Nalbari:
উচ্চ শিক্ষা গ্ৰহণৰ পিছতো চাকৰিৰ আশাত ৰৈ নাথাকি কৃষি কৰ্মক উপাৰ্জনৰ অন্যতম মাধ্যম হিচাপে গ্ৰহণ কৰি স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে নলবাৰীৰ এগৰাকী উদ্যমী যুৱকে। কমাৰকুছি কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত উখৰা গাঁৱৰ বিজ্ঞান শাখাৰ স্নাতক ডিগ্ৰীধাৰী ৰাতুল ডেকাই নিজৰ কৰ্মনিষ্ঠা আৰু আধুনিক কৃষি পদ্ধতিৰে কৃষি ক্ষেত্ৰত এক নতুন সম্ভাৱনাৰ সৃষ্টি কৰিছে।
পৰিয়ালৰ আৰ্থিক দৈন্যতাৰ মাজতো সুখ্যাতিৰে বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰা ৰাতুলে পৰৱৰ্তী সময়ত কৃষিকেই জীৱিকাৰ পথ হিচাপে বাচি লয়। স্বৰ্গীয় সিদ্ধেশ্বৰ ডেকাৰ সুসন্তান ৰাতুলে পৈতৃকভাৱে লাভ কৰা প্ৰায় ১৫ বিঘা মাটিত ধান খেতি কৰাৰ লগতে ৪-৫ বিঘা মাটিত সৰিয়হ, ৰঙালাও আৰু বিশেষকৈ গুটি আলুৰ খেতি কৰি আহিছে।
ৰবি শস্যৰ বতৰত গুটি আলুৰ খেতিৰ জৰিয়তে স্থানীয় বজাৰত উৎপাদিত সামগ্ৰী বিক্ৰী কৰি প্ৰায় ৬০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁ। কৃষি উন্নয়ন বিষয়া ইমন জ্যোতি দাস আৰু কৃষি সম্প্ৰসাৰণ সহায়কৰ দিহা-পৰামৰ্শ অনুসৰি কৃষি কৰ্ম আগবঢ়াই বছৰি প্ৰায় ৪ লাখ টকা উপাৰ্জন কৰি চাৰিজনীয়া পৰিয়ালটো সুচাৰুৰূপে চলাই আহিছে।
কৃষি বিভাগৰ সহযোগত পাম্প ছেটসহ মিনি স্প্ৰিংকলাৰ লাভ কৰাৰ উপৰিও ৰাতুলে সমূহীয়া কঠিয়াতলী প্ৰস্তুত কৰি বানেগৰকা নলবাৰী জিলাৰ বিভিন্ন অঞ্চলৰ কৃষকক কঠিয়া যোগান ধৰি আহিছে।
কৃষি ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতি স্বৰূপে ৮০তম স্বাধীনতা দিৱসৰ দিনা নলবাৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হাতেৰে ৰাতুল ডেকাই ‘প্ৰগতিশীল কৃষক’ৰ বিশেষ বঁটা লাভ কৰে। ৰাতুলৰ এই সফলতাই শিক্ষিত যুৱ সমাজক কৃষিৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে কৃষিক এক সম্ভাৱনাময় আৰু সন্মানজনক জীৱিকাৰ পথ হিচাপে গ্ৰহণ কৰাৰ বাবে উৎসাহ যোগাইছে।



































