Pabitra Margherita:✒️কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মৰ্ঘেৰিটাই লেছথ’ ভ্ৰমণকালত দেশখনৰ ৰাজধানী মাচেৰুত লেছথ’ৰ মহাৰজা লেষ্টি তৃতীয় আৰু দেশখনৰ প্ৰধানমন্ত্ৰী ছেমুৱেল চোকোৱানে মাতেকানেক সাক্ষাৎ কৰে।
ADVERTISEMENT
তদুপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ভাৰত আৰু লেছথ’ৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অধিক গাঢ় কৰাৰ লক্ষ্যৰে গঠনমূলক আলোচনাতো অংশগ্ৰহণ কৰে।
এই আলোচনাকালত উভয় দেশৰ বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিকাৰক আৰু পৰস্পৰৰ স্বাৰ্থ জড়িত বিষয়সমূহক গুৰুত্ব প্ৰদান কৰা হয়।






























