Hatigaon- Sijubari who are protesting against the dumping ground:
জনতাৰ মতামত নালোৱাকৈ তথা জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই মহানগৰীৰ হাতীগাঁও-সিজুবাৰীৰ বৃহত্তৰ আৱাসিক অঞ্চলৰ মাজমজিয়াত ডাম্পিং গ্রাউণ্ড স্থাপনৰ প্ৰতিবাদত ওলাই আহিল স্থানীয় বাসিন্দাসকল। চৰকাৰক মইমতালিৰে কাম নকৰিবলৈ ৰাইজে সকীয়নি প্ৰদান কৰি এক বৃহৎ সভাৰ জৰিয়তে এই সিদ্ধান্ত শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ দাবী উত্থাপন কৰে।
উল্লেখ্য যে অঞ্চলটোৰ কনকলতা পথত গুৱাহাটী পৌৰ নিগমে ডাম্পিং গ্রাউণ্ড স্থাপন কৰিছে। ইয়াৰ বিৰোধিতাৰে বৃহত্তৰ হাতীগাঁও, সিজুবাৰী, ভেটাপাৰা ঘোঁৰামাৰা, বৰসজাই, নটবমাবাসী ৰাইজ ওলাই আহে আৰু সিজুবাৰীৰ ঈদগাহত এখন ৰাজহুৱা প্রতিবাদী সভা অনুষ্ঠিত কৰে।
পদ্মশ্রী ডাঃ ইলিয়াছ আলীয়ে সভাপতিত্ব কৰা তথা উল্লিখিত অঞ্চলক লৈ গঠিত যৌথ ঐক্যমঞ্চৰ কাৰ্যকৰী সভাপতি নূৰল হকে আঁত ধৰা সভাখনৰ জৰিয়তে স্থানীয় ৰাইজে এই ডাম্পিং গ্রাউণ্ড শীঘ্ৰে স্থানান্তৰিত কৰিবলৈ দাবী জনায়। বক্তাসকলে কয় যে যেতিয়া কোনো এটা অঞ্চলত চৰকাৰ বা সংশ্লিষ্ট বিভাগে কোনো এটা কাম কৰে,তাৰ আগতে স্থানীয় লোকৰ মতামত লোৱাতো জৰুৰী।
বিশেষকৈ জনস্বাস্থ্যৰ দিশ জড়িত থকা বিষয়ত ই অতি প্রয়োজন;কিন্তু এই চৰকাৰে এনে দিশক যে আওকাণ কৰি আহিছে। ইয়াৰ বহু উদাহৰণ আছে। চৰকাৰখনে নিজৰ মইমতালিৰে, য’তে ইচ্ছা তাতে কাম কৰে। তাত কাৰো ক্ষতিলৈ লক্ষ্য কৰা নহয়, যিটো দুর্ভাগ্যজনক বুলি তেওঁলোকে মন্তব্য কৰে।সমান্তৰালভাৱে সভাত ভেটাপাৰা প্ৰগতিশীল মঞ্চৰ সভাপতি জগন্নাথ দাসে আবাসিক তথা নামঘৰ, মন্দিৰ, মছজিদ, কবৰস্থান আদিৰে ভৰি থকা অঞ্চলটোত ডাম্পিং গ্রাউণ্ড স্থাপনৰ বিৰোধিতা কৰি এই সিদ্ধান্ত প্রত্যাহাৰৰ দাবী জনায়।
একেদৰে বৃহত্তৰ হাতীগাঁও-সিজুবাৰী- ভেটাপাৰা-ঘোঁৰামাৰা-বৰসজাই-নটবমা যৌথ ঐক্যমঞ্চৰ সভাপতি অশোক দাসে
কয় যে আজি কিছুদিনৰ পৰা উক্ত স্থানত আৱৰ্জনা পেলাই পৰিৱেশ দূষিত কৰি পেলোৱা হৈছে। ফলত বহুলোক ৰোগাক্রান্তহৈছে। পাছত এতিয়া পৌৰ নিগমে স্থায়ীভাবে সেই স্থানত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰিছে। এয়া জনস্বাস্থ্যৰ প্রতি চৰম ভাবুকি আৰু এনে হঠকাৰী সিদ্ধান্ত কার্যকৰী হ’বলৈ দিয়া নহ’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।
তদুপৰি মহানগৰ উন্নয়ন সমিতিৰ সম্পাদক বীৰেন শর্মাই আৱৰ্জনা নিষ্কাসনৰ বাবে আধুনিক বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিবলৈ চৰকাৰকদাবী জনায়। একেদৰে পৌৰ নিগমৰ ৪২ নম্বৰ ৱাৰ্ডৰ পাৰিষদ মাছুমা বেগম, স্থানীয় ব্যক্তিসকল ক্রমে ৰবীন বড়ো, দিলোৱাৰ হুছেইন মজুমদাৰ, দীলিপ কুমাৰ , মিলন বড়ো, পখিলা কলিতা, স্বপ্না ৰায়মেধি আদিয়ে সভাত ভাষণ দি আৱাসিক তথা ধর্মীয় অনুষ্ঠান থকা স্থানত ডাম্পিং গ্রাউণ্ড স্থাপনৰ তীব্ৰ বিৰোধিতা কৰে।
সভাত স্থানীয় গাঁওপ্রধান জামাল ৰহমান,অধিবক্তা আব্দুৰ ৰেজ্জাক আদি বহুসংখ্যক লোকে অংশগ্রহণ কৰে আৰু সকলোৱে সভাৰ মাজতে ডাম্পিং গ্রাউণ্ড বিৰোধী বিভিন্ন শ্ল’গানৰে সভাস্থলী মুখৰিত কৰি তোলে। পাছত মুখ্যমন্ত্রীলৈ এখন স্মাৰকপত্র প্রদান কৰে স্থানীয় লোকসকলে।
আনহাতে এই স্মাৰকপত্ৰ দিয়াৰ পিছতো যদি চৰকাৰে সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে তেন্তে ৰাইজে ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিব বুলি জানিব পৰা গৈছে ৷



































