Urimaghat Eviction Drive:
গোলাঘাট জিলাৰ সৰুপথাৰৰ উৰিয়ামঘাটত আজিৰে পুনৰ আৰম্ভ হয় উচ্ছেদ অভিযান ৷ ৰেংমা বনাঞ্চলৰ ২,৫০০ বিঘা বন ভুমি বেদখল মুক্ত কৰাৰ লক্ষ্যৰে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান আৰম্ভ কৰে প্ৰশাসনে ৷
ADVERTISEMENT
পুৱা ১০ বজাত আৰম্ভ হোৱা উচ্ছেদ অভিযান চলে ১নং মধুপুৰ, ৰানা নগৰ, হাতীডুবী, বিষ্ণুপুৰ, কৃষ্ণপুৰ আৰু হালধিবাৰী অঞ্চলত ৷ প্ৰশাসনৰ বুলড’জাৰে এফালৰ পৰা ভাঙি যায় বেদখলকাৰীৰ বাসগৃহ ৷ উচ্ছেদস্থলীত কে’বাশ আৰক্ষী- অৰ্ধ সামৰিক মোতায়েন কৰা হয় ৷






























