Odisha:
উৰিষ্যা কটকৰ ৰেভেঞ্চ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সৌজন্যত আই. কিউ.এ.চি. নগাঁও ছোৱালী মহাবিদ্যালয়,নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ) ক্ৰমে হিন্দী আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগীতাত আয়োজিত “সাৰ্বজনীন প্ৰেক্ষাপটত ভক্তি সাহিত্য” শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰত “আই কনকলতা মহিলা তীৰ্থ,অসম”ৰ মহিলা সজাতি দলে অংশ গ্ৰহণ কৰে।
আলোচক্ৰৰ দুয়োদিনাই “আই কনকলতা মহিলা তীৰ্থ অসম”ৰ সভানেত্ৰী ডলী গোস্বামীৰ সভাপতিত্বত ৭আৰু ৮ জুলাইত কোটাক ৰেভেঞ্চ বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত শ্ৰী মন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাৰ উল্লেখনীয় এটি বিষয় “সাৰ্বজনীন প্ৰেক্ষাপটত ভক্তি সাহিত্য”ৰ ওপৰত হোৱা আলোচনা চক্ৰৰ আৰম্ভণিতে নগাঁও মহাবিদ্যালয়(স্বতন্ত্ৰ) হিন্দী বিভাগৰ মুৰব্বী অধ্যাপিকা ড: কৰবী দেবীয়ে বৰগীত পৰিবেশন কৰে আৰু উদেশ্য তথা উদ্বোধনী ভাষণ আগবঢ়াই আই কনকলতা মহিলা তীৰ্থ অসমৰ সাধাৰণ সম্পাদিকা তথা নগাঁও ছোৱালী মহাবিদ্যলয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড: অমিয়া পাটৰে।ৰেভেঞ্চ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপিকা কৃষ্ণপদ দাসে আত ধৰা আলোচনা চক্ৰ খনিত দেশৰ ডেৰ শতাধিক গৱেষক-গৱেষিকা, অধ্যাপক- অধ্যাপিকা, মাজুলি গড়মুৰ সত্ৰৰ ছাত্ৰ-ছাত্ৰীৰ উপৰিও আই কনকলতা মহিলা তীৰ্থ অসমৰ ক্ৰমে উপ-সভানেত্ৰী তথা নগাঁও পণ্ডিত গোপীনাথ বৰদলৈ হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অনুকোঁৱৰ সিংহ,ইণ্ডিয়ান পযেটিক চচাইটিৰ উপ-সভানেত্ৰী আই মণি ভূঞা,সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সাধাৰণ সম্পাদিকা তেজপুৰৰ মনোমতি কুৰ্মী, হাটীচোং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° কবিতা বৰা,নগাঁও মহাবিদ্যালয়(স্বতন্ত্ৰ)ৰ অতিথি অধ্যাপিকা নিজৰা শইকীয়া, ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপিকা ড: সংঙ্গীতা বৰা,হিন্দী বিভাগৰ মুৰব্বী অধ্যাপিকা ড° কৰবী দেৱী আৰু অসমীয়া বিভাগৰ অধ্যাপিকা যোৰহাটৰ ড: মৌচুমী খাউণ্ডেও অংশ গ্ৰহণ কৰে |
খনিৰ আন্তঃৰাষ্ট্ৰীয় আলোচক্ৰৰ সামৰণি অনুষ্ঠানত মাজুলি গড়মুৰ সত্ৰৰ শিল্পী সকলে সত্ৰীয়া শিল্প-কলা আৰু ৰেভেঞ্চ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা উৰিষ্যৰ লোক- সংস্কৃতি প্ৰদৰ্শন কৰে।






























