Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ অচিলা লৈ মহানগৰীত ডকাইতি কাণ্ড সংঘটিত কৰাৰ পৰিকল্পনাৰে মহানগৰীত বাহৰ পাতি থকা বিহাৰৰ ২ কুখ্যাত ডকাইত আৰক্ষীৰ জালত পৰে ৷
ADVERTISEMENT
মহানগৰ আৰক্ষীৰ এডিচিপি বিৰিঞ্চি বৰাৰ নেতৃত্বত আৰক্ষীৰ দলে গোপন সূত্ৰৰ পমখেদি আটক কৰে বিহাৰৰ দুই দুৰ্ধৰ্ষ ডকাইতক ৷ ধৃত ডকাইত কেইটা হ’ল মুৰাৰী কুমাৰ সিং আৰু বিকাশ কুমাৰ সিং ৷ উল্লেখ্য যে ধৃত ডকাইত দুটাৰ বিৰুদ্ধে বিহাৰৰ কে’বা খনো থানাত ৰজু আছে বিভিন্ন অপৰাধৰ গোচৰ । আনকি দুই ডকাইতে পূৰ্বতেও গহনা দোকান আৰু এক্সিড বেংকত লুটপাত চলাইছিল।






























