Bihar: যোৱা কেইবছৰমানৰ পৰা বিহাৰত সঘনাই দলং ভাঙি পৰাৰ ঘটনা সংঘটিত হৈছে। পুনৰ বাৰিষা আৰম্ভ হোৱাৰ লগে লগে দলং বিহাৰত ভাঙি পৰিল দলং ।
এইবাৰ সহাৰছা জিলাৰ পথাৰঘাট ব্লকত নদীৰ ওপৰৰ এখন পুৰণি দলং ভাঙি পৰিল।ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দলংখন ভাঙি যোৱাৰ ফলত অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে।
হঠাতে দলংখন ভাঙি পৰাৰ ফলত অস্বস্তিত পৰিছে প্ৰশাসন।স্থানীয় সূত্ৰৰ অনুসৰি, বুধবাৰে এখন কুঁহিয়াৰ ভৰ্তি ট্ৰেক্টৰ দলংখনৰ ওপৰেৰে যোৱাৰ সময়তে দলঙখন ভাঙি পৰে।সেই সময়ত দলংখনত আন কোনো গাড়ী বা মানুহ নাছিল। ফলত কোনো ডাঙৰ দুৰ্ঘটনা সংঘটিত নহ’ল।
কিন্তু হঠাৎ কিয় ভাঙি পৰিল দলঙখন ?
তথ্য অনুসৰি, দলংখন ২০-২৫ বছৰ পুৰণি। বহু ঠাইত ফাট মেলিছিল। দলঙখন অৱস্থা শোচনীয় আছিল । যদিও ইয়াৰ মেৰামতিৰ প্ৰয়োজন আছিল, স্থানীয় প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল।
যি কাৰণেই হঠাৎ এই দলংখন ভাঙি পৰে বুলি অনুমান কৰা হয়। এইয়ে প্ৰথম নহয়, বিহাৰত বিগত বছৰ একেৰাহে ১৩ দিনত ছখন দলং ভাঙি পৰে । ইয়াৰ ফলত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।






























