই সময়ত ক্ষুব্ধ-অসন্তুষ্টদলীয় নেতা-কর্মীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিলে পৰিস্থিতি অধিক প্রতিকূল হৈ পৰিব বুলিয়েই নেতৃত্ব শংকিত যেন ধাৰণা হয়। নির্বাচনী ফলাফল ঘোষণাৰ পূৰ্বে সমালোচকসকলক ৰঙাচকু দেখুওৱা হৈছিল যদিও যোৰহাট-ধুবুৰীৰ ফলাফলে সেই চকু নমনীয় কৰিবলৈ বাধ্য কৰায়।

অথচ উল্লিখিত নেতা-কর্মীসকলৰ বিৰুদ্ধে কোনো অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰিব নোৱাৰি নেতৃত্বই নিজৰ ব্যৰ্থতাক স্বীকাৰ কৰি লোৱাটোকে বুজাইছে। মুখ্যমন্ত্রীৰ নেতৃত্বৰ বিৰুদ্ধে দলৰ একাংশ জ্যেষ্ঠ নেতা আনকি বিধায়কেও মুকলিকৈ ক্ষোভ উজাৰি থকাৰ পাছতো দলে কোনো ব্যবস্থা গ্রহণ কৰিব নোৱৰাটোৱে নেতৃত্বৰ দুৰ্বলতাকে প্রকট কৰিছে। স্থিতি শক্তিশালী হোৱা হ’লে নিশ্চয়কৈ সেইসকল নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰি দলীয় নেতা-কর্মীলৈ যথোপযুক্ত বাৰ্তা প্ৰেৰণ কৰা হ’লহেঁতেন। ধাৰণা হয় যে পৰিস্থিতিৰ অধিক অৱনতিৰ আশংকাত ক্ষুব্ধসকল স্বেচ্ছাই ওলাই যাবলগীয়া হোৱাৰ পৰিৱেশ ৰচনা কৰা হৈছে; কিয়নো প্রতিদ্বন্দ্বী দলত যোগদান কৰি সমালোচনা কৰাতকৈ দলতে থাকি নেতৃত্বক প্রত্যাহ্বান জনাই থাকিলে ক্ষতি অধিক হয়।

এইবাৰৰ লোকসভা নির্বাচনে মুখ্যমন্ত্রীক অধিক কঠোৰ সাম্প্রদায়িক ৰাজনীতিৰ ফালে ঠেলি দিয়া যেন ধাৰণা হয়। মুছলমান বিদ্বেষ গঢ়ি তুলি হিন্দু ভোটৰ মেৰুকৰণ কৰিব নোৱাৰিলে আগন্তুক ২০২৬ৰ বিধানসভা নির্বাচনত গভীৰ প্রত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ব বুলি উমান পায়ে এনেদৰে উঠিপৰি লাগিছে যেন অনুমান হয়। নেডাৰ আহ্বায়কৰূপে দীর্ঘকাল দায়িত্ব গ্রহণ কৰি অহাৰ পাছতো এইবাৰ উত্তৰ-পূবৰ ৰাজ্যকেইখনত বিজেপি আৰু এনডিএ সাফল্য লাভত ব্যর্থ হয়। খ্ৰীষ্টানৰ নাম উল্লেখ নকৰাকৈয়ে মুখ্যমন্ত্রীয়ে কৈছে যে এক বিশেষ ধৰ্মৰ নেতৃস্থানীয় ব্যক্তিসকলৰ বিজেপি বিৰোধী প্ৰচাৰৰ বাবেই উত্তৰ-পূবৰ কে’বাখনো ৰাজ্যত এনডিএ প্রার্থী পৰাজিত হ’বলগীয়া হ’ল।

এই ভাষ্যই সংশ্লিষ্ট ৰাজ্যকেইখনত যথেষ্ট বিরূপ প্রভাৱ পেলোৱাই নহয়, বিজেপিৰ সহযোগী দলসমূহেও মুকলিকৈয়ে অসন্তুষ্টি প্রকাশ কৰে। ফলস্বৰূপে পৰিস্থিতিৰ অধিক অৱনতি ঘটাৰ পৰা হাত সাৰিবলৈ কেন্দ্রীয় মন্ত্রীসভাৰ একমাত্র খ্রীষ্ট্রান সদস্যজনক উত্তৰ- পূবৰ এই ৰাজ্যকেইখনলৈ প্ৰেৰণ কৰিবলৈ বাধ্য হয় কেন্দ্রীয় নেতৃত্ব। শেহতীয়াভাবে মুখ্যমন্ত্রীয়ে মুছলমানৰ জনসংখ্যা বৃদ্ধিক লৈ গভীৰ উদ্বেগ প্রকাশ কৰিছে। আনকি ২০৪১ত অসমত মুছলমান সংখ্যাগৰিষ্ঠ হ’ব বুলিও ঘোষণা কৰিছে। ই তেওঁৰেই চৰম ব্যর্থতা উদঙাই দিয়া নাই নে?

যোৱা ২০০২ত ৰাজ্যমন্ত্ৰীৰ পদ লাভৰ পাছত পৰৱৰ্তী তিনিখনকৈ চৰকাৰত অতি গুৰুত্বপূৰ্ণ বিভাগ (যাৰ ভিতৰত অসম চুক্তি ৰূপায়ণ বিভাগো আছে)ৰ কেবিনেট মন্ত্রীৰূপে কাৰ্যনিৰ্বাহ কৰি অৱশেষত ২০২১ৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসন অধিকাৰ কৰা শক্তিশালী নেতাজনৰ এই ভাষ্য পৰাজয় স্বীকাৰৰ নামান্তৰ বুলিয়ে গণ্য কৰা উচিত নহ’ব জানো? এই সুদীর্ঘ কালছোৱাত তেওঁ ইয়াৰ প্ৰতিৰোধৰ বাবে কি পদক্ষেপ গ্রহণ কৰিছিল? যদিহে তেওঁ কোৱাৰ দৰেই কংগ্রেছে এনে এটা গুৰুত্বপূর্ণ বিষয়ক আওকাণ কৰিছিল, তেন্তে অসমবাসীৰ সন্মুখত সমগ্ৰ বিষয়টো দাঙি ধৰি মন্ত্ৰিত্বৰ পৰা পদত্যাগ কৰি সদিচ্ছাৰ প্রমাণ নিদিলে কিয়- সেই প্রশ্নৰ উত্তৰো মুখ্যমন্ত্রীয়ে দিয়াটো বাঞ্ছনীয়।

উদ্দেশ্য যে সমস্যা সমাধান নহয়, বৰঞ্চ ৰাজনৈতিক মুনাফা আদায়হে, তাক পতিয়নযোগ্যভাৱে অসমবাসীৰ সম্মুখত
খণ্ডন কৰক।ৰাজ্যত সংস্থাপন সৃষ্টিত চৰকাৰৰ ব্যৰ্থতাই অশনি সংকেতৰ আগজাননী দিছে। মানৱ সম্পদক উপযুক্তভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম নোহোৱা বাবেই অসমৰ পৰা পুনৰ বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে বহিঃৰাজ্যলৈ ঢাপলি মেলিবলগীয়া হৈছে।

চৰকাৰে এফালে নির্বাচনী প্রতিশ্রুতি অনুসৰি লাখ পদত নিযুক্তিৰ দাবী কৰাৰ সময়তে কর্মসংস্থাপনহীনতাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। চাহ বাগিচাসমূহৰ পৰাও এনেদৰে বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে সাধাৰণ সংস্থাপন লাভৰ আশাত টালি- টোপোলা বান্ধি বহিঃৰাজ্য অভিমুখে গৈ অনিশ্চয়তাৰ সম্মুখীন হৈছে। এই বিষয়বিলাক বিশ্লেষণ কৰি উপযুক্ত পদক্ষেপ গ্ৰহণৰ দায়িত্ব কাৰ?

ফোন:ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Chief Minister's IronCM Himanta Biswa Sharmapranjal sen dekaspl Articls
publisher

publisher

Related Posts

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ
Uncategorized

Howraghat:পুনৰ বহি:ৰাজ্যত প্ৰাণ গ’ল আৰু এজন অসমীয়া যুৱকৰ

March 9, 2026
দিনটোৰ ৰাশিফল
Uncategorized

Today’s Horoscope:দিনটোৰ ৰাশিফল

March 9, 2026
India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ
Uncategorized

India Winner:আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ইতিহাস ৰচি বিশ্বকাপ জয় ভাৰতৰ

March 9, 2026
Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ
Uncategorized

Raijor Dal:অৱশেষত কংগ্ৰেছৰে মিত্ৰতা অৱিহনেই প্ৰথম খন প্ৰাৰ্থী তালিকা ঘোষণা ৰাইজৰ দলৰ

March 4, 2026
Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ
Uncategorized

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

March 3, 2026
Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড
Uncategorized

Barpeta:বৰপেটাৰ সৰভোগত মৰমৰ মইনাৰ কাণ্ড

February 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d