Rekha gupta:✒️শুনানিৰ সময়ত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক আক্ৰমণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় ৰাজেশ ভাই খিমজী ভাই সাক্ৰিয়াৰ। সূত্ৰ অনুসৰি সাক্ৰিয়াৰ এই পৰিকল্পনা চুলিত চৰ মৰা বা চুলি টনাতকৈ অধিক ভয়ংকৰ আছিল।
তদন্তত প্ৰকাশ পাইছে যে ৰাজেশে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চুৰিৰে আক্ৰমণ কৰিব বিচাৰিছিল। বিগত ২০ আগষ্টত ৰেখা গুপ্তাৰ ওপৰত আক্ৰমণ হয়।
গুজৰাটৰ ৰাজকোটৰ বাসিন্দা ৪১ বছৰীয়া সাক্ৰিয়াই আৰক্ষীক জনোৱা মতে, দিল্লীৰ পৰা পথৰ কুকুৰ আঁতৰোৱাৰ নিৰ্দেশ শুনি ৰাজেশে খঙত দিকবিদিক হেৰুৱাই পেলায়। তেওঁ মুখ্যমন্ত্ৰী পৰামৰ্শ ল’বলৈ যায় । ৰাজেশৰ অভিযোগ, মুখ্যমন্ত্ৰীয়ে তেওঁক আওকাণ কৰাত তেওঁ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰে।
আৰক্ষীৰ সূত্ৰ অনুসৰি ৰাজেশ ভাই খিমজীয়ে প্ৰথমে মুখ্যমন্ত্ৰীক চুৰিৰে আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল। অৱশ্যে ৰেখা গুপ্তাৰ ঘৰৰ বাহিৰত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা দেখাৰ পাছত তেওঁ পৰিকল্পনা সলনি কৰে।
ইয়াতেই শেষ নহয়, তদন্তকাৰীৰ আগত সাক্ৰিয়াই কয় যে তেওঁও দিল্লীৰ মুখ্যমন্ত্ৰীৰ ঘৰলৈ যোৱাৰ আগতে উচ্চতম ন্যায়ালয়লৈ গৈছিল। কিন্তু আদালতৰ বাহিৰত কটকটীয়া নিৰাপত্তা দেখি ঘূৰি আহিছিল। ইয়াৰ পাছত তেওঁ ৰেখা গুপ্তাক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল বুলি তেওঁৰ অভিযোগ ।






























