✒️নলবাৰী জিলাৰ ৩৯ নং নলবাৰী বিধান সভা সমষ্টিৰ ঘগ্ৰাপাৰ হাইৱে চ’কৰ পৰা ঘগ্ৰাপাৰ- তামুলপুৰ পথটোত সম্প্ৰতি ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাৰ লগতে একাঁঠু পৰ্যন্ত পানী হোৱাৰ ফলত ছাত্ৰ-ছাত্ৰী তথা পথচাৰীয়ে দুৰ্ভোগ ভুগিব লগা হৈছে।
উল্লেখ যে বৰষুণ দিলে পথটোৰ পৰা ঠায়ে ঠায়ে পানী ওলাই যাবলৈ কোনো ব্যৱস্থা নথকাৰ লগতে স্থানীয় যান- বাহনৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা গধূৰ যান- বাহন অতি মাত্ৰাত চলাচল কৰাৰ ফলত পথটো এনেদৰে বিধ্বস্ত হোৱা বুলি স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে।
আনকি ভূটানৰ যান- বাহন ওৰে নিশা চলাচল কৰাৰ পৰিপ্ৰেক্ষিতত টোপনি যোৱাৰ পৰিৱেশ নাথাকে বুলিও পথটোৰ কাষত বসবাস কৰা লোক সকলে সদৰী কৰে ৷ ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ঘগ্ৰাপাৰ চ’কৰ সমীপৰ পৰাই পথটো চটাচটে এৰাই যোৱাৰ লগতে মাজে মাজে পথটোত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে ৷
নলবাৰী জিলাৰ লোক নিৰ্মাণ বিভাগৰ অন্তৰ্গত ঘগ্ৰাপাৰ-তামুলপুৰ পথটোৰ বিধ্বস্ত ৰূপে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে পথচাৰী ৰাইজক দুৰ্ভোগ ভোগাই আহিছে যদিও ঊৰ্ধতন কৰ্তৃপক্ষই অলপো গুৰুত্ব দিয়া নাই বুলি ৰাজহুৱা অভিযোগ উঠিছে।
উল্লেখ্য যে বাৰিষা অহাৰ লগে লগে উক্ত পথটো এনেদৰে এৰাই যোৱাৰ ফলত এজাক বৰষুণ দিলে পথটোৰ ঠায়ে ঠায়ে পানী জমা হৈ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাত ছাত্ৰ-ছাত্ৰীকে ধৰি পথচাৰীয়ে চলাচল কৰাৰ ক্ষেত্ৰত যন্ত্ৰণা ভুগিব লগা হৈছে বুলি আক্ষেপ প্ৰকাশ কৰিছে।
আনহাতে পথটোৰ কাষত বাস কৰা কিছু সংখ্যক পৰিয়ালে বৰষুণৰ ফলত পথটোত জমা হোৱা পানী ভাগ ওলাই যাবলৈ ব্যৱস্থা কৰি নিদিয়াৰ ফলতো এনেদৰে পানী জমা হৈ থকা পথটোৰে যান বাহন চলাচল কৰিলে সোনকালে পথটো জৰাজীৰ্ণ হৈ পৰে বুলিও সদৰী কৰে ৷
তদুপৰি নিজৰ নিজৰ ঘৰৰ সন্মুখৰ পথত জমা হোৱা পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগিব বুলিও মত ব্যক্ত কৰে ৷ এইক্ষেত্ৰত স্থানীয় প্ৰশাসনে নিৰ্বিকাৰ ভুমিকা গ্ৰহণ কৰি আহিছে বুলি খেদ প্ৰকাশ কৰে ৷
প্ৰায় দুইবছৰ পূৰ্বে উক্ত পথটো লোক নিৰ্মাণ বিভাগে মেৰামতি কাৰ্য সম্পন্ন কৰিছিল যদিও ঠিকাদাৰৰ কামৰ নিম্নমানদণ্ড আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ মাত্ৰাধিক সৰু বৰ যান- বাহন চলাচলৰ বাবে ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে । ইফালে উক্ত পথটোৰ কাষতে কেইবাখনো চৰকাৰী-বেচৰকাৰী স্কুল থকাৰ পৰিপ্ৰেক্ষিতত স্কুললৈ আহ- যা কৰাৰ ক্ষেত্ৰত নিতৌ ছাত্ৰ-ছাত্ৰীয়ে নৰক-যন্ত্ৰণা ভুগিব লগা হৈছে ৷
পথটোৰ ঘগ্ৰাপাৰ হাইৱে চ’কৰ সমীপৰ পৰাই বখলা বখলে এৰাই গাঁতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ টেঙাবাৰী, পোনৰকাউনীয়া, বৰাজোল, ভিঠামহল, খাটিকুছি, সোনকুৰিহা আদিকে ধৰি পথটোৰ ভিন্ন স্থানত মাজে মাজে এনেদৰে বিধ্বস্ত হোৱাত যাতায়তৰ ক্ষেত্ৰত ভীষণ অসুবিধাৰ সৃষ্টি হৈছে। ইফালে পথছোৱাৰ দুয়ো কাষত ঘগ্রাপাৰ হাইৱে চ’কৰ পৰা ঘগ্রাপাৰ শংকৰদেৱ শিশু নিকেতনৰ কাষলৈ নলবাৰী সমষ্টিৰ তদানীন্তন বিধায়ক অশোক শৰ্মাৰ দিনত কেবাকোটি টকীয়া নলাৰ ব্যবস্থা কৰিছিল যদিও আজি ভোকোভাওনাত পৰিণিত হৈছে।
শেহতীয়াকৈ নলা দুয়োটিৰে পানী চলাচল কৰা বন্ধ হোৱাৰ উপৰিও ঠায়ে ঠায়ে ভাঙি-ছিঙি মৃত্যুৰ উপত্যকা লৈ উপক্রম হৈছে। স্হানীয় ৰাইজে জানিব দিয়া মতে এই নলাত পৰি সঘনে দুৰ্ঘটনা সংঘটিত হৈ আহিছে যদিও নলবাৰীৰ বিষাগোম লোক নিৰ্মাণ বিভাগে মুঠে গুৰুত্ব দিয়া নাই। আনকি পথছোৱাৰ বিধ্বস্ত ৰূপ দুৰ কৰাটো মুঠে গুৰুত্ব দিয়া নাই বুলি ঘগ্রাপাৰ আঞ্চলিক ছাত্র সন্তান, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ,ঘগ্রাপাৰ আঞ্চলিক সমিতিৰ উপদেষ্টা নৱজ্যোতি কলিতাই অভিযোগ উখাপন কৰিছে।






























