Bomb blast:✒️কটকটীয়া নিৰাপত্তা ব্যূহৰ মাজত থকা দিল্লীৰ বিশ্ববিখ্যাত লালকিল্লাৰ ওচৰত সন্ত্রাসবাদীয়ে কালি সন্ধিয়া এক ভয়াৱহ বিস্ফোৰণ ঘটাই কমেও ৪০ জন লোকক হতাহত কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি প্ৰশ্নবোধক চিহ্নদ্ৰ সৃষ্টি হৈছে। ঘড়ীত সময় তেতিয়া সন্ধিয়া ৬-৫৫ বাজিছিল। স্থান হ’ল বছৰটোৰ সকলো সময়তে দেশী-বিদেশী পর্যটকবে ঠাহ খাই থকা পুৰণি দিল্লীৰ লালকিল্লা মেট্ৰ’ৰেল ষ্টেচনৰ এক নম্বৰ প্ৰৱেশদ্বাৰৰ ওচৰৰ স্থান।
সন্ধিয়া এই স্থান প্রাণোচ্ছল হৈ উঠাৰ সময়তে হঠাতে এক বৃহৎ বিস্ফোৰণৰ শব্দই চৌপাশ জোঁকাৰি যায়। লগে লগে শব্দ ভাহি অহাৰ স্থানত প্রচণ্ড জুই দেখা গ’ল। এই জুয়ে মুহূৰ্তৰ ভিতৰতে কে’বাখনো যান-বাহনক আগুৰি ধৰে। দপদপাই জুলি উঠে বহু যান-বাহন। ফলত কম-বেছি পৰিমাণে অগ্নিদগ্ধ হয় কমেও ৪০ জন লোক। বাতৰি লিখা পৰলৈকে ইয়াৰে কমেও ১০ জনৰ মৃত্যু হৈছে। প্রত্যক্ষদর্শীৰ মতে থিতাতে এজন লোক জুলি ছাই হয়। আন এজন লোকৰ এখন ছিঙা হাত পথত পৰি থকা অনেকে প্রত্যক্ষ কৰে। একাংশৰ মতে জুয়ে এখন মেট্র’ ৰেলকো স্পৰ্শ কৰে।
সূত্ৰৰ মতে, এই বিস্ফোৰণ আৰু অগ্নিকাণ্ডত কমেও নজন লোকৰ প্ৰাণহানি ঘটাৰ লগতে ২৪ জনৰো অধিক আহত হয়। স্বাভাৱিকতে উচ্চ নিৰাপত্তা ব্যূহৰ মাজত থকা এই স্থানত সংঘটিত বিস্ফোৰণে কেন্দ্ৰীয় চৰকাৰৰ বৰঘৰত জোঁকাৰণি তোলে। কিছু সময়ৰ ভিতৰতে ঘটনাস্থলীত দিল্লী আৰক্ষীৰ সন্ত্রাসবাদ প্ৰতিৰোধ গোট আৰু দিল্লী আৰক্ষীৰ বিশেষ কোষৰ উপৰি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (এনআইএ) আৰু ৰাষ্ট্ৰীয় সুৰক্ষাৰক্ষী (এনএছজি)ৰ দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
ইয়াৰ পূৰ্বে ঘটনাস্থলীত উপস্থিত হয় অগ্নিনির্বাপক বাহিনীৰ কমেও ২০ খন গাড়ী। এই গাড়ীসমূহে কমেও এঘণ্টা ধৰি চেষ্টা চলাইহে দদপাই জ্বলি উঠা জুই নুমুৱাবলৈ সক্ষম হয়। অগ্নিকাণ্ড সন্ধিয়া ৭-২৯ বজাত নিয়ন্ত্রণলৈ আহে বুলি দিল্লী অগ্নিনির্বাপক বাহিনীৰ উপ-মুখ্য বিষয়া এ কে মালিকে প্রকাশ কৰিছে।
ঘটনা সন্দৰ্ভত অগ্নিনির্বাপক বাহিনীৰ শীর্ষ বিষয়াজনে কয়, ‘লালকিল্লা মেট্ৰ’ৰেল ষ্টেছনৰ ওচৰত এক বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ পাই আমি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হওঁ। সন্ধিয়া ৭-২৯ বজাত জুই নিয়ন্ত্রণলৈ অনা হয়।’ জুইৰ কৱলত পৰা গাড়ী-মটৰসমূহৰ পৰা ওলোৱা ধোঁৱাই কুণ্ডলী পকাই আকাশ ছানি ধৰে। স্বাভাৱিকতে ঘটনাস্থলীত বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত উপস্থিত থকাসকলৰ মাজত দৌৰা-ঢপৰা লাগে। যিয়ে যেনি পাৰে সেই মতে দৌৰিবলৈ ধৰে। উল্লেখ্য যে বিস্ফোৰণ সংঘটিত এই স্থানৰ পৰা মাথোঁ কেইশমান মিটাৰ দূৰত্বত বিখ্যাত গুৰুদ্ধাৰ ছিছগঞ্জ চাহিব আৰু ১.১ কিলোমিটাৰ দূৰত্বত জামা মছজিদ অৱস্থিত। বিস্ফোৰণৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত বহুসংখ্যক এম্বুলেন্স উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে। স্বাভাবিকতে সন্ত্রাসবাদীৰ এই ভয়াৱহ কুটাঘাতে সমগ্ৰ দিল্লীত আতংকৰ সৃষ্টি কৰিছে। এই বিস্ফোৰণ আত্মঘাতী বোমাৰুৰ দ্বাৰা সংঘটিত হোৱা বুলিও একাংশই সন্দেহ কৰিছে।
চিকিৎসালয়ত ভৰ্তি কৰাৰ পূৰ্বে আঠজনৰ মৃত্যু
লালকিল্লা মেট’ ৰেল ষ্টেচনৰ ওচৰত সংঘটিত এই ভয়াৱহ বিস্ফোৰণ তথা অগ্নিকাণ্ডত আহতসকলৰ ১৫ জনক নিকটৱৰ্তী লোকনায়ক জয়প্রকাশ নাৰায়ণ হাস্পতালত ভর্তি কৰা হয়। চিকিৎসালয়ত ভৰ্তি কৰাৰ পূৰ্বে আঠজন আহত লোকৰ মৃত্যু হয় বুলি সূত্রই জনায়। তদুপৰি তিনিজনৰ অৱস্থা সংকটজনক হৈ আছে। গতিকে সন্ত্রাসবাদীৰ এই ভয়াবহ কূটাঘাতত প্রাণহানি ঘটা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে।
লাহে লাহে চলি থকা গাড়ীত বিস্ফোৰণ: নিৰাপত্তা বিষয়া দিল্লী মেট্র’ ৰেল ষ্টেচনৰ এক নম্বৰ প্ৰৱেশদ্বাৰৰ ওচৰত আজি সন্ধিয়া সংঘটিত ভয়াৱহ বিস্ফোৰণৰ ইতিমধ্যে তদন্ত আৰম্ভ হৈছে। এখন লাহে লাহে চলি থকা হুণ্ডাই আই-২০ গাড়ীত বিস্ফোৰণটো সংঘটিত হয় বুলি এজন জ্যেষ্ঠ নিৰাপত্তা বিষয়াই সদৰী কৰিছে। অৱশ্যে বাতৰি লিখা পৰলৈকে এই কূটাঘাতত সন্ত্রাসবাদীয়ে কেনে ধৰণৰ বিস্ফোৰক ব্যৱহাৰ কৰিছিল তাৰ তথ্য পোহৰলৈ অহা নাই। ইতিমধ্যে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীয়ে ঘটনাস্থলী আগুৰি ধৰি তদন্ত অব্যাহত ৰাখিছে। ঘটনাস্থলীত ফৰেনচিক বিশেষজ্ঞৰ দলো উপস্থিত হৈছে।
এই বিস্ফোৰণক অতি শক্তিশালী বিস্ফোৰণ বুলি আখ্যা দিছে দিল্লী আৰক্ষীৰ সূত্রই। বিস্ফোৰণৰ ফলত ঘটনাস্থলীত দগ্ধ শৰীৰৰ টুকুৰা সিঁচৰতি হৈ পৰাৰ লগতে ঘটনাস্থলীত বহুসংখ্যক যানবাহন ধ্বংসস্তূপত পৰিণত হয়। ঘটনাস্থলীত এখন চূর্ণাকৃত সৰু গাড়ী, এখন দুৱাৰ জুলা ভান আৰু খিৰিকী ভঙা গাড়ী দেখা গ’ল। এই যানবাহনসমূহৰ ওচৰত মাটিত বাগৰি পৰি আৰ্তনাদ কৰি থকা কে’বাজনো অগ্নিদগ্ধ লোককো প্রত্যক্ষ কৰা হয়।
ঘটনাস্থলী অত্যন্ত জনসমাগমপূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত বিস্ফোৰণ তথা অগ্নিকাণ্ডত ক্ষয়-ক্ষতিৰ পৰিমাণ বৃদ্ধি পালে বুলি ধাৰণা কৰা হৈছে। ইপিনে, এই বিস্ফোৰণৰ পাছতে বাংলাদেশ, নেপাল আৰু পাকিস্তান সীমান্তত কঠোৰ সতর্কতা জাৰি কৰা হৈছে বুলি সূত্রই প্রকাশ কৰিছে।





























