Dhurandhar box office:✒️ৰণবীৰ সিং, অক্ষয় খান্না, সঞ্জয় দত্ত অভিনীত সদ্য মুক্তিপ্রাপ্ত ‘ধুৰন্ধৰ’ ছবিখনে বিশ্বজুৰি বক্স অফিচত ৫০০ কোটি টকাৰ ব্যৱসায় কৰিলে। ১১ দিন পূর্বে মুক্তি লাভ কৰা ছবিখনে দেশৰ বক্স অফিচত প্রায় ৪০০ কোটি টকা ব্যৱসায় কৰিলে।
আন্তর্জাতিক বজাৰতো ‘ধুৰন্ধৰ’-এ ১৩০ কোটি টকাৰ ব্যৱসায় কৰিলে। চলচ্চিত্র বাণিজ্যিক বিশ্লেষকৰ মতে ১০ দিনত ৰণবীৰৰ এইখন ছবিয়ে বিশ্বজুৰি ৫৩০ কোটি টকা সংগ্ৰহ কৰিলে।
স্পাই থ্রিলাৰ ছবি হিচাপে ‘খুৰন্ধৰ’-এ দৰ্শকৰ বিশেষ সঁহাৰি লাভ কৰিছে। আদিত্য ধৰ পৰিচালিত এইখন ছবি সত্য চোৰাংচোৱাৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে। ছবিখনত কৰা অভিনয়ৰ বাবে অক্ষয় খান্না আৰু ৰণবীৰ সিং বিশেষভাবে সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈছে।






























