Nalbari:
নলবাৰী জিলাৰ ৩৯ নং নলবাৰী বিধান সভা সমষ্টিৰ ঘগ্রাপাৰৰ গুৱাকুছিত ১৮ টা আত্মসহায়ক গোটৰ প্রায় ডেৰ শতাধিক মহিলাই নাম নথকাত আজি ৰাজপথলৈ ওলাই আহি এক প্রতিবাদ সাব্যস্ত কৰে ৷
আজি গুৱাকুছি গাঁৱৰ এই সকল মহিলাই দলে বলে ৰাজপথলৈ ওলাই দালালৰাজ বন্ধ কৰক,বিজেপি চৰকাৰ হায় হায়,বুথ বিজেপিত আচনিৰ নাম কৰ্তন কৰা বন্ধ কৰক আদি চৰকাৰী বিৰুদ্ধে শ্লোগান দি আকাশ বতাহ কপাই তোলে।
উল্লেখ যে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আচনিৰ চেক বিতৰণ অনুষ্ঠানৰ পূৰ্বে ঘগ্রাপাৰৰ গুৱাকুছিত এইদৰে ক্ষোভিত হৈ পৰে একাংশ মহিলা। আঁচনিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি দলেবলে ওলাই আহিল মহিলা । ১৮নং.শিলপোটাবড়ী-লাটিমা পঞ্চায়তৰ গুৱাকুছি গাৱৰ এই আচনিৰ পৰা বঞ্চিত মহিলাই নলবাৰী মেডিকেল কলেজ ৰোড গুৱাকুছি-শিলপোবড়ী চ’ক পথত সাব্যস্ত কৰে প্ৰতিবাদ।
উল্লেখ্য যে অহা ২২ আগষ্টত নলবাৰীৰ ঘগ্রাপাৰত মুখ্যমন্ত্রী মহিলা উদ্যমিতা আচনিৰ চেক বিতৰণ কৰিবলৈ আহিব। কিন্তু আজি তাৰ পুৰ্বে এই আচনিৰ পৰা বঞ্চিত মহিলাসকলে প্রতিবাদ সাব্যস্ত কৰে ৷






























