Shubhanshu Shukla:✒️আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ত আৰম্ভ হৈছে প্ৰস্তুতি। সোমবাৰে তাৰ পৰা পৃথিৱীলৈ ৰাওনা হ’ব সুভাংশু শুক্লা আৰু তেওঁৰ তিনিজন সংগী।
আৰম্ভ হ’ব ড্ৰেগন মহাকাশযানখনৰ আনডকিং প্ৰক্ৰিয়া । সকলো ঠিকে থাকিলে মঙলবাৰে কেলিফৰ্ণিয়াৰ উপকূলত অৱতৰণ কৰিব মহাকাশযানখন।
ইয়াৰ পাছত মহাকাশচাৰীসকল সাত দিনলৈ তীক্ষ্ণ নিৰীক্ষণত থাকিব।বিগত ২৬ জুনত এক্সিয়াম-৪ অভিযানত আই এছ এছত ভৰি দিছিল সুভাংশু আৰু তেওঁৰ তিনি সহযোগী ।
সম্প্ৰতি নাছাই এক বিবৃতিত জনাইছে,সোমবাৰে বিয়লি ৪:৩৫ বজাত (ভাৰত সময় অনুসৰি) আই এছ এছৰ পৰা এই চাৰিজন মহাকাশচাৰীয়ে ৰাওনা হ’ব।
ইলন মাস্কৰ স্পেচএক্সৰ দ্বাৰা নিৰ্মিত ড্ৰেগন মহাকাশযানখন আনডকিং প্ৰক্ৰিয়াৰ অন্তত মঙলবাৰে বিয়লি তিনি বজাত (ভাৰতীয় সময় অনুসৰি) কেলিফৰ্ণিয়া উপকূলত উপস্থিত হ’ব বুলি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ঘোষণা কৰিছে।
ইছৰ’ৱে জনাইছে, “স্প্লেছডাউনৰ পাছত সুভাংশুক নিবিড়ভাৱে নিৰীক্ষণ কৰা হ’ব। এই প্ৰক্ৰিয়াটো সাত দিনলৈ উৰণৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ তত্বাৱধানত চলি থাকিব, যাতে তেওঁলোকে পৃথিৱীৰ মাধ্যাকৰ্ষণৰ লগত খাপ খাব পাৰে।”
ইছৰ’ই জনাইছে যে সুভাংশু আই এছ এছত থকা দিনকেইটাত ইছৰোৰ ফ্লাইট চাৰ্জনে তেওঁৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত নজৰ ৰাখি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে তেওঁক পৰামৰ্শ দিছিল।






























