Road Block in kakapathar:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাত ৷ শোকাৱহ পথ দুৰ্ঘটনাত বহুজনে হেৰুৱাইছে প্ৰাণ। এক শোকাৱহ পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তিনিচুকীয়াৰ কাকপথাৰত পথ অৱৰোধ ৷ক্ষুব্ধ ৰাইজে ৰাজপথত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ কৰেকৰে৷ মৃত দুজন যুৱকৰ পৰিয়ালৰ ন্যায় আৰু আাৰ্থিক সাহায্য দিয়াৰ লগতে দুৰ্ভগীয়া পৰিয়ালৰ লোকৰ সংস্থাপন দাবী কৰে প্ৰতিবাদকাৰীয়ে ৷
উল্লেখ্য যে লাজুমত নিশা এখন তীব্ৰবেগী বলেৰ’ৰে পথৰ দাঁতিত এখন বাইকৰ স’তে দুই যুৱক ৰৈ থকা সময়তে মহতিয়াই নিয়ে। ফলত ঘটনাস্থলীত মৃত্যু হয় দুই যুৱকৰ ৷ মৃত যুৱক দুজন হ’ল তেজী গাঁৱৰ শশাংক মৰাণ আৰু কাকপথাৰৰ প্ৰাণজিৎ দাস ৷ শশাংক মৰাণ এজন ভাল ফুটবল খেলুৱৈ হোৱাৰ লগতে কাকপথাৰ ফুটবল ক’চিং চেন্টাৰৰ গ’লকীপাৰ আছিল ৷
আনহাতে ডুমডুমা আৰক্ষীয়ে সুৰামত্ত অৱস্থাত থকা বলেৰ খনৰ চালকৰ আটক কৰাৰ লগতে বলেৰ’ খন জব্দ কৰিছে ৷






























